নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ হাথৰাছৰ গণধর্ষণৰ পিছত বিৰোধী পক্ষৰ তীব্র সমালোচনাৰ সন্মুখীন হোৱা উত্তৰ প্রদেশৰ যোগী আদিত্যনাথ চৰকাৰে ধর্ষিতাৰ পৰিয়ালৰ নিৰাপত্তাৰ বাবে নিশ্ছিদ্র ব্যৱস্থা গ্রহণ কৰিছে৷ স্থানীয় সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি ৰাজ্য চৰকাৰে হাথৰাছৰ গণধর্ষণৰ বলি যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্যসকলক সুৰক্ষাৰ বাবে ঘৰৰ বাহিৰত মোতায়েন কৰিছে আৰক্ষী৷ পৰিয়ালৰ সদস্যসকলৰ নিৰাপত্তাৰ বিষয়টোক প্রাধান্য দি স্থানীয় আৰক্ষীয়ে তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিছে ধর্ষিতাৰ বাসগৃহৰ বাহিৰত৷ অকল সেয়াই নহয়, ধর্ষিতাৰ বাসগৃহৰ বাহিৰত চিচি টিভি কেমেৰাও স্থাপন কৰিছে প্রশাসনে৷ স্মর্তব্য যে উচ্চতম ন্যায়ালয়ে ধর্ষিতাৰ পৰিয়ালৰ সদস্যসকলৰ নিৰাপত্তাৰ দাবীত ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰিছে সেই সন্দর্ভত শীঘ্রে ন্যায়ালয়ক সবিশেষ তথ্য জনোৱাৰ নির্দেশ দিছে৷ ইফালে, ৪ অক্টোবৰত ধর্ষিতাৰ পৰিয়ালৰ সৈতে ক’ভিড প্রট’কল ভংগ কৰি মিলিত হোৱাৰ অভিযোগত আৰক্ষীয়ে দিল্লী আপ বিধায়ক কুলদ্বীপ কুমাৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে৷ আজিও পৰিস্থিতি উত্তপ্ত হৈ থকা হাথৰাছত প্রৱেশৰ প্রচেষ্টা চলোৱা এগৰাকী সাংবাদিকসহ ৪গৰাকী লোকক বেআইনী কাম–কাজ প্রতিৰোধ আইনৰ অধীনত গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷