গুৱাহাটী ষ্টেচনত নকল সোণৰ নাওসহ বহিঃৰাজ্যৰ দুজনক গ্রেপ্তাৰ
নিয়মীয়া বার্তা, ৮ অক্টোবৰঃ গুৱাহাটী ৰে’লৱে ষ্টেচনত কালি পুৱা চৰকাৰী ৰে’ল আৰক্ষীৰ এটা দলে নামনিমুৱা ৰাজধানী এক্সপ্রেছত অভিযান চলাই নকল সোণসহ বহিঃৰাজ্যৰ দুজন লোকক গ্রেপ্তাৰ কৰে৷ ধৃত লোক দুজন মহাৰাষ্ট্রৰ গোপাল সিং আৰু তেওঁৰ পত্নী পূজা সিং বুলি জানিব পৰা গৈছে৷
আৰক্ষী সূত্রই জনোৱা মতে, ধৃত লোক দুজনে তেজপুৰৰ পৰা ৰাজধানী এক্সপ্রেছযোগে নকল সোণেৰে নির্মিত প্রায় ৩০০ গ্রাম ওজনৰ এখন নাও দিল্লীলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল৷ চৰকাৰী ৰে’ল আৰক্ষীয়ে গোপন সূত্রৰ পমখেদি কালি পুৱা প্রায় ৬.৪৫ বজাত গুৱাহাটী ষ্টেচনত নামনিমুৱা ৰাজধানী এক্সপ্রেছত তালাচী চলাই নকল সোণৰ নাওসহ বহিঃৰাজ্যৰ লোক দুজনক কৰায়ত্ত কৰে৷
ঘটনা সন্দর্ভত আৰক্ষীয়ে জি আৰ পি থানাত এটা গোচৰ ৰুজু কৰি ধৃত লোক দুজনক আদালতত হাজিৰ কৰোৱাত কামৰূপ (ম) জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালতে দুয়োজনকে ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ উল্লেখ্য যে উত্তৰ–পূর্বাঞ্চলৰ পৰা দিল্লীলৈ নকল সোণ সৰবৰাহকাৰী চক্রৰ বহু লোকক পূর্বে ৰে’ল আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰিছে৷