নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ ৰাষ্ট্রীয় ঘাইপথত ৮ মাহত ৪০৮টা পথ দুর্ঘটনা, ১১৯জনৰ মৃত্যু, আহত ২৮০

নিয়মীয়া বার্তা, ৮ অক্টোবৰঃ ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে পথ দুর্ঘটনাৰ ঘটনা৷ দুর্ঘটনা প্রতিৰোধৰ বাবে পৰিবহণ বিভাগে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে যদিও গুৱাহাটী মহানগৰীত পথ দুর্ঘটনাৰ সংখ্যা হ্রাস পোৱা পৰিলক্ষিত হোৱা নাই৷ শেহতীয়াকৈ প্রকাশ পোৱা তথ্য অনুসৰি গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা ৰাষ্ট্রীয় ঘাইপথত ভয়াৱহভাৱে পথ দুর্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে৷

বিশেষকৈ গুৱাহাটী মহানগৰীৰ পূব আৰক্ষী জিলা, মধ্য আৰক্ষী জিলা আৰু পশ্চিম আৰক্ষী জিলাৰ অধীনত বিগত ৮টা মাহত সর্বমুঠ ৪০৮টা সৰু–বৰ পথ দুর্ঘটনা সংঘটিত হৈছে৷ এই পথ দুর্ঘটনাত সর্বমুঠ ১১৯জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৮০জন লোক গুৰুতৰভাৱে আহত হৈছে৷ যান–বাহন শাখাৰ আৰক্ষীয়ে প্রকাশ কৰা তথ্য অনুসৰি গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সর্বাধিক পথ দুর্ঘটনা সংঘটিত হৈছে৷

গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা ৰাজ্যিক পথ আৰু উপ–পথতো বহুকেইটা ভয়াৱহ পথ দুর্ঘটনা সংঘটিত হৈছে যদিও ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সর্বাধিক পথ দুর্ঘটনা সংঘটিত হোৱাৰ মূল কাৰণ যান–বাহন আইন উলংঘাৰে চালকে বাহন চলোৱাৰ বাবেই দুর্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি পোৱা বুলি যান–বাহন আৰক্ষীয়ে মতপোষণ কৰিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ মাজতো গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় বহুকেইটা ভয়াৱহ পথ দুর্ঘটনা৷

তথ্য অনুসৰি চলিত বর্ষৰ জানুৱাৰী মাহত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত সর্বমুঠ ৫২টা পথ দুর্ঘটনাত ২২জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৯জন লোক আহত হয়৷ ৰাজ্যিক ঘাইপথত সংঘটিত ৩৪টা পথ দুর্ঘটনাত ৬জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০জন লোক আহত হয়৷ জানুৱাৰী মাহত সংঘটিত সর্বমুঠ ১৩০টা পথ দুর্ঘটনাত ৩০জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬২জন লোক আহত হয়৷ একেদৰে ফেব্রুৱাৰী মাহত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত সর্বমুঠ ৩৫টা পথ দুর্ঘটনাত ১৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৭জন লোক আহত হয়৷

ৰাজ্যিক ঘাইপথত সংঘটিত ৩৩টা পথ দুর্ঘটনাত ৪জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৮জন লোক আহত হয়৷ লকডাউনৰ মাজতে মার্চ মাহত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত ২৬টা পথ দুর্ঘটনাত ৭জনৰ মৃত্যু আৰু ২৫জন আহত হয়৷ ৰাজ্যিক ঘাইপথত সংঘটিত ২৩টা পথ দুর্ঘটনাত ৪জন লোকৰ মৃত্যু আৰু ১৯জন আহত হয়৷ এপ্রিল মাহত ৰাষ্ট্রীয় ঘাইপথত সংঘটিত ৮টা পথ দুর্ঘটনাত ৪জনৰ মৃত্যু আৰু ৩জন লোক আহত হয়৷

মে’ মাহত ৰাষ্ট্রীয় ঘাইপথত সংঘটিত ১২টা পথ দুর্ঘটনাত ৫জনৰ মৃত্যু আৰু ৭জন লোক আহত হয়৷ জুন মাহত ৰাষ্ট্রীয় ঘাইপথত সংঘটিত ২৬টা পথ দুর্ঘটনাত ৯জনৰ মৃত্যু আৰু ১৫জন লোক আহত হয়৷ জুলাই মাহত ৰাষ্ট্রীয় ঘাইপথত সংঘটিত ১৪টা পথ দুর্ঘটনাত ৮জনৰ মৃত্যু আৰু ৬জন লোক আহত হয়৷ আগষ্ট মাহত ৰাষ্ট্রীয় ঘাইপথত সংঘটিত ১৮টা পথ দুর্ঘটনাত ৮জনৰ মৃত্যু আৰু ৯জন লোক আহত হয়৷ গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত পথ দুর্ঘটনাত অকালতে বহু লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷

৩৭নং ৰাষ্ট্রীয় ঘাইপথত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পথ দুর্ঘটনাৰ সংখ্যা হ্রাস কৰাৰ বাবে পৰিবহণ বিভাগ আৰু যান–বাহন আৰক্ষীয়ে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷ উল্লেখ্য যে ২০১৯ বর্ষত গুৱাহাটী মহানগৰীত সর্বমুঠ ৯৩১টা পথ দুর্ঘটনাত ২৪৯জন লোকে প্রাণ হেৰুওৱাৰ লগতে ৮৩৬জন লোহক আহত হৈছিল৷

You might also like