নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেদাৰক তুলাধূনা অনুৰাগীৰ

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ কলকাতা নাইট ৰাইডার্ছৰ বিৰুদ্ধে বুধবাৰে নিশা কেডাৰ যাদৱৰ অত্যন্ত মন্থৰ বেটিঙক চেন্নাই ছুপাৰ কিংছৰ পৰাজয়ৰ মূল কাৰণ আখ্যা দিছে দলটোৰ অনুৰাগীসকলে৷ ৰবীন্দ্র জাদেজা আৰু ড’ৱেইন ব্রেভোতকৈ আগত বেটিং কৰাৰ সুযোগ লাভ কৰা বেটছমেনগৰাকীয়ে ১২টা বলৰ সন্মুখীন হৈ মাত্র ৭ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷

ইয়াৰ ফলত চেন্নাই ছুপাৰ কিংছে জয়ৰ কাষ চাপিও শেষ মুহূর্তত ১০ ৰানত থমকি ৰয়৷ দলটোৰ এই অনাকাংক্ষিত পৰাজয়ৰ পিছতে কেডাৰ যাদৱৰ ওপৰত ক্ষুণ্ণ হৈ পৰে অনুৰাগীসকল৷ ছ’চিয়েল মিডিয়াত তেওঁলোকে বেটছমেনগৰাকীক ক্ষুৰধাৰ সমালোচনাৰে থকা–সৰকা কৰা দেখা গৈছে৷

ইফালে, জাদেজা আৰু ব্রেভোতকৈ যাদৱক আগত বেটিং কৰিবলৈ পঠিওৱা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে চেন্নাই ছুপাৰ কিংছৰ মুখ্য প্রশিক্ষক ষ্টিফেন ফ্লেমিঙে৷ মেচৰ অন্তত এখন সংবাদ মেলত তেওঁ কয় যে স্পীন বলিঙৰ বিৰুদ্ধে যাদৱ এগৰাকী দক্ষ বেটছমেন বাবেই তেওঁক জাদেজা আৰু ব্রেভোতকৈ আগত পঠিওৱা হৈছিল৷ জাদেজাক মেচ ফিনিছাৰ হিচাপে ইনিংছৰ শেষলৈ ৰখা বুলি ফ্লেমিঙে লগতে উল্লেখ কৰে৷

You might also like