নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ পৰা উমানন্দলৈ বাঁহৰ ভূৰেৰে দুই যুৱকৰ দুঃসাহসিক যাত্রা

বহনক্ষম উন্নয়ন–দুঃসাহসিক পর্যটন প্রচাৰৰ লক্ষ্য শেখৰ–ৰিছানৰ

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ   সমুখত হাজাৰ বিপদ থাকিলেও লক্ষ্য স্থিৰ হ’লে আন্তৰিকতাৰে কৰা যিকোনো কামৰেই সফল সামৰণি ঘটাটো নিশ্চিত বুলি পুনৰ প্রতিপন্ন কৰিলে নগাঁও আৰু যোৰহাটৰ দুই যুৱকে৷ বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ পৰা ক্ষুদ্র নদীদ্বীপ উমানন্দলৈ ভৰা লুইতৰ বুকুৰে বাঁহৰ ভূৰত ৰোমাঞ্চকৰ আৰু দুঃসাহসিক যাত্রা সম্পন্ন কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিছে শেখৰ বৰদলৈ আৰু ৰিছান দলেই৷ নানা ঘাত–প্রতিঘাত, বিপদ তথা লুইতৰ কোবাল সোঁত নেওচি আঠদিনীয়া যাত্রা সামৰি যোৱানিশা উমানন্দ ঘাটত উপস্থিত হৈছে শেখৰ আৰু ৰিছান৷ দ্য ছিবুক নামৰ বাঁহৰ ভূৰখনেৰে যোৱা ৩০ ছেপ্টেম্বৰত মাজুলীৰ কার্তিক চাপৰিৰ পৰা যাত্রা আৰম্ভ কৰিছিল যুৱক দুজনে৷ অৰণ্য মানৱ যাদৱ পায়েঙে উদ্বোধন কৰা এই নদীযাত্রা প্রথমে ৬ দিনত সমাপ্ত কৰাৰ লক্ষ্য স্থিৰ কৰিছিল সাহসী যুৱকদ্বয়ে৷ কিন্তু প্রতিকূল বতৰৰ বাবে ৮ দিনৰ মূৰত তেওঁলোক উপস্থিত হয় গন্তব্য স্থান উমানন্দ ঘাটত৷ শিহৰণকাৰী এই যাত্রা দুই যুৱকৰ বাবে সহজ নাছিল৷ বতাহৰ কোবাল সোঁত, মাজে মাজে হোৱা বৰষুণে তেওঁলোকৰ এই যাত্রাত প্রতিকূলতাৰ সৃষ্টি কৰিছিল৷ অৱশ্যে এইক্ষেত্রত যিকোনো বিপদৰ সন্মুখীন হ’ব পৰাকৈ বাঁহৰ ভূৰখনত তেওঁলোকে গ্রহণ কৰিছিল সুৰক্ষাজনিত ব্যৱস্থা৷

এই যাত্রা সন্দর্ভত ‘নিয়মীয়া বার্তা’ক বিশদভাৱে সদৰী কৰি শেখৰ বৰদলৈয়ে কয় যে প্রতিটো নিশা ক’ত কটাব, তাক লৈ তেওঁলোকৰ নির্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য নাছিল৷ বৰঞ্চ পুৱাই সোঁতত ভূৰখন এৰি দিয়াৰ পাছত সন্ধিয়া যি স্থানত চপাব পাৰে, তাতেই নিশা কটোৱাৰ ব্যৱস্থা কৰিছিল৷ বিয়লি প্রায় ২ বজাৰ পৰাই যুৱক দুজনে নাওখন কোনোবা চৰ–চাপৰি বা ঘাটত চপোৱাৰ চিন্তা–চর্চা আৰম্ভ কৰিছিল৷ সেই অনুসৰি সন্ধিয়াৰ আগমুহূর্তত যিকোনো চাপৰি অথবা ঘাটত ভূৰখন চপাই নিশা কটোৱাৰ লগতে আহাৰ গ্রহণ কৰিছিল৷ সমান্তৰালভাৱে পুৱা ৭ বজাৰ লগে লগে তেওঁলোক পুনৰ আৰম্ভ কৰিছিল যাত্রা৷ যাত্রাৰ পূর্বে নিশা কটোৱা স্থানতে দিনটোৰ বাবে খাদ্য প্রস্তুত কৰি লৈছিল৷ যাত্রাপথত যোৱা ৩০ ছেপ্টেম্বৰত তেওঁলোকে যোৰহাটৰ গোহাঁই চাপৰিত নিশা কটাইছিল৷ পৰৱর্তী দিনকেইটাত অর্থাৎ ১ অক্টোবৰত ধনশিৰিমুখ, ২ অক্টোবৰত অগৰাতলী, ৩ অক্টোবৰত কাজিৰঙাৰ উত্তৰ বনাঞ্চল, ৪ অক্টোবৰত হাতীমৰা ঘাট, ৫ অক্টোবৰত শিঙৰি পাহাৰ, ৬ অক্টোবৰত মায়ঙত নিশা কটায়৷ মাজতে হাতীমৰা ঘাটত তেওঁলোকে পৰৱর্তী দিনসমূহৰ বাবে পেট্র’ল, প্রয়োজনীয় খাদ্য আদি সংগ্রহ কৰে৷ আনহাতে, যাত্রাৰ পূর্বে ভূৰখন নির্মাণ কৰোঁতে তেওঁলোকক সময়ৰ প্রয়োজন হৈছিল এসপ্তাহ৷ কার্তিক চাপৰিত একাংশ স্থানীয় যুৱক আৰু বন্ধুৰ সহায়ত যোৱা ২১ ছেপ্ঢেম্বৰৰ পৰা এই ভূৰখন নির্মাণৰ কাম তেওঁলোকে আৰম্ভ কৰিছিল৷ ১৭০ ডাল বাঁহেৰে নির্মাণ কৰা ভূৰখনৰ নির্মাণকার্য ২৮ ছেপ্ঢেম্বৰত সম্পূর্ণ হৈছিল৷ ইয়াৰ পাছতে ৩০ ছেপ্ঢেম্বৰত কার্তিক চাপৰিৰ পৰা পুৱা ১০.৩০ বজাত যাত্রা আৰম্ভ কৰিছিল শেখৰ আৰু ৰিছানে৷ এই যাত্রাৰ ডকুমেণ্টেচনৰ বাবে তেওঁলোকক সংগ দিছিল নয়ন বৰদলৈয়ে৷ এই যাত্রা কৰাৰ কথা তেওঁলোকৰ মনলৈ কিয় আহিছিল বুলি সোধা প্রশ্ণৰ উত্তৰত শেখৰে কয়– ‘প্রকৃতি সুৰক্ষা, বহনক্ষম উন্নয়ন আৰু দুঃসাহসিক পর্যটন বিকাশেই আছিল আমাৰ এই যাত্রাৰ লক্ষ্য৷ ব্রহ্মপুত্রত দুঃসাহসিক পর্যটন বিকাশৰ যথেষ্ট সম্ভাৱনা আছে৷ কিন্তু আজিও এই সম্ভাৱনাৰ সঠিক ব্যৱহাৰ কৰিব পৰা নাই৷ দেশ–বিদেশৰ বহু লোক দুঃসাহসিক পর্যটনৰ বাবে বিশ্বত ভ্রমি ফুৰে৷ ব্রহ্মপুত্রত দুঃসাহসিক পর্যটনক বিকাশ কৰিব পাৰিলে এই পর্যটকসকলৰ আগমন ঘটাটো নিশ্চিত৷’ উল্লেখ্য যে শেখৰ বৰদলৈৰ ঘৰ হৈছে নগাঁৱত৷ ইয়াৰ পূর্বেও তেওঁ ২০১৫ চনত ব্রহ্মপুত্রৰ বুকুৰে ধলা–শদিয়াৰ পৰা গুৱাহাটীলৈ এনেদৰে যাত্রা কৰাৰ অভিজ্ঞতা আছে৷ তদুপৰি তেওঁ বিভিন্ন দুঃসাহসিক ক্রীড়া, চাইক্লিং, পর্বতাৰোহণ আদিৰ সৈতেও জড়িত৷ তেওঁক সংগ দিয়া ৰিছান দলেৰ ঘৰ হৈছে যোৰহাটৰ বাঘমৰাত৷ তেওঁ এডভেঞ্চাৰ ডেষ্টিনেচন নামৰ এটা ট্যুৰ অর্গেনাইজেচনৰ স্বত্বাধিকাৰ৷ আজি যুৱক দুজন উমানন্দ ঘাটত উপস্থিত হোৱাৰ পাছত তেওঁলোকক সম্বর্ধনা জ্ঞাপন কৰে বিভিন্ন দল–সংগঠনে৷ এই অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈ, জ্যেষ্ঠ অধিবক্তা সত্যেন্দ্র শর্মা, মানৱ অধিকাৰ কর্মী লাচিত বৰদলৈকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি৷ উল্লেখ্য যে শেখৰ হ’ল মানৱ অধিকাৰ কর্মী বৰদলৈৰ পুত্র৷

You might also like