ক’ৰোনা কালত শিক্ষাখণ্ড
জয়শ্রী বৰা
বর্তমানৰ ক’ভিড অতিমাৰীৰ পৰিৱেশত প্রধান যোদ্ধাসকল হৈছে স্বাস্থ্যকর্মী, আৰক্ষী বিভাগ আৰু নীতি নির্ধাৰক প্রশাসন আৰু প্রত্যক্ষভাৱে ক্ষতিগ্রস্ত হৈছে দৰিদ্র গ্রামবাসী, ক্ষুদ্র ব্যৱসায়ী, উদ্যোগৰ কর্মী, শিল্পী আৰু শিক্ষাখণ্ডৰ লগত জড়িতসকল৷ তথ্য অনুসৰি সমগ্র বিশ্বত ১.৫ বিলিয়ন ছাত্র–ছাত্রী ক্ষতিগ্রস্ত হৈছে, ভাৰতত এক কোটি শিক্ষক আৰু ২৫ কোটি ছাত্র–ছাত্রীৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিছে আৰু ইয়াৰে ১৪ লাখ শিক্ষক আৰু ৩.৭৪ কোটি ছাত্র–ছাত্রী বিশ্ববিদ্যালয় পর্যায়ৰ৷UNDPৰ আন এক সমীক্ষা অনুসৰি এই সময়ছোৱাত উন্নয়নশীল দেশসমূহত ৮৬ শতাংশ প্রাথমিক পর্যায়ৰ ছাত্র–ছাত্রী বিদ্যালয়ৰ শিক্ষাগ্রহণৰ পৰা বঞ্চিত হৈছে৷
আমাৰ দেশৰ শিক্ষা জগতৰ পৰিস্থিতি আৰু সংকটপূর্ণ৷ ক’ৰোনা কালত দেশৰ অন্যতম উন্নত ৰাজ্য গুজৰাটতে প্রায় এহাজাৰখন বিদ্যালয় বন্ধ হৈ যোৱাৰ উপক্রম হৈছে৷ ৰাজ্যখনৰSelf Financed School Management কমিটীৰ সভাপতিৰ মতে বর্তমান প্রায় সাত হাজাৰখন বিদ্যালয় আর্থিক সমস্যাৰ সন্মুখীন হৈ অস্তিত্ব বিপজ্জনক পৰিস্থিতিত পৰিছে৷ ৰাজ্যখনত যোৱা ছয় মাহ বিদ্যালয় বন্ধ থকাৰ বাবে মাচুল সংগ্রহ কৰিব পৰা নাই৷ ইয়াৰ বিপৰীতে শিক্ষক আৰু চতুর্থ শ্রেণীৰ কর্মচাৰীক বেতন দি থাকিব লগা হৈছে৷ বিদ্যালয় কর্তৃপক্ষৰ মতে তেওঁলোকৰ বিজুলী ব্যয়ৰ বাহিৰে অন্যান্য ৮৫ শতাংশ ব্যয় একেই আছে৷ বৰং কম্পিউটাৰ, লেপটপ আদি কিনাৰ বাবে কিছু অতিৰিক্ত খৰচ হৈছে আৰু পাঠদান অনলাইন হোৱাৰ বাবে শিক্ষকক কিছুক্ষেত্রত প্রশিক্ষণৰো প্রয়োজন হৈছে৷ এগৰাকী গুজৰাটী শিক্ষকৰ মতে তেওঁ ইতিমধ্যে ঋণ লৈ লেপটপ কিনিছে৷ এনে পৰিস্থিতিত যদি দৰমহা কর্তন হয়, তেওঁ ঋণ কেনেকৈ শোধাব বা ঘৰ কেনেকৈ চলাব? ছাত্র–ছাত্রীৰ অভিভাৱকৰ সমস্যা আর্থিক বিপর্যয়ৰ সময়ত মাচুল কেনেকৈ দিব? ইয়াৰ বিপৰীতে Ahmedabad School Prograssive Management Associationৰ সভাপতিৰ মতে,The next six months will decide how many schools close down. There are schools that have not received fees for even the last academic session. If the Govt. Caps fees collection, the fees collection, the survival of these schools will be extremly difficult.’ এনে সমস্যা অন্যান্য ৰাজ্যতো হৈছে৷ বিহাৰৰ চৰকাৰী বিদ্যালয়ত ৪০ শতাংশ শিক্ষকৰ পদৰ বিপৰীতে নিযুক্তিৰ অভাৱত বর্তমানৰ পৰিস্থিতিত দেশৰ ভিতৰতে বিপজ্জনক অৱস্থাৰ সৃষ্টি হৈছে বুলি কোৱা হৈছে৷ পুৰণা ক’লা বগাৰ (ব্লেক ব’ড চক) পৰিস্থিতিত শিক্ষকৰ অভাৱতো শ্রেণীৰ পাঠদান মেনেজ হৈ গৈছিল৷ কিন্তু নতুন ব্যৱস্থাতZoom, Google meet, skype বা অনলাইন শিক্ষা পদ্ধতিত পুৰণি কম শিক্ষকেৰে পাঠদান অসম্ভৱপ্রায়৷ ইয়াৰ লগতে আছে ইণ্টাৰনেট আদিৰ বেমেজালি, বিদ্যুতৰ লুকা–ভাকু, ছাত্র–ছাত্রীৰ স্মার্ট ফোনৰ অভাৱ ইত্যাদি৷ অসমত সমস্যা আৰু গভীৰ৷ আমাৰ ৰাজ্যত প্রাথমিক পর্যায়ৰ প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ সংখ্যা মাথোঁ ১৮.৫২ শতাংশ৷ (দেশত গড়ে ৭৮.৮৪ শতাংশ)৷ এনেবোৰ পৰিস্থিতিত বিদ্যালয়ৰ নিম্ন পর্যায়ত অনলাইন পাঠদানৰ সম্ভাৱনা শূন্যপ্রায়৷ বিশেষকৈ গ্রাম্য পৰিৱেশত ইয়াৰ বাবেই বিদ্যালয় এৰা ছাত্র–ছাত্রীৰ সংখ্যা ক্রমবর্ধমান৷ এনে পৰিস্থিতিতে বিশ্ব বেংকৰ বার্ষিকHuman Capital Indexৰ তালিকাত ১৭৪খন দেশৰ ভিতৰত ভাৰতবর্ষৰ স্থান ১১৬তম হৈছিল(Sept 10, 2020)৷
বর্তমান ক’ৰোনা অতিমাৰীৰ পৰিৱেশত দেশতDigital Divideৰ সৃষ্টি হৈছে, যাৰ বাবে দুই তৃতীয়াংশ ছাত্র–ছাত্রীয়ে দুর্ভোগ ভুগিব৷ এনে সমস্যালৈ লক্ষ্য ৰাখিয়ে দিল্লী উচ্চ ন্যায়ালয়ে চৰকাৰী–বেচৰকাৰী সকলো বিদ্যালয়লৈ নির্দেশ জাৰি কৰি জনায়–’To provide digital devices and internet packs free to EWS/DG (economically weaker section and disadvantaged group). The court said if schools have decides to provide tutions online, then they must ensure that EWS/DG students have access, failure to do so would be tantamount to ‘digital apartheid’ and would be in violation of the right to Education Law. (Indian Express Report). ইয়াৰ বিপৰীতে ৰাজধানী দিল্লীত লকডাউনৰ সময়ছোৱাতbudget private schoolৰ ৪১,০০০জন শিক্ষার্থীয়েdigital tution লাভৰ পৰা বঞ্চিত হৈছে৷ এই সময়ছোৱাত ৰাজ্যখনত এহাজাৰখন বিদ্যালয় (বছৰেকীয়া মাচুল ৫০,০০০ৰ নিম্নত) বিক্রী কৰি দিবলগীয়া অৱস্থাত পৰিছে৷ এনে পৰিস্থিতিত শিক্ষাখণ্ডৰ ভেটি দৃঢ় কৰি ৰখাৰ ক্ষেত্রত বিদ্যালয়তকৈ চৰকাৰৰ দায়িত্ব অধিক৷
দায়িত্ব শিক্ষক আৰু অভিভাৱকৰো আছে৷ আমাৰ ৰাজ্যত বিশেষকৈ সুদীর্ঘ দিন ধৰি বেতন নোপোৱা সত্ত্বেও পাঠদানত অৱহেলা নকৰা নিষ্ঠাৱান শিক্ষক যেনেকৈ এমুঠিমান আছে, তেনেকৈ লাখটকীয়া শিক্ষকে মাহৰ পিছত মাহজুৰি ছাত্রৰ স্বার্থলৈ পিঠি দি মেল–মিটিং কৰি নিজৰ ঢ়োল কোবাই থকাও দেখা যায়৷ কিছুদিনৰ আগতে কেন্দ্রীয় বিদ্যালয়ৰ শিক্ষয়িত্রী এগৰাকীক প্রবন্ধ এটা বিচাৰি ফোন কৰিছিলোঁ৷ বহু সময়ৰ মূৰত ফোনটো উঠাই উত্তৰ দিলে– ‘বাইদেউ বেয়া নাপাব, ডেস্ক–বেঞ্চ, শ্রেণীকোঠা পৰিষ্কাৰ কৰি আছিলোঁ, ছেনিটাইজ কৰালোঁ৷ ক্লাছ আৰম্ভ হ’ব নহয়৷’ বেচেৰী, নিজৰ সংক্রমণৰ কথা চিন্তা নকৰি পাঠদানলৈ ওলাই আহিছে, লগতে বিদ্যালয় পৰিষ্কাৰৰ দায়িত্বও লৈছে৷
বর্তমানৰ পৰিস্থিতিত ছাত্র–ছাত্রীক কেৱল পাঠদান কৰাতে শিক্ষকৰ দায়িত্ব শেষ নহয়, যিহেতু গোটেই বছৰজুৰি অতিমাৰীৰ আতংক থকাৰ সম্ভাৱনাত ছাত্র–ছাত্রীয়ে স্বাভাৱিক জীৱন ঘূৰাই পাবলৈ বহু দিন লাগিব৷ এইক্ষেত্রত তেওঁলোকৰ হতাশা, মানসিক সমস্যা, শাৰীৰিক অসুস্থতা, সামাজিক সমস্যা আদিলৈ লক্ষ্য ৰাখি ব্যৱস্থা গ্রহণ কৰাই শিক্ষকৰ দায়িত্বৰ অন্তর্ভুক্ত হৈ পৰে৷ অনিশ্চিত ভৱিষৎ, আর্থিক সমস্যা, গৃহবন্দিত্ব, স্বাস্থ্যজনিত সমস্যা আদিয়ে সর্বত্র এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ আমাৰ ৰাজ্যত ২০,০০০ ছাত্র–ছাত্রীয়ে এটা মূল্যৱান শিক্ষাবর্ষ হেৰুৱাব (SEBA compartment 5 exam অনুষ্ঠিত কৰিব নোৱৰাৰ বাবে)৷ এনে অসংখ্য সমস্যাৰ দ্বাৰা হতাশাগ্রস্ত ছাত্র সমাজক সাহস আৰু উৎসাহ যোগোৱাৰ দায়িত্বও শিক্ষকৰ দুর্বল কান্ধতে আহি পৰে৷ বর্তমানৰ বিশেষ পৰিস্থিতিত শিক্ষকে পাঠদানৰ সমান্তৰালভাৱে পৰামর্শদাতাৰ ভূমিকাও পালন কৰিব লাগিব৷ আমি কটন মহাবিদ্যালয়ত প্রায় এটা দশক কাল এটা পৰামর্শ কেন্দ্রৰ জৰিয়তে ছাত্র–ছাত্রীক বিভিন্ন সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিছিলোঁ৷ বর্তমান ইয়াৰ প্রয়োজন আৰু অধিক হৈ পৰিছে৷ টেলিফোন, হোৱাটছএপ আদিৰ জৰিয়তে ছাত্র–ছাত্রীক বিভিন্ন সমস্যাৰ জঁট ভাঙিবলৈ অভিভাৱকৰ লগতে শিক্ষকো আগবাঢ়ি আহিব লাগিব৷ অন্যথা আত্মহত্যা, মাদক দ্রব্য সেৱন, অপৰাধমূলক কাম–কাজ আদিত জড়িত হৈ আমাৰ যুৱ সম্পদক অসময়তে হেৰুৱাম৷ এইক্ষেত্রত প্রশাসনৰো দায়িত্ব যথেষ্ট শিক্ষকৰ আর্থিক স্থিতি আৰু বিদ্যালয়ৰ আন্তঃগাঁথনি সবল হ’লেহে শিক্ষাখণ্ড সুদৃঢ় হ’ব৷
এখন দেশৰ নিৰাপত্তাৰ বাবে যেনেদৰে প্রতিৰক্ষা ব্যৱস্থা সবল হোৱাৰ প্রয়োজন, তেনেকৈ স্বাস্থ্য আৰু শিক্ষাখণ্ডও সুদৃঢ় আৰু নিখুঁত হোৱা উচিত, যাতে তিনিও ক্ষেত্রত এক ভাৰসাম্য থাকে৷ আমাৰ লেখীয়া ভোকাতুৰ, দুর্বল স্বাস্থ্যৰ অশিক্ষিতৰ দেশত কেৱল প্রতিৰক্ষা শিতানতে যোৱা বছৰ ৭১.১ বিলিয়ন ডলাৰ ব্যয় হৈছে৷ এইক্ষেত্রত স্বাস্থ্য আৰু শিক্ষাৰ শিতানত হোৱা ব্যয় যথেষ্ট দুর্বল৷ এই বছৰৰ বাজেটত (২০২০–২০২১) দেশৰ শিক্ষাৰ শিতানত ৯৯ হাজাৰ কোটি টকা আৰু স্বাস্থ্য খণ্ডত ৬৯ হাজাৰ কোটি টকাৰ বিপৰীতে প্রতিৰক্ষাৰ শিতানত ৩.৩৭ লাখ কোটি টকা ধার্য কৰা হৈছে৷
আমাৰ দেশৰ শিক্ষাখণ্ড তুলনামূলকভাৱে যথেষ্ট অৱহেলিত৷ ছাত্রৰ তুলনাত নিম্নহাৰৰ শিক্ষকৰ সংখ্যা, দুর্বল আন্তঃগাঁথনি, স্বাস্থ্যকৰ শৌচালয় আৰু পানী যোগান আদিৰ অভাৱ৷ ইত্যাদি সমস্যা সর্বত্র সাধাৰণ বিষয়৷ বর্তমান ইয়াৰ লগতে যোগ হৈছে উপযুক্ত তৎকালীন চিকিৎসা সেৱাৰ অভাৱ আৰু প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ শেহতীয়াকৈUNESCOৰCovid-19 Education response অনুসৰি বিদ্যালয়ত নিম্নোক্ত সুবিধাসমূহ থাকিবই লাগিব যেনে–
1. Infrastructure Preparedness (Health & senitary measures)
2. School mapping (regarding school days, premises etc.)
3. Availability of teachers (indcluding Training)
4. Preparedness of Teaching staff (including ability to offer psychological and academic support).
ইয়াৰ বাবে স্বাভাৱিকতে যথেষ্ট আর্থিক পুঁজিৰ প্রয়োজন হ’ব৷ ইয়াৰ বিপৰীতে আমাৰ দেশত কেতবোৰ তুলনামূলকভাৱে কম গুৰুত্বপূর্ণ শিতানত (বর্তমানৰ পৰিস্থিতিত) যথেষ্ট ধার্য কৰা গৈছে যেনে– মন্দিৰ নির্মাণ, নদী পূজন, সুউচ্চ মূর্তি নির্মাণ, সাংসদৰ বর্ধিত বানচ আৰু সা–সুবিধা, হাজাৰ কোটি টকাৰ বিশেষ বিমান ক্রয় ইত্যদি ইত্যাদি৷
বিশ্বৰ বিভিন্ন উন্নত দেশৰ তুলনাত আমাৰ দেশৰ শিক্ষাখণ্ডৰ স্থিতি যথেষ্ট দুর্বল৷ দেশৰ ভিতৰতে আকৌ ৰাজ্যৰ অৱস্থা আৰু বেছি হতাশাজনক৷ ক’ৰোনা কালত অহা দুবছৰত ই আৰু নিম্নগামী হ’ব৷ প্রাক্ ক’ৰোনা (২০১৯) কালৰ তথ্য অনুসৰিয়ে অসমত বিদ্যালয়ৰ মাধ্যমিক পর্যায়ত শিক্ষা ত্যাগ কৰা ছাত্র–ছাত্রীৰ হাৰ ২৭.৬ শতাংশ (দেশত গড়ে ১৯.৮৯ লক্ষ্য দহ শতাংশলৈ হ্রাস)৷ সেইদৰে ৰাজ্যতGross enrolment ratio in Higher Education is 18.7% (India-26.3, Target 50%)৷ এনে পৰিস্থিতিত চৰকাৰ, শিক্ষক, অভিভাৱক, অৱসৰপ্রাপ্ত পেন্সনভোগী শিক্ষক আৰু সামর্থ্যৱান সকলোৱে শিক্ষাখণ্ডৰ উদ্ধাৰৰ বাবে সহযোগিতাৰে আগবাঢ়ি আহিব লাগিব অন্যথা মানৱ সম্পদৰ অপচয়ে দেশৰ আর্থিক অৱস্থাত সাংঘাতিকভাৱে বিৰূপ প্রভাৱ পেলাব৷