নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SI কেলেংকাৰীঃ পুনৰ আৰক্ষীৰ জালত এজন

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ SI কেলেংকাৰীৰ অভিযুক্তৰ জালত ইজনৰ পাছত সিজনকৈ লোক। বঙাইগাঁৱৰ পৰা ৩জনকৈ আৰক্ষীৰ লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত এইবাৰ নলবাৰী আৰক্ষী জালত ৰুবুল হাজৰিকা নামৰ এজন লোক।

আনহাতে নলবাৰী আৰক্ষী ছাউনীত ADGP জি পি সিঙে জেৰা চলোৱাৰ পাছত গুৱাহাটীলৈ লৈ অনা হৈছে ৰুবুলক। প্ৰশ্নকাকত ছপা কৰিবলৈ ঠিকা লোৱা কোম্পানীৰ পৰা সকলো আৰক্ষীৰ জালত পৰিছে। পি কে দত্তক গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছে কেলেংকাৰীৰ বহু অকথ্য কাহিনী।

You might also like