নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাথৰাছ কাণ্ডঃ বিজনীত SFI, DYFI আৰু AIDWAৰ উদ্যোগত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা,  ৯ অক্টোবৰঃ উত্তৰ প্ৰদেশৰ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে চিৰাং জিলাৰ বিজনীতো আজি ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। ভাৰতৰ ছাত্র ফেডাৰেচন, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ বিজনী আঞ্চলিক কমিটীৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।

সংগঠন তিনিটাৰ যৌথ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে উত্তৰ প্ৰদেশৰ হাথৰাছ কাণ্ডত জড়িত লোকক শীঘ্ৰে শাস্তি প্ৰদান কৰা, ধৰ্ষণ সংক্ৰান্তীয় সকলো গোচৰ ফাষ্টট্ৰেক আদালতৰ দ্বাৰা বিচাৰ কৰাৰ লগতে ধৰ্ষণকাৰীৰ সমৰ্থনত কথা কোৱাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা দাবী উত্থাপন কৰে।

প্ৰতিবাদকাৰীসকলে বিজনী বল্লমগুৰি বাছ আস্থানস্থিত চিপিআই(এম)ৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰি আহি বিজনী মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰদান কৰে।

You might also like