জন্মভূমিতে মাটিৰ অধিকাৰ হেৰুৱাইছে অসমীয়াই
নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ খিলঞ্জীয়াৰ ভৱিষ্যৎ অনিশ্চয়তালৈ ঠেলি দি অসমত এতিয়া মোগলৰ আক্রমণ চলিছে৷ অসমীয়া সমাজলৈ নামি আহিছে তীব্র প্রত্যাহ্বান৷ –এক বিশেষ সম্প্রদায়ৰ আগ্রাসনক লৈ শুকুৰবাৰে এইদৰে শংকা প্রকাশ কৰিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ মুখ্যমন্ত্রী সোণোৱালে লগতে কয় যে জন্মভূমিতে মাটিৰ অধিকাৰ হেৰুৱাইছে অসমীয়াই৷ জনগোষ্ঠীয় লোকসকল একত্রিত নহ’লে অসমীয়ালৈ সংকট নামি আহিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– আমি সকলোৱে মিলি এই মোগলৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিলেহে অসম সুৰক্ষিত হ’ব৷ বীৰ লাচিত আৰু বীৰ চিলাৰায়ৰ আদর্শৰে মোগলৰ বিৰুদ্ধে যুঁজিব লাগিব৷ তেতিয়াহে আমাৰ ভাষা, আমাৰ মাটি, আমাৰ কৃষ্টি সুৰক্ষিত হৈ থাকিব৷ মই অত্যন্ত আশাবাদী যে আগন্তুক দিনত আমি সকলোৱে ঐক্যবদ্ধভাৱে অসমখনক শক্তিশালী কৰিব পাৰিম৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আজি ভূমিপুত্র বৃহত্তৰ বড়ো জনগোষ্ঠীৰ ৭ শতাধিক নেতাই আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ ২০২১ চনৰ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত এনে বৃহৎসংখ্যক বড়ো জনগোষ্ঠীৰ লোকে বিজেপিৰ প্রতি আকর্ষিত হোৱাটোৱে স্বাভাৱিকতে শাসকীয় দলটোৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে৷ বিশেষকৈ ৰাজ্যৰ জনগোষ্ঠীয় লোকসকলক একত্রিত কৰি বিজেপিৰ পক্ষলৈ অনাৰ বাবে যোৱা দীর্ঘদিনৰ পৰা গেৰুৱা দলটোৱে চলাই অহা প্রচেষ্টাৰ অংশস্বৰূপে এই বৃহৎ যোগদানৰ কার্যসূচী অনুষ্ঠিত হয়৷ যোগদান অনুষ্ঠানতেই ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কয়– কোনো যুক্তিতেই অসমত বিদেশীৰ দপ্দপনি সহ্য কৰা নহ’ব৷ আজি বহু খিলঞ্জীয়াই ভূমিৰ ওপৰত অধিকাৰ হেৰুৱাইছে৷ নিজৰ অস্তিত্বৰ সংকটত ভুগিছে৷ গতিকে জাতি–জনগোষ্ঠীয়ে সংঘাত আঁতৰাই একত্রিত হ’ব লাগিব৷ সকলোৱে একত্রিত হৈ বিদেশীক খেদিব লাগিব৷ আমাৰ স্বাভিমান আমি নিজে ৰক্ষা কৰিব লাগিব৷ ৭৮ হাজাৰ বর্গ কিলোমিটাৰৰ এই ৰাজ্যখনৰ বহু জিলাত খিলঞ্জীয়াই নিজৰ অধিকাৰ হেৰুৱাইছে৷ যদি আমি মাটিৰ ওপৰত অধিকাৰ হেৰুৱাই পেলাওঁ, তেন্তে আমাৰ অস্তিত্ব নাথাকিব৷ সেয়েহে আমি ঐক্যবদ্ধ হোৱাৰ বিকল্প নাই৷ আনহাতে, অসমৰ জাতি–জনগোষ্ঠীক একত্রিত কৰি ৰখাত পূর্বৰ চৰকাৰসমূহে কোনো পদক্ষেপ গ্রহণ নকৰিলে বুলি কংগ্রেছক কটাক্ষ কৰি মুখ্যমন্ত্রীৰ মন্তব্য– পূর্বৰ চৰকাৰে জনগোষ্ঠীসমূহৰ দুখ–দুর্দশা নুবুজিলে৷ কেৱল ক্ষমতাৰ স্বার্থত এই জনগোষ্ঠীসমূহক ব্যৱহাৰ কৰা হ’ল৷ কিন্তু বিজেপিয়ে ক্ষমতাৰ বাবে ৰাজনীতি কৰা নাই৷ অসমৰ মানচিত্র সুৰক্ষিত কৰি ৰখা, খিলঞ্জীয়া অসমীয়াৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ বাবেহে শাসনলৈ আহিছে৷ বিজেপিয়ে এতিয়া সকলো জাতি–জনগোষ্ঠীক প্রতিনিধিত্ব কৰিছে৷ সকলো জনগোষ্ঠীয় লোকক লৈয়ে বিশ্বৰ সর্ববৃহৎ দল ৰূপে পৰিগণিত হৈছে৷ বিজেপিৰ মঞ্চ হৈছে সার্বজনীন৷ এই মঞ্চৰ জৰিয়তে ৰাজ্যৰ প্রতিটো জাতি–জনগোষ্ঠীক একত্রিত কৰাই নহয়, তেওঁলোকক শক্তিশালী কৰাৰ বাবেও পদক্ষেপ গ্রহণ কৰিছে৷
মন কৰিবলগীয়া যে ২০২১ চনৰ নির্বাচনৰ প্রাক্ক্ষণত কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতাক লৈ উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি৷ বিশেষকৈ নামনি অসম আৰু মধ্য অসমত এ আই ইউ ডি এফৰ উত্থানে বহু সমষ্টিত খিলঞ্জীয়া লোকৰ প্রভুত্ব নোহোৱা কৰাই নহয়, ৰাজনৈতিক অধিকাৰো কাঢ়ি নিয়াৰ উপক্রম হৈছে৷ এনে সময়তে বিজেপিৰ বিৰুদ্ধে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ এনে মিত্রতাই স্বাভাৱিকতে চিন্তাত পেলাইছে শাসকীয় দলটোক৷ যাৰ বাবে এ আই ইউ ডি এফক বিশেষভাৱে লক্ষ্য কৰি লৈছে বিজেপিয়ে৷ ৰাজ্যৰ জনগোষ্ঠীয় লোকসকলক একত্রিত কৰি এইবাৰ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্রস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে৷ এই লক্ষ্যৰেই শেহতীয়াকৈ ৰাজ্য চৰকাৰখনে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি জনগোষ্ঠীয় লোকসকলক বিজেপিৰ শিবিৰলৈ অনাৰ প্রচেষ্টা আৰম্ভ কৰিছে৷ চৰকাৰৰ এনে প্রচেষ্টাৰ অংশস্বৰূপেই আজি ইউনাইটেড বড়ো পিপল্ছ অর্গেনাইজেচনৰ (ইউ বি পি অ’) ৰাজ্যিক বিষয়ববীয়া আৰু ২১খন জিলাৰ সভাপতিৰ লগতে বি পি এফ দলৰ কেইবাগৰাকীও সদস্যই বিজেপিত যোগদান কৰে৷
এই যোগদান অনুষ্ঠানত উপস্থিত থাকি ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– বড়ো জনগোষ্ঠীয় লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ স্বার্থত সম্পন্ন হোৱা বড়ো চুক্তিক কার্যকৰী ৰূপ দিয়াৰ বাবে বিজেপিয়ে এখন বৃহৎ মঞ্চ পাইছে৷ বড়ো আন্দোলনে সৃষ্টি কৰা পৰিৱেশত অসমৰ পৰা পৃথকভাৱে একাংশই আঁতৰি যোৱাৰ যি প্রৱণতা গঢ়ি তুলিছিল, তেনে প্রৱণতাক আঁতৰাই বিজেপিয়ে জনগোষ্ঠীয় লোকসকলক মূলসুঁতিলৈ আনিলে৷ বড়ো চুক্তিক কার্যকৰী ৰূপ দিয়াৰ বাবে বিজেপিয়ে দিনে–নিশাই কাম কৰি আছে৷ বিজেপিয়ে ৰাষ্ট্র নির্মাণত বিশ্বাস কৰে৷ সেয়েহে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সংৰক্ষণ, সাংস্কৃতিক উত্তৰণৰ বাবে কাম কৰাৰ বাবে বিজেপিয়ে প্রচেষ্টা চলাই আহিছে৷ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠনৰ লগতে অবিভক্ত গোৱালপাৰা জিলাত নিশ্চিহ্ণ হৈ যাব খোজা কোচ ৰাজবংশীসকলৰ বাবে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন আৰু মৰাণ–মটক জনগোষ্ঠীৰ বাবে গঠন হোৱা স্বায়ত্তশাসিত পৰিষদসমূহকো সাংবিধানিক অধিকাৰ দিয়াৰ প্রচেষ্টা কৰি অহা হৈছে৷ সেয়াই নহয়, খিলঞ্জীয়া জাতিসত্তাসমূহৰ ৰক্ষণাবেক্ষণ, তেওঁলোকৰ হেৰাই যাব খোজা ভাষা পুনৰ উদ্ধাৰৰ বাবেও প্রচেষ্টা চলাই থকা হৈছে৷ বি টি আৰ চুক্তিৰ প্রসংগ উত্থাপন কৰি ড০ শর্মাই কয়– পূর্বৰ বড়ো চুক্তিয়ে বি টি এ ডিৰ বাহিৰত থকা বড়োসকলৰ কথা চিন্তা কৰা নাছিল৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নেতৃত্বত সম্পন্ন হোৱা বি টি আৰ চুক্তিয়ে বি টি এ ডিৰ বাহিৰত থকা বড়োসকলৰ বাবেও বিশেষ সাংবিধানিক তথা ৰাজনৈতিক অধিকাৰ দিয়াৰ ব্যৱস্থা কৰিছে৷ কোনো চুক্তিৰ কাম এতিয়ালৈ ইমান খৰখেদাকৈ হোৱা নাই, যিমানসংখ্যক কাম বি টি আৰ চুক্তিৰ ক্ষেত্রত হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ৰাষ্ট্রীয় শিক্ষা নীতি ঘোষণা হোৱাৰ পাছতে অসমৰ জনগোষ্ঠীসমূহৰ হেৰাই যাব খোজা ভাষা, সংস্কৃতিয়ে আকৌ এবাৰ প্রাণ পাই উঠিছে৷ বিভিন্ন ৰাজনৈতিক কাৰণত একাংশৰ মাজত অসমৰ পৰা আঁতৰি যোৱাৰ যি প্রৱণতা গঢ়ি উঠিছিল, সেইসকলক বিজেপিয়ে মূলসুঁতিলৈ অনাৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত লৈছে৷ এটা সময়ত মূলসুঁতিৰ অসমীয়া মানুহৰ লগত বড়ো, মিচিং, ৰাভা জনগোষ্ঠীৰ লোকসকলৰ সম্পর্ক হেৰাই গৈছিল৷ কিন্তু বিজেপিৰ নেতৃত্বত এই জনজাতীয় লোকসকলক মূলসুঁতিলৈ আনি অসমখনক বিভক্ত হোৱাৰ পৰা আঁতৰাই ৰাখিবলৈ সক্ষম হৈছোঁ৷ আমাৰ আটাইতকৈ সফল দিশটো হৈছে– বড়ো চুক্তি সম্পাদনৰ সময়ত বৃহত্তৰ বড়ো সমাজে অখণ্ড অসমৰ প্রতি আস্থা প্রকাশ কৰাটো৷ ইয়াৰ দ্বাৰা ভৌগোলিকভাৱে অসম এখন হৈ থাকিব৷ উপেন ব্রহ্মৰ নেতৃত্বত চলা বড়ো আন্দোলনৰ ফলত শ শ বড়ো লোকে প্রাণ হেৰুৱাইছিল৷ তেনে এক পৰিস্থিতিৰ পৰা অসমখনক একত্রিত কৰাৰ সংকল্প লৈছে বিজেপিয়ে৷ বিগত ৫ বছৰত জাতি গঠনৰ ক্ষেত্রত তথা জাতি–মাটি–ভেটি ৰক্ষাৰ ক্ষেত্রত বিজেপি চৰকাৰৰ সর্বশ্রেষ্ঠ সিদ্ধান্ত আছিল বি টি আৰ চুক্তি৷এই চুক্তিৰ পাছত বড়ো জনগোষ্ঠীৰ বাবে চৰকাৰখনৰ দায়বদ্ধতা অধিক বৃদ্ধি পাইছে৷ আমি প্রতিশ্রুতিবদ্ধ বড়ো চুক্তিক আখৰে আখৰে পালনৰ বাবে৷ ইতিমধ্যে চুক্তিৰ কাম আগুৱাই নিয়াৰ বাবে পি পি বার্মাৰ নেতৃত্বত আয়োগ গঠন কৰা হৈছে৷ যিসমূহ গাঁৱে বি টি এ ডিত থাকিব নিবিচাৰে, সেই গাঁওসমূহে ওলাই আহিবলৈ আৰু যিসমূহ গাঁও অন্তর্ভুক্ত হ’ব বিচাৰে, সেই গাঁওসমূহে অন্তর্ভুক্ত হ’বলৈ এই আয়োগত আবেদন জনাব পাৰিব৷ বড়ো অধ্যুষিত অঞ্চলৰ বিদ্যালয়সমূহ প্রাদেশিকীকৰণৰ বাবে পৃথক শিক্ষা সঞ্চালকালয় গঠন কৰা হৈছে৷ বড়ো ভাষাক অসমীয়াৰ সহযোগী ভাষা হিচাপে কেবিনেটে স্বীকৃতি দিলে৷
মন্ত্রী ড০ শর্মাই নতুনকৈ যোগদান কৰা কার্যকর্তাসকলক ৰাজ্যৰ প্রতিটো জাতি–জনগোষ্ঠীৰ মাজলৈ বিজেপি নেতৃত্বক আগুৱাই লৈ যোৱাৰ এই পৰিক্রমাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ ইয়াৰ পূর্বে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে নতুনকৈ যোগদান কৰা প্রতিগৰাকীকে আদৰণি জনাই ৰাষ্ট্রৰ প্রতি সেৱা আগবঢ়াবলৈ আহ্বান জনায়৷ অসমৰ ভূমিপুত্রসকলৰ যোগদানে ৰাজ্যিক বিজেপিক অন্য এক মাত্রা প্রদান কৰিলে বুলি উল্লেখ কৰি সভাপতি দাসে কয় যে এয়া অকল বিজেপিৰ বাবেই নহয়, সমগ্র দেশৰ বাবেও উল্লেখযোগ্য বিষয়৷ জাতি–জনগোষ্ঠীৰ বিকাশ অবিহনে ৰাষ্ট্রীয় বিকাশ সম্ভৱ নহয়৷ বড়ো জনগোষ্ঠীৰ লোকসকলে বিজেপিৰ হৈ কাম কৰাৰ সুযোগ পোৱা নাছিল৷ আজিৰ যোগদানে এইক্ষেত্রত সকলো বাধা দূৰ কৰিলে বুলিও তেওঁ উল্লেখ কৰে৷ আজি বিজেপিত যোগদান কৰাসকলৰ ভিতৰত আছে ইউ বি পি অ’ৰ কেন্দ্রীয় সমিতিৰ সভাপতি মিহিনেশ্বৰ বসুমতাৰী, সাধাৰণ সম্পাদক অনিল বসুমতাৰী, উপ–সভাপতি গাম্বাৰু মুছাহাৰী, ৰতন বসুমতাৰী, সহঃ সাধাৰণ সম্পাদক বিজেন্দ্র কুমাৰ বসুমতাৰী, সম্পাদক শুক্রেশ্বৰ গয়াৰী, প্রদীপ স্বর্গীয়াৰী, বিনোদ বসুমতাৰী, সাংগঠনিক সম্পাদক সুভাষ বড়ো, মধুৰা বসুমতাৰী, সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সহঃ সাধাৰণ সম্পাদক সন্তলা গয়াৰী, হেমকান্ত দৈমাৰী, সম্পাদক প্রদীপ ৰামচিয়াৰী, বানেশ্বৰ গয়াৰী, চুদেম বসুমতাৰী, উপ–সভাপতি মণ্টু বসুমতাৰী আদি৷ উল্লেখ্য যে শেহতীয়াকৈ জোনাইত অসম জাতীয় পৰিষদৰ পৰা প্রতিনিধিত্বৰ বাবে তৎপৰ হৈ পৰা চণ্ডী বসুমতাৰীৰ ভাতৃ বিজেন্দ্র কুমাৰ বসুমতাৰী আৰু মনোৰঞ্জন বসুমতাৰীয়ে বিজেপিত যোগদান কৰা ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে৷ আনহাতে, আজি বিটিচিৰ প্রাক্তন এম চি এল এ তথা বি পি এফৰ কেন্দ্রীয় প্রাক্তন কার্যনির্বাহক সদস্য ৰতিৰাম বড়ো, বিটিচিৰ প্রাক্তন এম চি এল এ দণ্ডী ৰাভা, ভেৰগাঁও জিলাৰ সম্পাদক জৌচৰাং বড়ো আদিকে ধৰি কেইবাজনো বি পি এফৰ সদস্যয়ো বিজেপিত যোগদান কৰে৷