অসমৰ সকলো জনগোষ্ঠী ঐক্যবদ্ধ হ’লে ভয়তে পলাব আজমল
অসমক ভাগ কৰা বদৰুদ্দিনৰ ৰাজনীতিক তীক্ষ্ণ সমালোচনা ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ ২০২১ চনৰ বিধানসভা নির্বাচনত কংগ্রেছৰে মিত্রতা গঢ়ি বিজেপিক ক্ষমতাচ্যুত কৰাৰ লক্ষ্য লোৱা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে অসমখন ভাগ ভাগ কৰাৰ ষড়যন্ত্রত লিপ্ত হৈছে৷ –এই অভিযোগ ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ শুকুৰবাৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত বিজেপিৰ এক যোগদান অনুষ্ঠানত এই মন্তব্য কৰি মন্ত্রীগৰাকীয়ে কয়– বৃহত্তৰ অসমীয়া সমাজখনক ভাগ ভাগ কৰাৰ ষড়যন্ত্র চলিছে৷ অসমৰ এচাম বুদ্ধিজীৱীয়ে আৰবীৰ ওচৰত আত্মসমর্পণ কৰিছে৷ আজমলৰ সভাত যেতিয়া আৰবী–উর্দু ভাষা ব্যৱহাৰ হয়, তেতিয়া অসমৰ নেতৃস্থানীয় বুদ্ধিজীৱীসকলে প্রতিবাদ নকৰে৷ তেওঁলোকে প্রশ্ণ নোতোলে এই ভাষা কেনেকৈ আহিল? কিন্তু বাংলা–বড়ো ভাষাৰ ব্যৱহাৰত বেমেজালি হ’লে জাঙুৰ খাই উঠে৷ ড০ শর্মাৰ মন্তব্য– আমাৰ শিক্ষানুষ্ঠানৰ পৰীক্ষাৰ বিভিন্ন প্রশ্ন কাকত আমি অসমীয়া, বড়ো আৰু বাংলা ভাষাত ছপাওঁ৷ কিন্তু কেতিয়াবা এই প্রশ্নকাকত বাঙালী অঞ্চলৰ পৰিৱর্তে অসমীয়া অঞ্চললৈ গ’লে বা বড়ো অঞ্চলৰ পৰিৱর্তে বাঙালী অঞ্চললৈ গ’লে আমাৰ সমালোচনাত সকলো সৰৱ হৈ পৰে৷ কিন্তু যোৱাকেইদিনত বদৰুদ্দিন আজমলৰ সভাত আৰবী আৰু উর্দু ভাষাৰ ব্যৱহাৰ হৈ আছে৷ কিন্তু অসমৰ কোনো নেতৃস্থানীয় বুদ্ধিজীৱীয়ে ইয়াৰ প্রতিবাদ কৰা নাই৷ এই ভাষা ক’ৰ পৰা আহিল প্রশ্ন কৰা নাই৷ এচাম লোকে আৰবীৰ ওচৰত আত্মসমর্পণ কৰিছে৷ তেওঁলোকে ভাবে বড়ো ভাষা প্রচলন কৰাটো ভুল৷ বৰাকত অসমীয়া কিতাপ এখন গ’লে বাঙালী লোকে বেয়া পায়৷ মাজুলীত যদি বাঙালী কিতাপ এখন যায়, অসমীয়া মানুহে বেয়া পায়৷ কিন্তু এইখন অসমতে বদৰুদ্দিন আজমলৰ নেতৃত্বত আৰবী–উর্দু ভাষাৰ প্রচলন চলি আছে৷ আজি আমাৰ নিজৰ মাজত কাজিয়া লগাই জাতি নিঃশেষ কৰাৰ ষড়যন্ত্র চলিছে৷ বড়ো–সমীয়াৰ সংঘাত, কার্বি–ডিমাচাৰ সংঘাত, অসমীয়াৰ লগত বাঙালীৰ সংঘাত চলি আছে৷ লাহে লাহে আমাৰ ভৰিৰ তলৰ ৰাজনৈতিক পথাৰখন আন কৰোবালৈ লৈ গৈছে৷ ভাৰতক মাতৃ বুলি স্বীকাৰ কৰা আমি জাতি–জনগোষ্ঠী ভাগ ভাগ হোৱাৰ প্রক্রিয়াত নামি পৰিছোঁ৷ আমাক কাজিয়া–সংঘাত লগাই দি বাঁওপন্থী লোকসকলে আৰু অসমৰ এটা সাম্প্রদায়িক ৰাজনীতি কৰি থকা শক্তিয়ে অসমখনক দুর্বল কৰাৰ চেষ্টা চলাইছে৷ অসমত এতিয়া ৩৫ শতাংশ লোকে ৬৫ শতাংশ লোকৰ পৰা ৰাজনৈতিক অধিকাৰ লৈ যাব বিচাৰিছে৷ এই ৩৫ শতাংশই ৬৫ শতাংশক শাসন কৰাৰ পৰিৱেশ ৰচনা হৈছে৷ আমি ভাগ ভাগ হৈ থকাত ব্যস্ত হৈ আছোঁ৷ এনেকৈ থাকিলে ১০ বছৰ পাছত আজমলে অসমত সিদ্ধান্ত ল’ব যে বড়োক কি দিয়া হ’ব, মিচিঙক কি দিয়া হ’ব৷ সেই দিনটোলৈ আমি গৈ আছোঁ৷ এই দিনটো আমি নোহোৱা কৰিবলৈ ৬৫ শতাংশ একত্রিত হ’ব লাগিব৷ আমি চিন্তা কৰিব লাগিব– বড়ো ভাষাক অসমীয়াৰ সহযোগী ভাষা হিচাপে দিয়া বাবে বড়োসকলৰ লগতে অসমীয়াসকলো আনন্দিত হ’ব লাগিব৷ তেনেদৰে বি টি আৰ অঞ্চলৰ ছাইন ব’ডত বড়ো ভাষাৰ লগতে অসমীয়া ভাষাও লিখিব লাগিব৷ বড়োৱে গামোচা পিন্ধিব লাগিব আৰু অসমীয়াই আৰনাই পিন্ধিব লাগিব৷ বড়ো লোকে অসমীয়া আৰু অসমীয়া লোকে বড়ো লিখা এখন সমাজ আমি বিচাৰোঁ৷ যিদিনাখন অসমৰ সকলো জনগোষ্ঠী একগোট হ’ব, সেই দিনাই আজমলৰ ৰাজনীতি শেষ হ’ব৷ আজমলে এই একতা দেখিলে ভয়তে ৰাজনীতি এৰিব৷ আমি কোনো অকলে থাকিব নোৱাৰোঁ৷ অসমৰ ৰাজনীতি তেনেধৰণে নাই৷ আজি অসম মৃত্যুৰ দুৱাৰডলিলৈ আগবাঢ়িছে৷ কোনোৱে আমাক আগ্রাসন কৰিব বিচাৰিছে৷ সেয়েহে অসম মাতৃক জীয়াই ৰাখিবলৈ সকলো জাতি–জনগোষ্ঠী একত্রিত হ’ব লাগিব৷ আজি এনে এটা পৰিৱেশ আহিছে যে গোৱালপাৰাত কোচ ৰাজবংশী লোকসকলে সকলো ধৰণৰ ৰাজনৈতিক অধিকাৰ হেৰুৱাই পেলাইছে৷ এনেকুৱা এটা সময় আহিছে যে ক’ব নোৱাৰাকৈ বড়ো নেতৃত্বয়ো ভোটৰ কাৰণে আজমলৰ লগত মিতিৰালি কৰিছে৷ আজি এনে এটা পৰিৱেশ সৃষ্টি হৈছে যে দৰং জিলাৰ ওদালগুৰিৰ দৰে আন বহু সমষ্টি আমি লাহে লাহে হেৰুৱাব লগা হৈছে৷ দলগাঁও, মৰিগাঁৱৰ লগতে মধ্য অসমৰ পৰা বড়ো তথা জনজাতীয় লোকসকল নিশ্চিহ্ণ হোৱাৰ লগে লগে অসমীয়াসকল সংকটৰ সন্মুখীন হৈছে৷ সেয়েহে একত্রিত হোৱাৰ বাহিৰে আমাৰ অন্য বিকল্প নাই৷