নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চ ন্যায়ালয়ৰ অনুমতিবিনে ঘোষিত নহ’ব পৰীক্ষাৰ ৰিজাল্ট

২০১৮ৰ লোকসেৱা আয়োগৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ  পর্বতসম দুর্নীতিৰে অসম লোকসেৱা আয়োগক (এ পি এছ চি) কলংকিত কৰা প্রাক্তন অধ্যক্ষ ৰাকেশ পালৰ কার্যকাল শেষ হ’লেও খাম–খেয়ালি আঁতৰা নাই আয়োগৰ৷ প্রশ্নকাকতৰ বিসংগতিকে ধৰি বিভিন্ন খেলিমেলিৰ বাবে আইনী মেৰপেঁচত সোমাই পৰা ২০১৮ চনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণাক লৈ কেতবোৰ গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ সেই অনুসৰি উচ্চ ন্যায়ালয়ৰ অনুমতি অবিহনে আয়োগে ঘোষণা কৰিব নোৱাৰিব ২০১৮ চনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল৷ এই সন্দর্ভত দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ মানসৰঞ্জন পাঠকৰ বিচাৰপীঠে এই নির্দেশ দিছে৷ অৱশ্যে সংযুক্ত প্রতিযোগিতামূলক মূল লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাত প্রদান কৰা স্থগিতাদেশ শুকুৰবাৰে প্রত্যাহাৰ কৰিছে উচ্চ ন্যায়ালয়ে৷ অর্থাৎ মূল লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰিব আয়োগে৷ সমান্তৰালভাৱে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰিব পাৰিব মৌখিক সাক্ষাৎকাৰ৷ ইয়াৰ পাছতে চূড়ান্ত ফলাফল ঘোষণাৰ বাবে উচ্চ ন্যায়ালয়ৰ অনুমতি ল’ব লাগিব অসম লোকসেৱা আয়োগে৷ আবেদনকেইখনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে প্রদান কৰা ৰায়ত কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য উল্লেখ কৰিছে৷

এই সন্দর্ভত বিচাৰপীঠে কয়– ‘লোকসেৱা আয়োগসমূহ হৈছে সাংবিধানিক অনুষ্ঠান৷ তেওঁলোকে নিকা আৰু স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাটো জৰুৰী৷ এইক্ষেত্রত সর্বোচ্চ মান তেওঁলোকে অক্ষুণ্ণ ৰখাটো উচিত৷ এনে কার্যইহে আয়োগৰ দৰে স্বতন্ত্র অনুষ্ঠানসমূহৰ বিশ্বাসযোগ্যতা বর্তাই ৰাখে৷ সেয়েহে প্রার্থীসকলৰ বিশ্বাসযোগ্যতা পুনৰ ওভতাই আনিবলৈ আয়োগে তেওঁলোকৰ মনত থকা সন্দেহসমূহ দূৰ কৰা উচিত৷’ উল্লেখ্য যে অসম অসামৰিক আৰু অন্যান্য সেৱাৰ বাবে ২০১৮ চনৰ সংযুক্ত প্রতিযোগিতামূলক প্রাৰম্ভিক পৰীক্ষাৰ বাবে ২০১৮ৰ ১৭ মে’ত বিজ্ঞাপন প্রকাশ কৰিছিল৷ উক্ত বিজ্ঞাপনৰ আধাৰত ২০১৮ চনৰ ৩০ ডিচেম্বৰত প্রাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈ যায়৷ এই পৰীক্ষাত মুঠ ৩,৩৬১গৰাকী প্রার্থীয়ে মূল লিখিত পৰীক্ষাত অৱতীর্ণ হোৱাৰ বাবে যোগ্যতা অর্জন কৰে৷ ইয়াৰ মাজতে আয়োগে সংশ্লিষ্ট বিধি অনুসৰি প্রাৰম্ভিক পৰীক্ষাৰ এনছাৰ কীসমূহ নিজৰ ৱেবছাইটত আপলোড কৰে৷ য’ত পৰীক্ষাৰ প্রশ্ণকাকতত হোৱা ব্যাপক বিসংগতি পোহৰলৈ আহে৷ বিশেষকৈ একাংশ এনছাৰ কী ভুল থকা বিষয়টোক লৈ ব্যাপক চর্চা আৰম্ভ হয়৷ অর্থাৎ ভুল প্রশ্ণৰ উত্তৰ দিয়েই একাংশ প্রার্থী মূল পৰীক্ষাত অৱতীর্ণ হোৱা বাবে যোগ্যতা অর্জন কৰে৷ পৰৱর্তী সময়ত আয়োগে কৰা পুনৰীক্ষণত আন ৪০৬জন পৰীক্ষার্থীক উত্তীর্ণ ঘোষণা কৰে৷ একেদৰে ২০১৯ চনৰ ১৩ মার্চত ঘোষণা কৰা ফলাফল অনুসৰি এ পি এছ চিৰ খেলিমেলিৰ বাবে অর্হতাহীন ৯৮জন প্রার্থীৰ নাম উত্তীর্ণৰ তালিকাত অন্তর্ভুক্ত হোৱাৰ তথ্য পোহৰলৈ আহে৷ ইয়াৰ মাজতে মুঠ ২১গৰাকী প্রার্থীয়ে এনছাৰ কীসমূহ পুনৰীক্ষণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰে৷ ইয়াৰ ভিত্তিত কৰা পুনৰীক্ষণত পুনৰ আদালতৰ দ্বাৰস্থ হোৱা ৯জন প্রার্থীক উত্তীর্ণ ঘোষণা কৰে আয়োগে৷ তেওঁলোকে গোচৰটো প্রত্যাহাৰ কৰে যদিও আন বঞ্চিত প্রার্থীসকলৰ আবেদনৰ শুনানি অব্যাহত থাকে৷ আয়োগৰ খেলিমেলিৰ বাবে অর্হতাহীনভাৱে মূল পৰীক্ষাত অৱতীর্ণ হ’বলৈ সুযোগ লাভ কৰা ৯৮জনৰ লগতে আদালতৰ দ্বাৰস্থ হোৱা আন ১২ প্রার্থীক মূল পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ দিবলৈ ন্যায়ালয়ে নির্দেশ দিয়ে৷ অৱশ্যে সংশ্লিষ্টসকলৰ ফলাফল আদালতৰ অনুমতি অবিহনে ঘোষণা কৰিবলৈ বাধা আৰোপ কৰে ন্যায়ালয়ে৷ পৰৱর্তী সময়ত সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে আয়োগে সম্পন্ন কৰে যাৱতীয় প্রক্রিয়া৷ গোচৰটোৰ শুনানিৰ মাজতে আয়োগে ২০১৮ৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফলৰ তালিকা বন্ধ খামৰ ভিতৰত যোৱা ১৫ ছেপ্টেম্বৰত উচ্চ ন্যায়ালয়ত দাখিল কৰে৷ ইয়াৰ পাছতে সকলো বিষয় চালি–জাৰি চাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৮ বর্ষৰ মূল লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ আয়োগক অনুমতি প্রদান কৰিছে৷
কনিষ্টবলৰ নিযুক্তি স্থগিত
অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তি পৰীক্ষাত ব্যাপক দুর্নীতি সংঘটিত হোৱাৰ পাছত কনিষ্টবল পদৰ নিযুক্তি প্রক্রিয়াও স্থগিত ৰখা হৈছে৷ আজি ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডে এক বিবৃতিত কয় যে উপ–পৰিদর্শক পদৰ নিযুক্তি কেলেংকাৰিত পৰীক্ষা অনুষ্ঠিত কৰা সংস্থাৰ লোক জড়িত থকাটো পোহৰলৈ আহিছে৷ একেটা সংস্থাই কনিষ্টবল পদৰ নিযুক্তি পৰীক্ষাও অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰিছিল৷ সেই বাবেই সশস্ত্র আৰু নিৰস্ত্র কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাৰ লগতে শাৰীৰিকভাৱে অক্ষম প্রার্থীৰ নিযুক্তিৰ বাবে অনুষ্ঠিত মৌখিক পৰীক্ষা সাময়িকভাৱে স্থগিত ৰখা হৈছে৷ শীঘ্রে পৰীক্ষাৰ পৰৱর্তী তাৰিখ ঘোষণা কৰা হ’ব আৰু স্বচ্ছভাৱে নিযুক্তি পৰীক্ষা সম্পন্ন হ’ব৷ উল্লেখ্য যে উপ–পৰিদর্শকৰ লগতে কনিষ্টবল পদৰ নিযুক্তি পৰীক্ষাৰ ঠিকা লাভ কৰিছিল অক্ষয় টেলিকমিউনিকেচন আৰু এমেইনটেক কনচালটেণ্ট নামৰ প্রতিষ্ঠান দুটাই৷ আৰক্ষীৰ জালত পৰা প্রাক্তন ডিআইজি পি কে দত্তৰ স্বীকাৰোক্তিৰ পৰা এই প্রতিষ্ঠানকেইটা সমগ্র কেলেংকাৰিৰ লগত জড়িত থকাটো স্পষ্ট হৈ পৰে৷ ইয়াৰ পাছতে অক্ষয় টেলিকমিউনিকেচনৰ লগত জড়িত ৰুবুল হাজৰিকা আৰু সৰোজ শর্মাই আজি আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰে৷ এমেইনটেকৰ প্রাঞ্জল বৰুৱাই এতিয়াও আত্মগোপন কৰি আছে৷ এনে পৰিস্থিতিত কনিষ্টবল পদৰ নিযুক্তিৰ নামতো ধন সংগ্রহৰ অভিযোগ উঠাত আজি নিযুক্তি প্রক্রিয়া সাময়িকভাৱে স্থগিত ৰখা হয়৷

You might also like