নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অসমীয়া ভাষাত আৰবীৰ লাখ লাখ শব্দ আছে’-অসমীয়াৰ স্বাভিমানত আঘাত হানি আজমলৰ আন এক স্পর্ধা

নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ  আৰবী ভাষাত লিখা বেনাৰ আঁৰি ৰাজহুৱা সভা আয়োজনেৰে অসম আৰু অসমীয়াৰ স্বাভিমানত আঘাত হনা এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ আন এখ স্পর্ধা৷ অসমবাসীয়ে একমুখে ধিক্কাৰ দিয়া নিকৃষ্ট কাণ্ডৰ স্পষ্টীকৰণ দিবলৈ গৈ এইবাৰ এ আই ইউ ডি এফৰ সভাপতিজনে উদ্ভাৱন কৰিলে অসমীয়া ভাষাৰ নতুন শব্দকোষ আজমলৰ মতে হেনো অসমীয়া ভাষাত আৰবীৰ লাখ লাখ শব্দ আছে৷ উল্লেখ্য যে গোৱালপাৰা চহৰৰ কাৰবালাস্থিত মার্কাজুল মাৰিফত বহিঃৰাজ্যৰ স্বেচ্ছাসেৱী সংস্থা এটাৰ সহযোগত আজমল ফাউণ্ডেচনে মঙলবাৰে এটা বিশুদ্ধ খোৱাপানী যোগান প্রকল্পৰ শুভাৰম্ভ কৰিছিল৷ এ আই ইউ ডি এফৰ সভাপতিজনে প্রকল্পটো উদ্বোধন কৰাৰ উপৰি এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাতো উপস্থিত আছিল৷ কিন্তু অতি আশ্চর্যজনকভাৱে অসমীয়া ভাষাক এলাগী কৰি ৰাজহুৱা সভাখনৰ মূল বেনাৰখন লিখা হৈছিল আৰবী ভাষাত৷ এই বিষয়টোক কেন্দ্র কৰিয়েই ৰাজ্যত ক্ষোভৰ উদ্গীৰণ ঘটে৷ বিভিন্ন দল–সংগঠনে এনে কার্যক একমুখে ধিক্কাৰ দিয়াৰ সমান্তৰালভাৱে প্রতিবাদী কার্যসূচীও ৰূপায়ণ কৰে৷

শুকুৰবাৰে দিনটোতো মহানগৰীৰ লখৰাত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে দাহ কৰে আজমলৰ প্রতিকৃতি৷ পিছে অসমীয়া ভাষাক এলাগী কৰি আৰবীক আগস্থান দিয়া কার্যৰ স্পষ্টীকৰণ দিবলৈ গৈ আজমলে কৰা এটা মন্তব্যই সকলোৰে চকু কপালত তুলিছে৷ সমগ্র ৰাজ্য প্রতিবাদমুখৰ হৈ থকাৰ সময়তে আজমলৰ ভাষা– ‘অসমত আমাৰ অসমীয়া ভাষাত আৰবীৰ লাখ লাখ শব্দ আছে৷’ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– নিজে মঞ্চৰ ওপৰত বহি থাকিও আজমলে হেনো আৰবী ভাষাত লিখা বেনাৰখন দেখাই পোৱা নাছিল৷ এ আই ইউ ডি এফৰ সভাপতিজনে কয় যে বিশুদ্ধ খোৱাপানী আমাৰ ইয়াত নাই৷ পানীত বেমাৰৰ বীজাণু আদি থাকে৷ সেয়েহে কিছু মানুহে আমাক দান দিছিল৷ এটা এন জি অ’ই আমাক নিমন্ত্রণ কৰিছিল আৰু আমি গৈছিলোঁ৷ তাত বেনাৰ লগোৱা আছিল৷ সেয়া মই খেয়াল কৰা নাছিলোঁ৷ এতিয়া টেলিফোন কৰি কৈছোঁ– বেনাৰখন নমাই দিয়ক৷ একাংশ মানুহে ভাল পোৱা নাই৷ আৰবী আঁতৰাই অসমীয়া ভাষাত লগাই দিবলৈ কোৱা হৈছে৷
‘এ আই ইউ ডি এফৰ কোনো মুখ্যমন্ত্রী পদৰ প্রার্থী নহয়’
‘মই মুখ্যমন্ত্রী পদৰ প্রার্থী নহওঁ৷ আমাৰ এ আই ইউ ডি এফ দলৰ কোনো মুখ্যমন্ত্রী পদৰ প্রার্থী নহয়৷ আমি কৈছোঁ কংগ্রেছৰ পৰা হ’ব৷ কংগ্রেছে তেওঁলোকৰ পৰা যাক দিয়ে তেওঁকে আমি মুখ্যমন্ত্রী প্রার্থী ৰূপে মানি ল’ম৷’ –এই ভাষ্য এ আই ইউ ডি এফৰ সভাপতি আজমলৰ৷ কালি সন্ধিয়াৰ ভাগত ধুবুৰীৰ আৱর্ত ভৱনত সংবাদ মাধ্যমৰ আগত স্থানীয় সাংসদজনে কেতবোৰ তাৎপর্যপূর্ণ মন্তব্য কৰে৷ উল্লেখ্য যে কালি দিনৰ ১১ বজাৰ পৰা সন্ধিয়া প্রায় ৬ বজালৈ ধুবুৰী জিলা উপায়ুক্তৰ প্রেক্ষাগৃহত জিলাখনৰ কেইবাজনো বিধায়ক আৰু জিলা উপায়ুক্তকে ধৰি বিভিন্ন বিভাগৰ শীর্ষ বিষয়াৰ উপস্থিতিত ‘দিশা’ৰ এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হৈছিল সাংসদ আজমল৷ উক্ত বৈঠকখনৰ পাছত সাংবাদিকৰে হোৱা কথা–বতৰাত অসমত কংগ্রেছ আৰু এ আই ইউ ডি এফকে ধৰি বিৰোধী দলসমূহক লৈ গঠন হ’বলগীয়া বিজেপিবিৰোধী মহাজোঁটে নতুনকৈ গঠিত ৰাজনৈতিক দলসমূহো আহিব বুলিও তেওঁ আশা প্রকাশ কৰে৷ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত আসন বুজাবুজিৰ ক্ষেত্রত কি সিদ্ধান্ত লোৱা হৈছে বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত আজমলে কয় যে আৰু তিনি মাহমান ৰ’ব লাগিব৷ ডিচেম্বৰলৈকে কিবা এটা আকাৰ পাব আৰু জানুৱাৰী মাহতহে এই সম্পর্কত ক’ব পাৰিম৷ তাৰ আগত একো ক’ব নোৱাৰিম৷ ইপিনে, জলেশ্বৰত স্থানীয় দলীয় বিধায়কজনক একাংশই ‘গ’ বেক’ ধ্বনি দিয়া প্রসংগ উনুকিয়াই দিয়াত আজমলে কয় যে দলৰ পৰা সমষ্টিটো প্রার্থিত্ব বিচৰা একাংশই বিধায়কজনক ‘গ’ বেক’ ধ্বনি দিছিল৷ এই সন্দর্ভত দলীয়ভাৱে অনুসন্ধান কৰি থকা হৈছে আৰু শীঘ্রে সকলো কথা পোহৰলৈ আহিব৷

You might also like