নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাত বাইক ৰেলী অবড়ো সুৰক্ষা সমিতি–গণ সুৰক্ষা পার্টীৰ

নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ   সমগ্র বিটিএডিত শুকুৰবাৰে বিটিআৰৰ বিৰুদ্ধে অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পার্টীয়ে উত্তাল প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷বাক্সা জিলাৰ ২১ নং শালবাৰী পৰিষদীয় সমষ্টিত অবডো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা সমিতিয়ে বিশাল বাইক ৰেলী উলিয়ায়৷ বিটিআৰ চুক্তিৰ বিৰুদ্ধে এই বাইক ৰেলী কার্যসূচী ৰূপায়ণ কৰে সংগঠন দুটাই৷ শালবাৰী সমষ্টিৰ প্রাক্তন এম চি এল এ তথা গণ সুৰক্ষা পার্টীৰ প্রার্থী চক্রধৰ দাসে উদ্বোধন কৰা বাইক ৰেলীত গণ সুৰক্ষা পার্টীৰ কেন্দ্রীয় কার্যকৰী সভাপতি গুলজাৰ হুছেইন, অবড়ো সুৰক্ষা সমিতিৰ শালবাৰী জিলা সমিতিৰ সভাপতি–সম্পাদক ক্রমে হজৰত আলী আৰু মুনিন্দ্র দাস, সংগ্রামী যুৱ ছাত্র মঞ্চৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক গুণজিত পাটগিৰিকে ধৰি কেইবাগৰাকী নেতাই অংশগ্রহণ কৰে৷ প্রতিবাদকাৰীসকলে বিটিআৰ বাতিল কৰক, অবড়ো গাঁও কর্তন কৰক, অবড়ো জিন্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ শালবাৰী সমষ্টিৰ আনন্দ বজাৰৰ পৰা আৰম্ভ কৰা বাইক ৰেলী চলিকান্দা, গোৱর্ধনা, বাঁহবাৰী হৈ গাতিৰ শান্তি বজাৰত সামৰণি পৰে৷
বাক্সাৰ ককলাবাৰীত বাইক ৰেলী
বাক্সা জিলাৰ ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিত অবডো সুৰক্ষা সমিতিয়ে বিটিআৰ চুক্তিৰ বিৰুদ্ধে এই বিশাল বাইক ৰেলী কার্যসূচী ৰূপায়ণ কৰে৷ অবডো সুৰক্ষা সমিতিৰ ককলাবাৰী পৰিষদীয় সমষ্টি কমিটীৰ সভাপতি সোণেশ্বৰ দাসে উদ্বোধন কৰা এই বাইক ৰেলীত ককলাবাৰী পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পার্টীৰ প্রার্থী মৃদুল দাস, অবডো সুৰক্ষা সমিতিৰ উপদেষ্টা সর্বেশ্বৰ ডেকা, অবডো সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশী, অবডো সুৰক্ষা সমিতিৰ মুছলপুৰ জিলা কমিটীৰ সভাপতি দেৱেন ডেকা, সম্পাদক নিৰঞ্জন বর্মনে অংশগ্রহণ কৰে৷ ককলাবাৰী পৰিষদীয় সমষ্টিৰ অবডো সুৰক্ষা সমিতিৰ উদ্যোগত আৰু যুৱ মর্চাৰ সহযোগত অনুষ্ঠিত এই বাইক ৰেলী কার্যসূচীত বিটিআৰ বাতিল কৰক, অবডো গাঁও কর্তন কৰক, অবডো জিন্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্রতিবাদকাৰীসকলে৷ প্রায় পাঁচ শতাধিক বাইকে অংশগ্রহণ কৰা বাইক ৰেলীটো অঞ্চলীৰ পৰা টকুৰাকুছি, ধেমধেমা, ভোটেপোৱাবডী হৈ জালাহ, নাওশালী, ঘোগাপাৰ, ভলুকামূৰী, চকাদল, নলবাৰী, গধূলিগাঁও, সাদেৰীচুপা, বুনিয়াকুছিৰে শিমলাত সামৰণি পৰে৷

You might also like