জালিয়াতি
অনিন্দ্য বৰগোহাঞি
কেইদিনমান আগতে বাতৰিকাকতৰ এটা খবৰে মোৰ দৃষ্টি আকর্ষণ কৰিলে৷ ৰিজার্ভ বেংকৰ শেহতীয়া বার্ষিক ৰিপ’ট অনুসৰি বিত্তীয় বর্ষ ২০১৯–২০ত বেংকৰ জালিয়াতিৰ(Banking frauds) পৰিমাণ আগৰ বছৰৰ তুলনাত দুগুণতকৈ বেছি বৃদ্ধি পাইছে৷ বিশেষ চিন্তাৰ কথা এয়ে যে এইধৰণৰ জালিয়াতিবোৰৰ অধিকাংশই– ৮০ শতাংশতকৈও বেছি সংঘটিত হৈছে ৰাজহুৱা খণ্ডৰ বেংকসমূহত৷ তিনি দশতকৈও অধিক কাল বেংকত চাকৰি কৰাৰ অভিজ্ঞতাৰে মই এই কথা দৃঢ়ভাৱে ক’ব পাৰোঁ যে যি দুটা শব্দই যিকোনো বেংক বিষয়াৰ অন্তৰত সর্বাধিক ত্রাসৰ সৃষ্টি কৰে, সেই দুটা হ’লfraud (জালিয়াতি) আৰুNPA (অর্থাৎ সময়মতে বা একেবাৰে পৰিশোধ নকৰা ঋণ)৷NPA আৰু জালিয়াতি বেংকিং উদ্যোগৰ বাবে আজি আটাইতকৈ ভয়াৱহ সমস্যা৷ এই দুয়োটা সমস্যাৰ ফলতেই বেংকসমূহ প্রতিবছৰে বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়৷ যিহেতু বেংকসমূহে ৰাজহুৱা ধনেৰে ব্যৱসায় কৰে, বেংকৰ লোকচান মানেই দেশৰ অর্থনীতিৰো লোকচান৷ যদিও দুয়োটা সমস্যাই অতি চিন্তাৰ বিষয়, জালিয়াতিৰ সমস্যাটো একপ্রকাৰে অধিক গম্ভীৰ আৰু দুর্ভাগ্যজনক, কাৰণ জালিয়াতি সংঘটিত হয় কোনো ব্যক্তি বিশেষৰ অসৎ অভিপ্রায় আৰু ইচ্ছাকৃত কার্যৰ দ্বাৰা৷ ইয়াৰ দ্বাৰা যে কেৱল বেংক বা অর্থনীতিৰেই বৃহৎ ক্ষতি হয় তেনে নহয়, লক্ষ লক্ষ সাধাৰণ নিৰপৰাধ মানুহো নিয়মীয়াভাৱে জালিয়াতিৰ চিকাৰ হয় আৰু আনকি বহুতো নির্দোষ বেংক কর্মচাৰীয়েও অন্যৰ দুষৃকতিৰ ফলত চাকৰি হেৰুৱাবলগীয়া হয়৷ মোৰ নিজৰে চিনাকি বহুতো বন্ধু–বান্ধৱ আৰু আত্মীয়–স্বজন বিভিন্ন সময়ত এইধৰণৰ প্রতাৰণাৰ বলি হৈছে৷ এই বিষয়ে কোনো সন্দেহ নাই যে বেংক জালিয়াতিৰ সম্পর্কে জনসাধাৰণৰ মাজত অধিক সজাগতাৰ সৃষ্টি কৰাটো অত্যন্ত প্রয়োজনীয় হৈ পৰিছে৷
এইখিনিতে এটা প্রশ্ণ উঠিব পাৰে যে বেংক জালিয়াতি বুলিলেনো আমি কি বুজোঁ? ৰিজার্ভ বেংকৰ সংজ্ঞা অনুসৰি জালিয়াতি হ’ল– a deliberate act of omission or commission by any person, carried out in course of a banking transaction or in the books of accounts maintained manually or under computer system in banks, resulting into wrongful gain to any person for a temporary period or otherwise, with or without any monetary loss to the bank.’ সহজ ভাষাত ক’বলৈ গ’লে যেতিয়াই কোনো ব্যক্তিয়ে অনর্জিত বা বেআইনী লাভৰ বাবে ইচ্ছাকৃতভাৱে কোনো কার্যত লিপ্ত হয়, বেংকৰ দ্বাৰা তেনে কার্যক জালিয়াতি বুলি চিনাক্ত কৰা হয়৷ জালিয়াতি যিকোনো ব্যক্তিৰ দ্বাৰা সংঘটিত হ’ব পাৰে– বেংক কর্মচাৰী, গ্রাহক, বেংকৰ লগত প্রত্যক্ষ সম্পর্ক নথকা কোনো ব্যক্তি, সেৱা প্রদানকাৰী service provider) অর্থাৎ উকীল বা সম্পত্তিৰ মূল্য নির্ণয়কাৰী অথবা এনেধৰণৰ একাধিক ব্যক্তিয়ে মিলিজুলি গ্রাহক বা বেংকক ঠগাব পাৰে৷ বেংকত কি কি ধৰণৰ জালিয়াতি হ’ব পাৰে, সেই সম্পর্কে বেছিভাগ পাঠকৰেই নিশ্চয় সাধাৰণ ধাৰণা আছে৷ উদাহৰণ দিবলৈ হ’লে অন্যৰ চহী জালি কৰি পইচা উলিওৱা বা অন্য লেনদেন কৰা, ভুৱা নথি–পত্র দি একাউণ্ট খোলা বা ঋণ লোৱা, ভুৱা সম্পত্তিৰ কাগজ জমা কৰি ঋণ লোৱা, এটিএম বা অনলাইন জালিয়াতি আদিৰ উল্লেখ কৰিব পাৰি৷ কিন্তু বেংকৰ দৃষ্টিকোণৰ পৰা আটাইতকৈ বেছি চিন্তাৰ কাৰণ হ’ল ডাঙৰ ব্যৱসায়ী বা কোম্পানীয়ে বৃহৎ ঋণৰ– যাক চমুকৈ ক’ব পাৰি কর্প’ৰেট ঋণ corporate loan)– ক্ষেত্রত কৰা জালিয়াতি আৰু অনলাইন জালিয়াতি৷ এই দুয়োবিধ জালিয়াতিৰ পৰিমাণ অতি দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ কেইটামান পৰিসংখ্যাৰ দ্বাৰা পৰিস্থিতিটো স্পষ্ট হ’ব৷
২০১৭–১৮ বিত্তীয় বর্ষত বেংকত সংঘটিত মুঠ জালিয়াতিৰ পৰিমাণ আছিল ৪১,১৬৭ কোটি টকা৷ ইয়াৰ পিছৰ দুটা বছৰত অর্থাৎ ২০১৮–১৯ আৰু ২০১৯–২০ত এই পৰিমাণ অবিশ্বাস্য গতিত বৃদ্ধি হৈ যথাক্রমে হয়গৈ ৭১,৫৪৩ কোটি আৰু ১,৩৫,৬৪৪ কোটি টকা৷ শেহতীয়া পৰিমাণৰ ৯৮ শতাংশই আছিল ঋণ সন্দর্ভত সংঘটিত জালিয়াতি আৰু ৯০ শতাংশ সংঘটিত হৈছিল ৰাজহুৱা খণ্ডৰ বেংকত৷ আটাইতকৈ উল্লেখযোগ্য কথা এয়ে যে মাত্র ৫০টা বৃহৎ কোম্পানীৰ দ্বাৰা বেংকিং উদ্যোগৰ ৭৩ শতাংশ জালিয়াতি সংঘটিত হৈছে৷ গতিকে কোৱা বাহুল্য যে কর্প’ৰেট ঋণৰ ক্ষেত্রত হোৱা জালিয়াতিয়েই চৰকাৰ আৰু বেংক কর্তৃপক্ষৰ বাবে আটাইতকৈ ডাঙৰ মূৰ কামোৰণিৰ কাৰণ হৈ পৰিছে৷ এইধৰণৰ জালিয়াতিবোৰনো কি ধৰণে সংঘটিত হয়, তাকে জানিবলৈ পাঠকৰ মনত হয়তো কৌতূহল হ’ব পাৰে৷ সহজ ভাষাত ক’বলৈ হ’লে কোম্পানীসমূহে বেংকৰ পৰা ব্যৱসায়ৰ প্রয়োজনতকৈ অধিক ঋণ লৈ ব্যক্তিগত কামত বা ব্যক্তিগত সম্পত্তি আহৰণৰ বাবে অধিকাংশ ঋণ খৰচ কৰে৷ তাৰ বাবে এইবোৰ কোম্পানীয়ে বেংকত জাল বা ভুৱা দলিল, নথি–পত্র– যেনে ভুৱা বেলেঞ্চশ্বীট বা বিত্তীয় নথি–পত্র, স্থাৱৰ সম্পত্তিৰ অতিৰঞ্জিত মূল্যায়ন কৰা ৰিপ’ট, বেংক ঋণৰ দ্বাৰা কিনিবলগীয়া কেঁচামাল বা যন্ত্রপাতিৰ বাবে ভুৱা বা বর্ধিত মূল্যৰ কোটেচন ইত্যাদি– জমা কৰি বেছিকৈ ঋণ লয়৷ কেতিয়াবাতো যি ব্যৱসায়ৰ কাৰণে ঋণ লয়, সেই ব্যৱসায়টোৱে ভুৱা বা অস্তিত্বহীন৷ কথা হ’ল, কেনেকৈনো এই কোম্পানীবোৰে বেংকৰ চকুত ধূলি মাৰি পইচা লুটিব পাৰে? যদিও বিভিন্ন কাৰণ বা পৰিস্থিতিৰ ফলত জালিয়াতি সম্ভৱ হ’ব পাৰে, ইয়াত কেইটামান মূল মূল সম্ভাব্য কাৰণহে উল্লেখ কৰিম৷ ৰিজার্ভ বেংকৰ বার্ষিক ৰিপ’টত উল্লেখ কৰা হৈছে যে জালিয়াতি সংঘটিত হোৱাৰ পূর্বেই কিছুমান প্রাৰম্ভিক সতর্কতা সংকেত Early Warning signal বা চমুকৈEWS) দেখা যায়, যিবোৰ বেংকে সময়মতে চিনাক্ত কৰিবলৈ ব্যর্থ হয় আৰু চিনাক্ত কৰিলেও কোনোধৰণৰ পদক্ষেপ নলয়৷ EWS)বোৰ সময়মতে চিনাক্ত নোহোৱাৰ ফলত জালিয়াতি প্রতিৰোধ কৰাটো প্রায় অসম্ভৱ হৈ পৰে আৰু বেংকসমূহে অনাহকত লোকচান ভৰিবলগীয়া হয়৷ দেখা গৈছে যে ঋণ সন্দর্ভত সংঘটিত জালিয়াতি আৱিষ্কাৰ হ’বলৈ প্রায় দুবছৰ সময় লাগে আৰু কর্প’ৰেট ঋণৰ ক্ষেত্রততো জালিয়াতি ধৰা পৰে মানে পাঁচ বছৰতকৈও অধিক সময় অতিবাহিত হয়৷ কেতিয়াবা কর্মচাৰীয়ে বেংকৰ নিয়ম–কানুন বা প্রণালীসমূহ নমনাৰ ফলতো অসৎ ব্যক্তি বা কোম্পানীয়ে জালিয়াতি কৰিবলৈ সুযোগ পায়৷ শুনিবলৈ বেয়া লাগিলেও আন এটা দুর্ভাগ্যজনক কাৰণ এয়ে যে সংখ্যাৰ পিনৰ পৰা অতি কম হ’লেও কিছুমান জালিয়াতিৰ ঘটনাৰ লগত বেংক কর্মচাৰীও লিপ্ত থাকে৷ তিনি বছৰমান আগতে পঞ্জাব নেচনেল বেংকত হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ দ্বাৰা সংঘটিত জালিয়াতিৰ বিষয়ে প্রায় সকলোৱে শুনিছে৷ এই ব্যৱসায়ীজনে বছৰৰ পিছত বছৰ ধৰি বেংকটোৰ মুম্বাইৰ এটা শাখাৰ এজন কর্মচাৰীৰ সহায়ত কোটি কোটি টকা সৰকাবলৈ সক্ষম হৈছিল৷ কর্মচাৰীজনে অৱসৰ লোৱাৰ পিছতহে ঘটনাটো ধৰা পৰে৷ তেতিয়ালৈকে বেংকৰ পৰা প্রায় ১৩,০০০ কোটি টকা ওলাই গৈছিল৷ সামৰণিত যদি সোধা হয় যে জালিয়াতিৰ মুখ্য কাৰণ কি, তেতিয়াহ’লে ক’ব লাগিব যে মানুহৰ লোভেই ইয়াৰ প্রধান কাৰণ৷ এই সন্দর্ভত বহু বছৰৰ আগৰ এটা অভিজ্ঞতা মনত পৰিছে৷ মই চাকৰি কৰা এটা শাখাত এজন গ্রাহকে কেৱল লোভৰ বশৱর্তী হৈ এটা জালিয়াতি কৰি কেইবাটাও বেংকক বিপদত পেলাইছিল৷ সেই প্রসংগলৈ অহাৰ আগতে অনলাইন জালিয়াতিৰ বিষয়ে চমুকৈ ক’ব খুজিছোঁ, কাৰণ ইয়াৰ দ্বাৰা কেতিয়াবা নহয় কেতিয়াবা আমি সকলোৱে বিপন্ন হ’ব পাৰোঁ৷ কর্প’ৰেট জালিয়াতিৰ তুলনাত অনলাইন জালিয়াতিৰ পৰিমাণ নগণ্য হ’লেও চিন্তাৰ বিষয় এয়ে যে যোৱা কেইবছৰত অনলাইন জালিয়াতি অবিশ্বাস্য গতিত বৃদ্ধি পাইছে৷ ২০১৮–১৯ত এইধৰণৰ জালিয়াতিৰ পৰিমাণ আছিল ৭১ কোটি টকা৷ কিন্তু এবছৰ পিছতেই এই পৰিমাণ ১৯৫ কোটিলৈ বৃদ্ধি হয়, অর্থাৎ এবছৰতে ১৭৪ শতাংশ বৃদ্ধি আধুনিক চাইবাৰ অপৰাধীবোৰ Cyber criminals) ইমানেই দক্ষ আৰু চতুৰ যে অনলাইন জালিয়াতিৰ পৰা নিজকে সম্পূর্ণ সুৰক্ষিত কৰিবলৈ কোনো অব্যর্থ উপায় নাই৷ তথাপি কিছুমান সাধাৰণ সতর্কতা অৱলম্বন কৰিলে– যেনে নিজৰ বেংক একাউণ্টৰ বিৱৰণ গোপনে ৰখা, সহজে অনুমান কৰিব নোৱৰা কঠিন পাছৱর্ড ব্যৱহাৰ কৰা বা পাছৱর্ড সঘনে সলনি কৰা ইত্যাদি– বহু বিপদৰ পৰা সাৰি থাকিব পাৰি৷
৷৷২৷৷
আজিৰ পৰা প্রায় বিছ বছৰ আগতে মই মুম্বাই চহৰৰ এটা সৰু ব্রাঞ্চৰ মেনেজাৰ আছিলোঁ৷ এদিন বেংকৰ এজন গণ্যমান্য গ্রাহক কিবা এটা কামৰ বাবে আহিল৷ গ্রাহকজনৰ লগত এজন সুদর্শন চেহেৰাৰ যুৱকো আছিল৷ তেওঁ নিজৰ চিনাকি দি ক’লে যে তেওঁৰ নাম ৰোহিত আৰু পেছাত তেওঁ এজন বিত্তীয় পৰামর্শদাতা financial consultant)৷ ৰোহিতৰ লগত কথা পাতি তেওঁৰ নম্র স্বভাৱ, সুন্দৰ ব্যক্তিত্ব আৰু বেংকিং, অর্থনীতি ইত্যাদিৰ ওপৰত থকা জ্ঞানৰ দ্বাৰা মই সঁচাকৈয়ে মুগ্ধ হৈছিলোঁ৷ এমাহ মানৰ পিছত ৰোহিত আকৌ এবাৰ বেংকলৈ আহিল আৰু মোক জনালে যে তেওঁ এটাevent management কোম্পানী খুলিছে, যাৰ বাবে তেওঁক এটা ঋণ লাগে৷ যদিও তেওঁক সহায় কৰিবলৈ ইচ্ছা গৈছিল, তথাপি তেওঁৰ কোমল বয়স আৰু ব্যৱসায়ৰ অনভিজ্ঞতা আদিৰ কথা চিন্তা কৰি অলপ সংকোচ কৰিলোঁ৷ মোক ইতস্ততঃ কৰা দেখি ৰোহিতে ক’লে যে তেওঁ বর্তমানে পুৰণি গাড়ী কিনা–বেচাৰ এটা ব্যৱসায় কৰি আছে৷ মই যদি এতিয়াই তেওঁক ঋণ দিব নোখোজোঁ, তেতিয়াহ’লে তেওঁ সদ্যহতে ‘ৰোহিত অট’ম’বাইলছ’ নামৰ গাড়ীৰ ব্যৱসায়ৰ প্রতিষ্ঠানটোৰ এটা কাৰেণ্ট একাউণ্ট খুলিব৷ একাউণ্টটোৰ সন্তোষজনক লেনদেন দেখাৰ পিছত ভৱিষ্যতে মই নিশ্চয় নিজেই তেওঁক ঋণ দিবলৈ আগবাঢ়িম৷ পিছদিনাখন ৰোহিতে প্রয়োজনীয় কাগজ–পত্র জমা কৰি একাউণ্ট খুলিলে৷
কিছু সময় পাৰ হৈ গ’ল৷ ৰোহিতৰ একাউণ্টত বেছি লেনদেন নহ’লেও একাউণ্টটো সুচাৰুৰূপেই চলি আছিল৷ তেওঁ কেৱল তিনিৰ পৰা পাঁচ লাখমান টকাৰ ড্রাফ্ট জমা কৰিছিল আৰু প্রয়োজনীয় নূ্যনতম জমা ৰাখি কেইদিনমান পিছত পইচাখিনি উলিয়াই নিছিল৷ ৰোহিতে বেংকলৈ আহিলে মাজে মাজে মোৰ কেবিনলৈকে আহিছিল আৰু ব্যৱসায়, বেংকিং আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিছিল৷ মই লক্ষ্য কৰিছিলোঁ যে তেওঁ সদায়ে এখন দামী গাড়ী চলাই আহিছিল৷ এদিন তেওঁ এগৰাকী সুন্দৰী যুৱতীক লগত লৈ আহিছিল৷ যুৱতীগৰাকীক তেওঁৰ বান্ধৱী বুলি চিনাকি দি জনালে যে তেওঁ এগৰাকী কমার্চিয়েল পাইলট আৰু ৰোহিতৰ ব্যৱসায়তো সহায় কৰে৷
এদিন গধূলি বেংক বন্ধ হোৱাৰ ঠিক আগতে মোক দেখা কৰিবলৈ কেইজনমান মানুহ আহিল৷ তেওঁলোকে নিজকে এটা ৰাজহুৱা খণ্ডৰ বেংকৰ সতর্কতা বিভাগৰ vigilance Department) বিষয়া বুলি পৰিচয় দিলে৷ তেওঁলোকৰ কথাৰ পৰা গম পালোঁ যে ৰোহিতে সেই বেংকৰ এটা শাখাৰ পৰা গাড়ী কিনিবলৈ ঋণ লৈছিল আৰু তাৰ বাবে ৰোহিত অট’ম’বাইলছ নামৰ ‘গাড়ী বিক্রেতা’ৰ কোটেচন জমা কৰিছিল৷ শাখাৰ দ্বাৰা ঋণ বিতৰণৰ পিছত বিক্রেতাৰ নামত এখন ড্রাফ্ট জাৰি কৰা হৈছিল আৰু ৰোহিতে বিক্রেতাৰ হাতত জমা দিবলৈ ড্রাফ্টখন শাখাৰ পৰা সংগ্রহ কৰি লৈ গৈছিল৷ কিন্তু শাখাৰ এজন বিষয়াৰ মনত সন্দেহ উপজিল, কাৰণ মুম্বাইৰ সেই অঞ্চলটো তেওঁৰ ভালদৰে পৰিচিত আৰু ৰোহিত অট’ম’বাইলছ নামৰ গাড়ী বিক্রেতাৰ নাম তেওঁ কেতিয়াও শুনা নাই৷ গতিকে তেওঁ সেই ঠিকনাত খবৰ কৰিবলৈ গৈ গম পালে যে সঁচাকৈয়ে সেই নামৰ গাড়ী বিক্রেতাৰ সেই অঞ্চলত কোনো অস্তিত্ব নাই
ৰোহিতে ইতিমধ্যে ড্রাফ্টখন আমাৰ বেংকত খোলা ৰোহিত অট’ম’বাইলছ নামৰ একাউণ্টত জমা কৰিছিল আৰু আমিও তাৰ মূল্য আদায় কৰিবলৈ ক্লিয়েৰিঙৰ মাধ্যমেৰে সেই ড্রাফ্টখন জাৰি কৰা শাখালৈ পঠাইছিলোঁ৷ সেই সূত্র ধৰিয়েই ৰোহিতৰ সন্ধানত অন্য বেংকটোৰ বিষয়াসকল আমাৰ শাখাত উপস্থিত হৈছিলহি৷
মই স্বাভাৱিকতেই দুঃচিন্তাত পৰিলোঁ, কাৰণ মোৰ শাখাত খোলা একাউণ্টৰ জৰিয়তে এটা জালিয়াতি সংঘটিত হ’ল৷ লগতে এই কথাও উপলব্ধি কৰিলোঁ যে ৰোহিতে নিশ্চয় অন্য বেংককো ঠগিছে আৰু একাউণ্টত জমা কৰা ড্রাফ্টবোৰ নিশ্চয় এইধৰণৰ জালিয়াতিৰ দ্বাৰাই আহৰণ কৰা হৈছিল৷ মই লগে লগে ৰেজিষ্টাৰ খুলি প্রয়োজনীয় তথ্য সংগ্রহ কৰিলোঁ আৰু দেখিলোঁ যে একাউণ্টটো যিহেতু বেছি পুৰণি নহয়, ইতিমধ্যে মাত্র চাৰিখনমানহে ড্রাফ্ট জমা হৈছিল৷ মই সেই ড্রাফ্ট জাৰি কৰা আটাইকেইটা শাখাৰ মেনেজাৰক ফোন কৰি নিশ্চিত হ’লোঁ যে ৰোহিতে ভুৱা ডকুমেণ্টৰ দ্বাৰা গাড়ী কিনিবলৈ ঋণ লৈ আমাৰ শাখাত ড্রাফ্টবোৰ জমা কৰি পইচা সৰকাইছে৷ মোৰ পৰা যেতিয়া গম পালে যে তেওঁলোক এটা জালিয়াতিৰ বলি হৈছে, সকলোৰে মুখৰ মাত হৰিল৷ যি নহওক, আমি পৰস্পৰৰ মাজত আলোচনা কৰি ঠিক কৰিলোঁ যে ৰোহিতৰ কোনো শুংসূত্র পালেই সকলোকে জনোৱা হ’ব৷
পিছদিনাখন ৰাতিপুৱাই এজন মেনেজাৰে ফোন কৰি জনালে যে ৰোহিত তেওঁৰ জিম্মাত আছে৷ তেওঁ হেনো ৰোহিতৰ জালিয়াতিৰ খবৰ পাই সেইদিনা ৰাতিয়েই বেংকত দিয়া ঠিকনাত ৰোহিতক বিচাৰি গৈছিল– সৌভাগ্যক্রমে ঠিকনাটো ভুৱা নাছিল– আৰু শোৱাপাটীৰ পৰা উঠাই তেওঁক শাখালৈ লৈ আনিছিল৷ মেনেজাৰজনে ৰোহিতক জেৰা কৰি গম পালে যে তেওঁৰ কমার্চিয়েল পাইলট বান্ধৱীগৰাকীৰ ঘৰতেই তেওঁ পেয়িং গেষ্ট হৈ আছিল আৰু বান্ধৱীগৰাকীৰ বুদ্ধিমতেই জালিয়াতি আৰম্ভ কৰিছিল৷ লগতে তেওঁ ইয়াকো গম পালে যে ৰোহিতৰ পিতৃ ৰাজহুৱা খণ্ডৰ এটা কোম্পানীৰ এজন উচ্চপদস্থ বিষয়া আৰু মাকো কলিকতাৰ এখন আগশাৰীৰ কলেজৰ অধ্যাপিকা৷ তেওঁলোকৰ একমাত্র সন্তান ৰোহিত মুম্বাইলৈ আহিছিল নিজকে প্রতিষ্ঠা কৰাৰ আশাত, কিন্তু বান্ধৱীগৰাকীৰ সংস্পর্শলৈ অহাৰ পিছত মুম্বাইৰ গ্লেমাৰ আৰু আড়ম্বৰপূর্ণ জীৱনৰ প্রতি আকর্ষিত হৈ সহজে পইচা ঘটিবলৈ জালিয়াতি আৰম্ভ কৰে৷
ৰোহিতৰ লগত ফোনতে কথা পাতিলোঁ আৰু কোনো অনুশোচনা প্রকাশ নকৰাকৈয়ে তেওঁ জনালে যে ভুৱা ঋণ লোৱা পইচাবোৰ তেওঁ এটা ব্যক্তিগত খণ্ডৰ বেংকত জমা কৰি থৈছে আৰু প্রতিটো বেংককে সম্পূর্ণ পইচা ঘূৰাই দিব৷ সঁচাকৈয়ে কেইদিনমানৰ ভিতৰতে সকলোবোৰ বেংকে ঋণ দিয়া সম্পূর্ণ পৰিমাণ ঘূৰাই পালে৷
কাহিনীটো কিন্তু এতিয়াও শেষ হোৱা নাই৷ এই ঘটনাৰ প্রায় ছমাহমান পিছত সুনীতা নামৰ এগৰাকী মহিলা কর্মচাৰী এদিন মোৰ কেবিনলৈ আহি সুধিলে, ‘ছাৰ, ভুৱা ঋণ লোৱা সেই ৰোহিত নামৰ মানুহজনৰ কিবা খবৰ আছেনে?’
ইমান দিনৰ মূৰত হঠাতে ৰোহিতৰ নাম লোৱাত মোৰ স্বাভাৱিকতে কৌতূহল হ’ল আৰু তেওঁক সুধিলোঁ, ‘তুমি কিয় সুধিছা, নিশ্চয় কিবা আৰু ঘটনা ঘটিছে৷’ তেতিয়া সুনীতাই জনালে যে যোৱা দেওবাৰে তেওঁ ঘৰৰ কাষতে থকা অন্য এটা বেংকলৈ লকাৰৰ পৰা কিবা বস্তু উলিয়াবলৈ গৈছিল৷ বেংকত সোমাই দেখিলে যে ব্রাঞ্চ মেনেজাৰৰ সন্মুখত এজন চিনাকি যেন লগা মানুহ বহি আছে৷ অলপ ওচৰলৈ গৈ দেখিলে মানুহজন অন্য কোনো নহয়, কেইবাটাও বেংকক প্রতাৰণা কৰা স্বয়ং ৰোহিত যি নহওক, সুনীতাই নিজৰ কাম শেষ কৰি মেনেজাৰৰ ওচৰলৈ গ’ল (ইতিমধ্যে ৰোহিত গুচি গৈছিল) আৰু ৰোহিত অহাৰ উদ্দেশ্য সোধাৰ লগতে আমাৰ অভিজ্ঞতাৰ কথাও জনালে৷ সুনীতাৰ কথা শুনি মেনেজাৰে অতি বিচলিত হৈ জনালে যে ৰোহিতে তেওঁৰ শাখাৰ পৰাও গাড়ী কিনিবৰ উদ্দেশ্যে এটা ঋণ লৈছে আৰু সেই সময়ত তেওঁ ড্রাফ্টখন সংগ্রহ কৰিবৰ বাবেহে আহিছিল৷ কথাখিনি কৈয়ে মানুহজনে বেংকৰ পৰা ওলাই দৌৰ মাৰিলে৷ সুনীতায়ো কিনো হয় চাবলৈ কৌতূহলবশতঃ বেংকতে বহি থাকিল৷ প্রায় বিশ মিনিট পিছত মেনেজাৰজন ফোঁপাই ফোঁপাই, ঘামি–জামি বেংকলৈ উভতি আহিল– মুখত কিন্তু তেওঁৰ বিজয়ৰ হাঁহি আৰু মুঠিত এখন ভাজ লগা ড্রাফ্ট
ফোনঃ৮০০৩৯–৯৪৯৫৭