নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলুচ কর্মীক পাক সেনাৰ ৰাসায়নিক আক্রমণ

ইছলামাবাদৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ ড০ আল্লাহ নাজাৰ বেলুচৰ

নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ  পাকিস্তানী সেনাই বেলুচিস্তান আৰু সিন্ধ প্রদেশৰ বিক্ষুব্ধ জনতাৰ বিৰুদ্ধে ৰাসায়নিক অস্ত্র ব্যৱহাৰ কৰিছে৷ সিন্ধ প্রদেশৰ পৰা ইতিমধ্যে সিন্ধি আৰু উর্দুভাষী বহু কর্মীক অপহৰণ কৰিছে পাকিস্তানী সংস্থাই৷ বেলুচ আৰু সিন্ধি লোকসকলৰ বিৰুদ্ধে ৰাসায়নিক অস্ত্র ব্যৱহাৰ কৰি পাকিস্তানে যুদ্ধ অপৰাধ সংঘটিত কৰাৰ উপৰি মানৱ অধিকাৰ উলংঘা কৰিছে৷ উল্লেখনীয় যে দুয়োখন প্রদেশত প্রতিবাদী কর্মীসকলৰ ওপৰত পাকিস্তানে চলাই থকা পাশৱিক আতিশয্যৰ ঘটনাক লৈ ইতিমধ্যে বিশ্বজুৰি বেলুচ নেতাসকলে প্রতিবাদ সাব্যস্ত কৰি আছে৷ লক্ষণীয়ভাৱে হাজাৰ হাজাৰ বেলুচ ৰাষ্ট্রীয়তাবাদী কর্মী বিগত এটা দশকৰ ভিতৰত সন্ধানহীন হৈছে বিলুচিস্তানত৷ আনকি সেনাই বিভিন্ন সময়ত মিছা অভিযোগ তুলি হত্যা কৰা বেলুচ কর্মীসকলৰ মৃতদেহো পৰিয়ালক ঘূৰাই দিয়া নাই৷ শেহতীয়াকৈ এই অভিযোগ কৰিছে বেলুচ ৰাষ্ট্রীয়তাবাদী নেতা ড০ আল্লাহ নাজাৰ বেলুচে৷ নাজাৰৰ মতে, বিভিন্ন সময়ত পাকিস্তানী সেনাই বেলুচ লোকসকলৰ প্রতিবাদী কণ্ঠ স্তব্ধ কৰিবলৈ ৰাসায়নিক অস্ত্র ব্যৱহাৰ কৰিছে৷ ড০ নাজাৰ বেলুচৰ এই বিবৃতি শেহতীয়াকৈ সংবাদ মাধ্যমত প্রকাশ পোৱাৰ পাছতে আন্তর্জাতিক মঞ্চত বিষয়টোক লৈ চলিছে সৰৱ চর্চা৷ বেলুচ নেতাগৰাকীৰ মতে, পাক প্রশাসনে অধিকাৰৰ দাবীত সৰৱ হোৱা সিন্ধি আৰু উর্দুভাষী যুৱক–যুৱতীসকলক্ শেহতীয়াকৈ আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈছে৷ প্রতিবাদী কার্যসূচী গ্রহণ কৰিলেই সিন্ধি–উর্দুভাষী যুৱক–যুৱতীসকলক্ পাক বাহিনীয়ে অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰাৰো অভিযোগ আনিছে ড০ নাজাৰ বেলুচে৷ বেলুচ নেতাগৰাকীৰ অভিযোগ অনুসৰি বিভিন্ন সময়ত চীনৰ পৰা ৰাসায়নিক আৰু জৈৱিক অস্ত্র লাভ কৰিছে পাকিস্তানী সেনাই৷ গতিকে গ্রেপ্তাৰ হোৱা বেলুচ কর্মীসকলৰ বিৰুদ্ধে সেনাই নিজৰ জিম্মাত জৈৱিক আৰু ৰাসায়নিক অস্ত্র ব্যৱহাৰ কৰি নৃশংসভাৱে হত্যা কৰি আহিছে বুলিও নেতাগৰাকীয়ে বিবৃতিটোত উল্লেখ কৰে৷

You might also like