নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ দলৰে মিত্ৰতা কৰিব অসম জাতীয় পৰিষদে

নিয়মীয়া বাৰ্তা,১০ অক্টোবৰঃ ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিব আছুৰ উদ্যোগত গঠিত হোৱা অসম জাতীয় পৰিষদে।এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে AJPৰ আহ্বায়ক জগদীশ ভূঞাই। নৱেম্বৰত দুয়োটা দলৰ মাজত মিত্ৰতা নিশ্চিত বুলি মন্তব্য AJPৰ।

এই সন্দৰ্ভত জগদীশ ভূঞাই কয় যে অসমৰ সকলো আঞ্চলিকতাবাদী ৰাজনৈতিক দল যিবোৰ দল সৰ্বভাৰতীয় দল আৰু সাম্প্ৰদায়িক দলৰ সৈতে জড়িত হৈ থকা নাই তেনে দলসমূহক আমি একত্ৰিত কৰি ২০২১চনৰ নিৰ্বাচনত এক একত্ৰিত আঞ্চলিক শক্তি হিচাপে যুঁজখনত আগবঢ়াই নিবলৈ চেষ্টা কৰিম। অসম জাতীয় পৰিষদৰ নাম ঘোষণা হোৱাৰ পাছতে স্পষ্ট ভাষাৰে আমি এই কথাবোৰ কৈ আহিছো।

অসমৰ আঞ্চলিক শক্তিসমূহ একত্ৰিত হৈ যুঁজিব। নবেম্বৰৰ পাছত ঐক্যবদ্ধ হোৱাৰ ৰূপৰেখা আমি ঠিক কৰিম। পূৰ্ণাংগ সমিতিয়ে আত্মপ্ৰকাশ কৰাৰ পাছত এই প্ৰক্ৰিয়া আগবাঢ়িব বুলিও মন্তব্য কৰে জগদীশ ভূঞাই।

You might also like