‘ৰাজদ্বীপ গোৱালাই নহয়, বহু নেতাই যোগদান কৰিব বিজেপিত’
নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ কেৱল ৰাজদ্বীপ গোৱালাই নহয় দেশক ভালপোৱা বহু নেতাই যোগ দিব বিজেপিত। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ লগতে কয় য়ে বহু জনজাতীয় নেতাই আগন্তুক দিনত যোগদান কৰিব বিজেপিত। আমি বিচাৰো ভাৰত আৰু অসমক ভালপোৱা প্ৰতিজন লোকেই বিজেপিত থাকক।
আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে লক্ষীপুৰ সমষ্টিৰ বিধায়ক ৰাজদ্বীপ গোৱালাই শীঘ্ৰে যোগ দিব বিজেপিত। এইবাৰ নিৰ্বাচন মুখ্যমন্ত্ৰী হোৱাৰ যুঁজ নহয়, এয়া সভ্যতা-সংস্কৃতিৰ ৰক্ষাৰ যুঁজ বুলিও মন্তব্য কৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।