নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ পৰাও বহু নেতাই আহিব কংগ্রেছলৈ; হাগ্রামাৰেও চলিছে যোগাযোগ

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ সমাগত বিধানসভা নির্বাচনৰ পূর্বে বিজেপিৰ কেইবাগৰাকীও নেতাই কংগ্রেছ দলত যোগদান কৰাৰ বাবে ইতিমধ্যে কংগ্রেছৰে গোপন যোগাযোগ ৰক্ষা কৰিছে৷ শনিবাৰে পাঠশালাত এই কথা প্রকাশ কৰে অসম প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ উল্লেখ্য যে  পুৱাৰ ভাগত গুৱাহাটীৰ পৰা বৰপেটালৈ এক প্রতিবাদী কার্যসূচীত অংশগ্রহণৰ বাবে যোৱাৰ পথত পাঠশালাৰ পৰা কংগ্রেছৰ নেতা–কর্মীয়ে ৰিপুণ বৰাক বাইকেৰে সমদল কৰি আদৰি লৈ যায়৷ ইয়াৰ পূর্বে বজালী ব্লক কংগ্রেছৰ তৰফৰ পৰা পাঠশালাত ৰিপুণ বৰাক আদৰণি জনোৱা হয়৷ সাংবাদিকৰ আগত বৰাই আন কেতবোৰ গুৰুত্বপূর্ণ মন্তব্যও আগবঢ়ায়৷

সাংবাদিকৰ প্রশ্নৰ উত্তৰত ৰাজদীপ গোৱালা আৰু ৰুমী নাথক কংগ্রেছৰ পৰা বহিষ্কাৰ কৰা সন্দর্ভত ৰিপুণ বৰাই কয় যে বিজেপিৰ লগত সম্পর্ক ৰক্ষা কৰাৰ বাবে ৰাজদীপ গোৱালা আৰু ৰুমী নাথক বহিষ্কাৰ কৰা হৈছে৷ দুয়োগৰাকীয়ে কংগ্রেছ দলত থাকিও বিজেপিৰ সৈতে ঘনিষ্ঠতা ৰক্ষা কৰি আহিছিল৷ তদুপৰি ৰাজদীপ গোৱালাই বিজেপিত যোগদান কৰিব বুলি বিভিন্ন বা–বাতৰি প্রকাশ হৈ অহাৰ লগতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শিলচৰৰ ৰাজহুৱা সভাত কৈছিল যে অতি সোনকালে ৰাজদীপ গোৱালাই বিজেপিত যোগদান কৰিব৷ এনে ঘটনাৰ পাছত কংগ্রেছ দলৰ পৰা ৰাজদীপ গোৱালালৈ কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰা হৈছিল আৰু স্থিতি স্পষ্ট কৰাৰ বাবে আহ্বান জনোৱা হৈছিল৷ কিন্তু গোৱালাই স্থিতি স্পষ্ট নকৰাত বিজেপিত যোগদান কৰিব বুলি কংগ্রেছ নিশ্চিত হৈ সিদ্ধান্ত ল’বলৈ বাধ্য হয়৷ বিজেপিক দেশৰ শত্রু আখ্যা দি তেওঁ কয় যে বিজেপিৰ সৈতে তেওঁলোকৰ দলৰ সদস্যই পোনপটীয়াকৈ যোগাযোগ ৰখাটো অনুশাসন ভংগৰ বিষয়৷ ইয়াৰ বাবেই দুয়োগৰাকী নেতাক বহিষ্কাৰৰ সিদ্ধান্ত লোৱা হয় বুলি আজি স্পষ্টকৈ প্রকাশ কৰে বৰাই৷

ইফালে, হাগ্রামা মহিলাৰীক কংগ্রেছৰ পক্ষলৈ আহিবলৈ আহ্বান জনাইছে ৰিপুণ বৰাই৷ ইতিমধ্যে হাগ্রামাৰে কংগ্রেছৰ যোগাযোগ চলা বুলিও শনিবাৰে সংবাদ মাধ্যমৰ আগত দোহাৰে কংগ্রেছ সভাপতিগৰাকীয়ে৷ ইপিনে, নৱগঠিত ৰাইজৰ দল আৰু এজেপিৰ লগত মিত্রতাৰ যোগাযোগ চলি আছে বুলি ঘোষণা কৰে ৰিপুণ বৰাই৷

ইফালে, কংগ্রেছৰ মুখ্যমন্ত্রী পদৰ প্রার্থী কোন হ’ব সেয়া এতিয়া বিচার্য নহয় বুলি বৰাই স্পষ্ট কৰি দিয়ে৷ বৰং বিজেপিক অসমৰ পৰা আঁতৰাই কেনেদৰে কংগ্রেছে শাসন ঘূৰাই আনিব পাৰে, সেই বিষয়টো এতিয়া গুৰুত্বপূর্ণ বুলি দোহাৰে প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে৷ উল্লেখ্য যে আজি পাঠশালাত কংগ্রেছ সভাপতিগৰাকীক বৰপেটা জিলা সভাপতি শান্তনু শর্মা, কংগ্রেছ নেতা বৈকুণ্ঠ শর্মা, ব্লক কংগ্রেছৰ সভাপতি অৰুণ দাস আৰু বৰপেটা জিলা কংগ্রেছৰ উপ–সভাপতি গিৰীশ পাটগিৰিয়ে আদৰণি জনায়৷

You might also like