নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত খণ্ডক গতাব অসম ৰাজ্যিক চিৰিয়াখানা

নিয়মীয়া বার্তা, ১১ অক্টোবৰঃ অসম ৰাজ্যিক চিৰিয়াখানাক ব্যক্তিগত খণ্ডক গতোৱাৰ তীব্র বিৰোধিতা কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই৷ কেন্দ্রীয় বন পৰিৱেশ মন্ত্রী প্রকাশ জাভাড়েকাৰে অলপতে অসম ৰাজ্যিক চিৰিয়াখানাকে ধৰি দেশৰ বিভিন্ন প্রান্তৰ ১৬০খন চিৰিয়াখানাৰ বিকাশ কৰাৰ লক্ষ্যৰে ব্যক্তিগত খণ্ডক গতোৱাৰ ইংগিত প্রদান কৰাত মঞ্চ জাঙুৰ খাই উঠিছে৷ আজি দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি মঞ্চৰ সম্পাদক ৰাজকুমাৰ বৈশ্যই কেন্দ্রীয় মন্ত্রীগৰাকীৰ এই সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে দেশৰ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহ পর্যায়ক্রমে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ ষড়যন্ত্রত লিপ্ত হৈছে৷ ইতিমধ্যে এটাৰ পাছত আনটো প্রতিষ্ঠান ব্যক্তিগত খণ্ডক গতাই দিয়াৰ পাছত কেন্দ্রীয় চৰকাৰে গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাকে ধৰি দেশৰ আন আন ৰাজ্যত থকা ১৬০খন চিৰিয়াখানা ব্যক্তিগত খণ্ডৰ হাতত অর্পণ কৰিবলৈ প্রস্তুতি চলাইছে৷

কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সহযোগত ইতিমধ্যে চিৰিয়াখানাসমূহ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ ব্লু–প্রিণ্ট প্রস্তুত কৰিছে আৰু অহা অধিৱেশনত কেন্দ্রীয় কেবিনেটে ইয়াক অনুমোদন জনোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ সেয়ে কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰি অসম ৰাজ্যিক চিৰিয়াখানাক কোনো কাৰণতে ব্যক্তিগত খণ্ডৰ হাতত অর্পণ কৰিবলৈ দিয়া নহ’ব বুলি তেওঁ উল্লেখ কৰে৷ চিৰিয়াখানা ব্যক্তিগতকৰণৰ বিৰুদ্ধে অহা ১৯ অক্টোবৰৰ পৰা মঞ্চই ৰাজ্যজুৰি ধাৰাবাহিক আন্দোলনৰ কার্যসূচী ৰূপায়ণ কৰিব বুলি তেওঁ সংবাদ মেলত সদৰী কৰে৷ তদুপৰি কেন্দ্রৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্রবল জনমত গঢ়ি তুলিবলৈ মঞ্চই দেশৰ ১৬০খন চিৰিয়াখানাৰ এখন সমন্বয় সমিতি গঠন কৰি চিৰিয়াখানা ব্যক্তিগত খণ্ডক গতোৱাৰ বিৰোধিতা কৰিব বুলি জানিবলৈ দিছে৷

ইপিনে, গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ প্রায় ১৭৫ হেক্টৰ ভূমিত থকা অসম ৰাজ্যিক চিৰিয়াখানা ধ্বংস কৰাৰ বাবে ডিএফ’ তেজস্ব মৰিস্বামীয়ে উঠিপৰি লগা বুলি মঞ্চৰ সম্পাদক বৈশ্যই অভিযোগ কৰে৷ তেওঁ লগতে কয় যে যোৱা ২০১৭ চনৰ ৫ মে’ত ডিএফ’ পদত যোগদান কৰা মৰিস্বামীৰ কার্যকালত ১,২০০ৰো অধিক বন্যপ্রাণীৰ মৃত্যু হৈছে৷ ইয়াৰ সমান্তৰালকৈ শ শ হৰিণ আৰু অন্যান্য জন্তু ডিএফ’গৰাকীয়ে আন্তঃৰাষ্ট্রীয় চোৰাং বেপাৰীক গতাই দিছে৷ তদুপৰি চিৰিয়াখানাৰ লাখ লাখ টকাৰ ঠিকা নিবিদা অবিহনে ডিএফ’গৰাকীয়ে নিজৰ ঘনিষ্ঠ ব্যক্তিক আবণ্টন দিয়া বুলি তেওঁ অভিযোগ কৰে৷ লক্ষণীয়ভাৱে এই সকলো কথা বনমন্ত্রী পৰিমল শুক্লবৈদ্যক তথ্যসহকাৰে অৱগত কৰাৰ পাছতো মন্ত্রীগৰাকীয়ে ৰহস্যজনকভাৱে বিহিত ব্যৱস্থা গ্রহণৰ পৰা বিৰত থকা বুলি মঞ্চৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে৷ আজিৰ সংবাদ মেলত মঞ্চৰ সভাপতি দীপক পাঠককে ধৰি মঞ্চৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে৷

You might also like