নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাংগুলীৰ অনুৰোধ প্রত্যাখ্যান ক্রিকেট অষ্ট্রেলিয়াৰ

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ টীম ইণ্ডিয়াৰ আগন্তুক অষ্ট্রেলিয়া ভ্রমণত কিছু সালসলনি বিচাৰিছে বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে৷ ক’ৰোনাৰ আতংকৰ মাজতে ডিচেম্বৰত অষ্ট্রেলিয়া ভ্রমণ কৰিবলগীয়া ভাৰতীয় দলটোৰ কোৱাৰেণ্টাইনৰ সময় ১৪ দিনৰ পৰিৱর্তে সাত দিনলৈ হ্রাস কৰাৰ বাবে গাংগুলীয়ে ক্রিকেট অষ্ট্রেলিয়াক অনুৰোধ জনাইছে যদিও ক্রিকেট অষ্ট্রেলিয়াই বি চি চি আইৰ সভাপতিগৰাকীৰ অনুৰোধ প্রত্যাখ্যান কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ ক্রিকেট অষ্ট্রেলিয়াই টীম ইণ্ডিয়াক ১৪ দিনৰ কোৱাৰেণ্টাইনত থকাটো বিচাৰিছে৷

You might also like