নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রাজিলত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ডেৰ লক্ষাধিক

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ ক’ভিড–১৯ মহামাৰীত লেটিন আমেৰিকান ৰাষ্ট্র ব্রাজিলত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই ডেৰ লাখ অতিক্রম কৰিছে৷ দেশখনৰ স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰিছে এই তথ্য৷ বিশ্বৰ ভিতৰত ক’ভিড–১৯ মহামাৰীত অধিকসংখ্যক লোকে প্রাণ হেৰুওৱা দেশৰ তালিকাত দ্বিতীয় স্থানত আছে ব্রাজিল৷

উল্লেখনীয় যে আমেৰিকাৰ পাছতে ব্রাজিলত গৰিষ্ঠসংখ্যক লোক ক’ভিড মহামাৰীত মৃত্যুমুখত পৰিছে৷ ইফােলে, সংক্রমিত লোকৰ তালিকাত পৃথিৱীৰ ভিতৰত তৃতীয় স্থানত আছে দেশখন৷ এই তালিকাত প্রথম দুটা স্থানত আছে আমেৰিকা আৰু ভাৰত৷

স্মর্তব্য যে ক’ভিড মহামাৰীৰ সংক্রমণত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰোৱে গুৰুত্ব প্রদান নকৰা বুলি দেশজুৰি সৃষ্টি হৈছিল সমালোচনা৷ লক্ষণীয়ভাৱে ড’নাল্ড ট্রাম্পৰে পিছতে ক’ভিড–১৯ক লৈ টুলুঙা মন্তব্য কৰা নেতা হিচাপে বিশ্বত চিহ্ণিত হৈছিল ব’লছ’নাৰো৷

You might also like