নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৱেষকৰ বাসগৃহত জব্দ সৰীসৃপৰ হাড়–ছাল

লাচিত নগৰত বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ শাখা–বন বিভাগৰ যুটীয়া অভিযান

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ  মহানগৰীৰ লাচিত নগৰত শনিবাৰে নিশা অভিযান চলাই বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ শাখা আৰু বন বিভাগৰ এটা দলে বৃহৎ পৰিমাণৰ মৃত সৰীসৃপ প্রাণীৰ হাড়–ছাল আদি জব্দ কৰে৷ বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ শাখা আৰু বন বিভাগৰ অভিযানকাৰী দলটোৱে শনিবাৰে মাজনিশা লাচিত নগৰস্থিত ১৬নং বাসগৃহত অতর্কিতে অভিযান চলাই গৱেষক ড০ জয়াদিত্য পুৰকায়স্থই মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ সৰীসৃপ প্রাণীৰ হাড় আৰু অংগ–প্রত্যংগ উদ্ধাৰ কৰে৷ বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ শাখাৰ এক সূত্রই জনোৱা মতে, ঢ়োঁৰা সাপক লৈ গৱেষণা কৰি থকা ড০ জয়াদিত্য পুৰকায়স্থই নিজ বাসগৃহত বিভিন্ন প্রজাতিৰ সৰীসৃপ প্রাণীৰ বৃহৎ পৰিমাণৰ অংগ–প্রত্যংগ মজুত কৰি ৰাখিছিল৷ বিভাগীয় কর্তৃপক্ষই গোপন সূত্রৰ পম খেদি শনিবাৰে মাজনিশা ড০ পুৰকায়স্থৰ লাচিত নগৰস্থিত বাসগৃহত অভিযান চলায়৷ অভিযানকাৰী দলটোৱে দেওবাৰে পুৱতিনিশা পর্যন্ত অভিযান চলাই গৱেষকগৰাকীয়ে মজুত কৰি ৰখা বন্যপ্রাণীৰ ছাল–হাড়–মূৰ আদি জব্দ কৰে৷ অভিযানকাৰী দলটোৱে গৱেষকগৰাকীৰ বাসগৃহৰ পৰা বার্মিজ অজগৰ সাপ, ফেঁটী সাপ, জেঠী, চিকামড়লী সাপ, বিৰল প্রজাতিৰ কেঁকো সাপ, চক্রইট প্রজাতিৰ বিষাক্ত সাপ আৰু অন্যান্য সৰীসৃপ প্রজাতিৰ বন্যপ্রাণীৰ হাড়–ছাল আজি জব্দ কৰে৷ ঘটনা সন্দর্ভত গৱেষকগৰাকীক অভিযানকাৰী দলটোৱে সোধা–পোছা কৰাত তেওঁ গৱেষণাৰ বাবে মৃত বন্যপ্রাণীৰ হাড়–ছাল আদি মজুত কৰি ৰখা বুলি দাবী কৰে৷ অৱশ্যে গৱেষকগৰাকীয়ে অভিযানকাৰী দলটোক বৈধ নথি–পত্র দেখুৱাবলৈ সক্ষম হোৱা নাই৷ গৱেষকগৰাকীয়ে বিভিন্ন অজুহাত দেখুৱাই মূল বিষয়টো গাপ দিবলৈ চেষ্টা কৰে যদিও বন বিভাগে ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ প্রতিষ্ঠিত গৱেষকগৰাকীয়ে বন্যপ্রাণীৰ ছাল–হাড় আৰু অংগৰ চোৰাং ব্যৱসায় চলাই থকা বুলি একাংশই সন্দেহ ব্যক্ত কৰিছে যদিও তদন্তৰ পিছতহে প্রকৃত ৰহস্য পোহৰলৈ আহিব বুলি বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ শাখাৰ সূত্রই জানিবলৈ দিছে৷ উল্লেখ্য যে বন বিভাগ আৰু বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ শাখাৰ অভিযানকাৰী দলটোৱে জব্দ কৰা সৰীসৃপ প্রাণীৰ হাড়–ছাল আদি গৱেষকগৰাকীৰ বাসগৃহতে ৰাখিছে আৰু পৰৱর্তী সময়ত প্রয়োজন সাপেক্ষে বন বিভাগে লৈ যাব বুলি জানিব পৰা গৈছে৷

You might also like