নেমুৰ পুলি প্রস্তুত কৰাৰ উজু উপায়
নিয়মীয়া বার্তা (তাৰিখ– ২০/০৮/২০)ত প্রকাশ হোৱা ‘নেমু খেতিৰ যোগেদি স্বনিয়োজনৰ সম্ভাৱনা’ নামৰ লেখাটো পঢ়ি বহুকেইজন কৃষি অনুৰাগী নমস্য পাঠকে কেতবোৰ কথা জানিবলৈ মন কৰি মোলৈ ফোন কৰিছিল৷ সেই ব্যক্তিসকলৰ ভিতৰত বেছিসংখ্যকে সোধা প্রশ্ণ দুটা হ’ল– ১) নেমু পুলি ক’ত পায় বা পুলি কেনেকৈ প্রস্তুত কৰিব পাৰি? আৰু ২) পকা নেমুটেঙাবোৰ কিদৰে সংৰক্ষণ কৰিব পাৰি বা ফলৰ উচিত মূল্য পাবলৈ কেনেকুৱা ব্যৱস্থা গ্রহণ কৰিব লাগে? উল্লিখিত প্রশ্ণ দুটাৰ উত্তৰ একেলগে দিবলৈ হ’লে লেখাটোৰ কলেৱৰ দীঘলীয়া হ’ব আৰু বর্তমান নেমু পুলি কৰা বা পুলি ৰোৱাৰ বতৰ হৈ থকাৰ বাবে প্রথম প্রশ্ণটোৰ ভিত্তিত এক চমু আলোচনা আগবঢ়াবলৈ প্রয়াস কৰিলোঁ৷
এতিয়া শৰৎ কাল৷ আমাৰ ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনত পৰিলক্ষিত হোৱা ঋতু ছটাৰ ভিতৰত বসন্ত আৰু শৰতত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ চকুত লগা ধৰণৰ হয়৷ বসন্তকালত সূর্যৰ তাপমান পর্যাপ্ত হোৱাৰ উপৰি জলবায়ু অনুকূল হোৱাৰ কাৰণে গছ–গছনিৰ প্রথমটো বৃদ্ধিৰ First Flush) জোৱাৰ আহে আৰু বাৰিষাৰ দিনকেইটা অতিক্রমি শৰতত প্রৱেশ কৰিলেই দ্বিতীয়বাৰ বৃদ্ধি Second Flush) হয়৷ শীতকালত গছৰ বৃদ্ধি নহয় বুলিবই পাৰি৷ সেয়ে এই দুই ঋতুৰ লগত সংগতি ৰাখি গছপুলি প্রস্তুত কৰা বা গছ পুলি ৰুবলৈ ব্যৱস্থা কৰিলে ভাল ফলাফল আশা কৰিব পাৰি৷
সচৰাচৰ গুটিৰ পৰাই গছ হয়৷ আকৌ যৌন প্রজননৰ যোগেদি সৃষ্টি হোৱা গুটি এটাৰ ভিতৰত ভ্রূণটো থাকে আৰু সেই ভ্রূণটোতে ভৱিষ্যতৰ গছ এজোপা নিহিত হৈ থাকে৷ সেয়েহে পূৰঠ গুটি এটা মাটিত পুতি দিলে বা সিঁচিলে গজালি মেলে৷ গজালিটো বাঢ়ি গৈ এদিন এজোপা পূর্ণাংগ গছলৈ ৰূপান্তৰিত হয়৷ সময়ত সেই গছজোপাত ফুল–ফল ধৰে৷ এইদৰে গজালি এটাৰ পৰা পূর্ণাংগ উদ্ভিদ এজোপা হোৱা অৱস্থাটোকে কায়িক বিকাশ Vegitative growth phase) পর্যায় বোলা হয়৷ নেমু জাতীয় উদ্ভিদো তাৰ অন্যথা নহয়, যাৰ বাবে গুটি পুলিৰ পৰা হোৱা গছজোপাত নেমুটেঙা লাগিবলৈ অতি কমেও ৫–৭ বছৰ সময় লাগে৷ তাৰ উপৰি জাত সলনি হ’ব পাৰে৷ সেই কথালৈ লক্ষ্য কৰি অংগজ প্রজনন পদ্ধতিৰে পুলি প্রস্তুত কৰিলে কম সময়ত বেছি পুলি পাব পাৰি আৰু সেই পুলিবোৰৰ পৰা হোৱা গছত সোনকালে ফল ধৰে৷ উল্লেখ্য যে অংগজ প্রজননৰ বেলিকা ডাল কলম ধৰা Layering) আৰু ডাল কাটি Branch cutting) সহজতে নেমুৰ পুলি তৈয়াৰ কৰিব পাৰি৷ চিত্রত ((ক) মাটি কলম আৰু (খ) বতাহ কলম) দেখুওৱাৰ দৰে মাটিলৈ হাউলি অহা এবছৰীয়া ডাল এটাৰ মাটি স্পর্শ কৰা অংশত ছাল এৰুৱাই অকণমান হৰম’ন Rootex-III) সানি, দুটা কেঁকোৰা খুঁটিৰ সহায়ত ডালটো মাটিত লাগি থকা কৰি ধূলি–গোবৰেৰে ঢ়াকি দিব লাগে৷ প্রয়োজন সাপেক্ষে পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ দুমাহ কি তিনি মাহৰ ভিতৰত নতুন পাত ওলোৱা দেখিলেই বুজিব লাগিব যে মাটিত লাগি থকা অংশই শিপালে আৰু তেতিয়া পুলিটো গা–গছৰ পৰা কাটি নি ৰুব পাৰি৷ ঠিক সেই একেদৰেই থিয় ডাল এটাৰ মাজতে অকণমান ছাল বখলিয়াই শুকান গোবৰ–মাটিৰ লগত হৰম’ন মিহলাই লৈ মুঠিয়াই লগাব লাগে৷ তাৰ পিছত কপাহী কাপোৰেৰে বান্ধি থৈ দিলে সেই অংশত উপ–শিপা ওলাব৷ উল্লেখ্য যে কাপোৰ ভেদি শিপা বাহিৰলৈ ওলাই আহিলে পুলিটো ৰোৱাৰ উপযোগী হয়৷ কলম ধৰি একোটাহঁত থাউকলিয়া পুলি পাব পাৰি যদিও সৰহ পুলি কৰিবলৈ অসুবিধা৷ সেয়েহে এই সমস্যা সমাধানৰ বাবে ডাল কাটি Branch cutting) পুলি তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিব পাৰে৷ এই প্রক্রিয়াত প্রথমে ১০–১২ বছৰীয়া ভাল জাতৰ নেমুগছ দুজোপামান বাছনি কৰি লৈ এডোখৰ পানী জমা নোহোৱা ওখ ঠাইত নার্ছাৰী বেড বনাব লাগে৷ মাটি ভালদৰে চহাই, চূণ আৰু নিমপাতৰ গুৰি মিহলাই মাটি ছন পৰিবলৈ দিব লাগে৷ সেইখিনি ঠাইত যাতে চল্লিশ শতাংশ মানহে ৰ’দ পৰে, সেইয়া নিশ্চিত কৰিবলৈ খেৰ–পাতেৰে চোৱা চালি এখন বনাব লাগে৷ মাটি তৈয়াৰ হ’লে নির্বাচিত কৰি থোৱা নেমুকেইজোপাৰ পৰা এবছৰীয়া বয়সৰ ডাল কাটি আনি এখন চোকা কটাৰীৰে ডোখৰ ডোখৰ কৰি কাটিব লাগে আৰু সেইবোৰ পানী থকা পাত্র এটাত ৰাখিব লাগে৷ চিত্র (গ) ত দেখুওৱাৰ নিচিনাকৈ বিন্ধনা এডালৰ সহায়েৰে নার্ছাৰী বেডত বিন্ধা কৰি কটা
ডালবোৰৰ গুৰিৰ ফালে হৰম’ন লগাই, মাটিত (বিন্ধাবোৰত) এনেদৰে গুঁজিব লাগে যাতে পাতখিলাৰ মূৰটো পশ্চিম ফাললৈ থাকে৷ তাৰ পিছত গুৰিত টিপা এটাও মাৰিব লাগে৷ এইটো কথাত নিশ্চিত হ’ব লাগে যে নার্ছাৰী বেডত প্রায় ৮% পানীৰ জেক অনবৰতে থাকে আৰু তাৰ বাবে এপষেকমান নিতৌ তিনিবাৰকৈ পানী ছটিয়াব লাগে৷ তাৰ পৰৱতী সময়ত সিমান পানী নালাগে৷ সঘন নিৰীক্ষণৰ মাজেদি দুমাহমান একেৰাহে যত্ন ল’লে ডালবোৰৰ পৰা পোখা মেলিবলৈ ধৰিব, তেতিয়া হয় তাতে ৰাখি, নহয় মাটি ভৰোৱা ঠোঙাত ৰুই পুলি ডাঙৰ কৰি ল’ব পাৰে৷ সেইদৰে এশ–ছকুৰি নেমুৰ পুলি বনাবলৈ বেছি সময় নালাগে আৰু খৰচো বেছি নহয়৷ প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰি যত্ন নল’লে কিন্তু নহ’ব৷ সেয়ে প্রথমবাৰ কেইটামান পুলি কৰি চাবলৈ অনুৰোধ জনালোঁ৷
ফোনঃ ৯৩৬৫৪–৮২৬৩০
ড০ মহেশ গগৈ