নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL 2020: ধোনীৰ জীয়ৰীক ধর্ষণৰ ভাবুকি, ২৪ ঘণ্টাৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ ধোনীৰ পাঁচ বছৰীয়া জীয়ৰী জিভাক ছ’চিয়েল মিডিয়াত ধর্ষণৰ ধ্বমকি দিয়াৰ অভিযোগত গুজৰাটৰ কচ্ছ জিলাৰ মুন্দ্রাৰ পৰা ১৬ বছৰৰ এজন নাবালকক আটক কৰে আৰক্ষিয়ে।

চেন্নাই চুপাৰ কিংছৰ এখনৰ পাছত এখন খেলত পৰাজয়ৰ পাছতে দলটোৰ অধিনায়ক ধোনীৰ সৰু পাঁচ বছৰীয়া কন্যা জিভা ধোনীক ছ’চিয়েল মিডিয়াত ধর্ষণৰ ভাবুকি দিয়া হৈছিল।

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে চেন্নাইৰ পৰাজয়ৰ পাছতে এই মন্তব্য কৰে ধৃত কিশোৰে। এই বিষয়ে ঝাড়খণ্ডৰ ৰাঁচিৰ ৰাতু থানাত এক অভিযোগ দাখিল কৰা হৈছিল। অভিযোগ পায়ে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তৰ অন্তত আৰক্ষিয়ে গুজৰাটৰ কচ্ছ জিলাৰ মুন্দ্রাৰ পৰা এগৰাকী ১৬ বছৰীয়া কিশোৰক আটক কৰে।

You might also like