নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত আন্তৰ্জাতিক কন্যা শিশু দিৱস পালন

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ সামাজিক মাধ্যমৰ গ্ৰুপ ৱাৰিয়ৰ্ছৰ সৌজন্যত বোকাজানৰ বিলপথাৰত দেওবাৰে নাৰী জাগৰণ ও নাৰী সৱলীকৰণৰ ওপৰত বিশেষ সজাগতা সভা অনুষ্ঠিত কৰে অঞ্চলটোৰ কন্যাসকলে। অসমৰ অন্যতম সামাজিক মাধ্যমৰ গ্ৰুপ ৱাৰিয়ৰ্ছৰ কাৰ্বি আংলং জিলাৰ দায়িত্বত থকা বোকাজানৰ ঋতুস্মিতা বৰাই নেতৃত্ব প্ৰদান কৰা কালিৰ অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে হাতে হাতে “নাৰী ঘৰৰ লখিমীয়েই নহয় দেশৰ ধৰণীও, সেয়ে নাৰী সুৰক্ষিত মানে দেশ সুৰক্ষিত”, “আমি গণতান্ত্ৰিক দেশৰ ভাৰতীয় নাৰী, আমি ৰক্ষিতা, শোষিত, অৱদমিত, নিঃশেষিত নহয় আমাৰো আছে আইন, আমাৰো আছে ন্যায়”, “বহুত হ’ল ধৰ্ষণ, হত্যা এতিয়া আৰু নহ’ব, জাগ্ৰত হোৱা নাৰীশক্তি, ধৰ্ষণকাৰী নিঃশেষ কৰিবৰ হ’ল”, “নাৰীয়েই শক্তি, নাৰীয়েই সৃষ্টি, নাৰীয়েই জগতৰ স্ৰষ্টা, নাৰী অবিহনে নাই কোনো জীৱ সৃষ্টিৰ ক্ষমতা”, “নাৰী সৃষ্টিৰ শলীতা, নাৰীক নকৰিব কলংকিতা”, “নাৰী পণ্য সামগ্ৰী নহয়, নাৰী আপোনাৰ দৈহিক তৃপ্তিৰ উৎস নহয়, বন্ধ কৰক ধৰ্ষণ, নিৰ্যাতন, অস্তিত্ব বজাই ৰাখক নিজৰ” আদি বিভিন্ন শ্ল’গান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰি নাৰী আৰু শিশুকন্যা নিৰ্যাতনৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে।

উল্লেখ্য যে নাৰীসকলৰ ওপৰত চলোৱা বিভিন্ন ধৰণৰ শাৰীৰিক, মানসিক নিৰ্যাতনৰ ওপৰত বিহিত ব্যৱস্থা লবলৈ ন্যায়পালিকাক অনুৰোধ জনায় অনুষ্ঠানটোত অংশগ্ৰহণকাৰী কিশোৰীসকলে।

You might also like