নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাঃ দেৱেন দত্ত হত্যাকাণ্ডত জড়িত ২৫ অভিযুক্তক দোষী সাব্যস্তঃ ৬জনক ৰেহাই

যোৰহাট জিলা সত্র আদালতে দিলে ঐতিহাসিক ৰায়দান

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ  সমগ্র দেশ কঁপোৱা টীয়ক চাহ বাগিচাত কর্মৰত চিকিৎসক দেৱেন দত্ত হত্যাকাণ্ডৰ আজি চূড়ান্ত ৰায়দান কৰে যোৰহাট জিলা সত্র ন্যায়াধীশৰ আদালতে৷ পূর্বে ৩০ ছেপ্টেম্বৰত চূডান্ত ৰায়দানৰ দিন ধার্য কৰিছিল যদিও চিকিৎসকজনৰ হত্যাকাণ্ডৰ লগত জড়িত এজন অভিযুক্ত কাৰাগাৰত মৃত্যু হোৱাৰ পাছত উক্ত অভিযুক্তজনৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন পৰীক্ষা কৰিবৰ বাবে আদালতে ৰায়দানত স্থগিতাদেশ জাৰি কৰিছিল৷ এই গোচৰত অভিযুক্ত সঞ্জয় ৰাজোৱাৰ, সঞ্জীৱ ৰাজোৱাৰ, সুৰেশ ৰাজোৱাৰ, অজয় মাঝি, দেৱেশ্বৰ ৰাজোৱাৰ, উপেন্দ্র ভূমিজ, ৰাতুল ৰাজোৱাৰ, বাবলু ৰাজোৱাৰ, অনিল মাঝি, অর্জুন মাঝি, অৰুণ মাঝি, বিজয় ৰাজোৱাৰ, বলীন ৰাজোৱাৰ, দীপক ৰাজোৱাৰ, গুলু দেৱ মাঝি, হৰি মাঝি, মিলন ৰাজোৱাৰ, প্রীতম মাঝি, ৰিংকু মাঝি, মিচিলাল মাঝি, সঞ্জু মাঝি, শিৱচৰণ মাঝি, দেৱা ৰাজোৱাৰ, কার্তিক ভূমিজ, টকলু ৰাজোৱাৰ, কালীচৰণ মাহালি, ৰামেশ্বৰ ভূমিজ, শিৱা মাহালি, ৰাহুল ৰাজোৱাৰ, কালানাগ মাঝি, মনোজ মাঝি আৰু ৰিংকু বাক্তি বর্তমান ন্যায়িক জিম্মাত আছে৷ ইয়াৰে চাৰিজন মৃত চমৰা মাঝিৰ পৰিয়ালৰ৷ আজি যোৰহাট জিলা সত্র ন্যায়াধীশৰ আদালতে অভিযুক্তসকলৰ মাজৰ ২৫জনক হত্যাকাণ্ডৰ বাবে দোষী সাব্যস্ত কৰাৰ বিপৰীতে ৬জনক ৰেহাই দিয়ে৷ অহা ১৯ অক্টোবৰত এই ২৫জন দোষীৰ শাস্তি ঘোষণা কৰিব সত্র ন্যায়াধীশৰ আদালতে৷

উল্লেখ্য যে ২০১৯ চনৰ ৩১ আগষ্টত টীয়ক চাহ বাগিচাত সমগ্র দেশ কঁপাই যোৱা চিকিৎসক দেৱেন দত্ত হত্যাকাণ্ড ঘটনা সংঘটিত হৈছিল৷ চাহ বাগিচাৰ চমৰা মাঝি নামৰ এজন যুৱকৰ মৃত্যুক লৈ বাগিচাৰ এদল শ্রমিকে কর্মৰত অৱস্থাতে অতি নৃশংসভাৱে আক্রমণ কৰিছিল জ্যেষ্ঠ চিকিৎসকগৰাকীক৷ দীর্ঘসময় চিকিৎসা প্রদানৰ ক্ষেত্রত উন্মত্ত শ্রমিকৰ দলটোৱে বাধা প্রদান কৰাত বিনাচিকিৎসাৰে মৃত্যুক আঁকোৱালি লৈছিল গুৰুতৰভাৱে আহত জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে৷ ইয়াৰ পাছতেই চৌদিশে এই ঘটনাৰ উচিত ন্যায়ৰ দাবীৰে প্রতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল–সংগঠনে৷ সর্বভাৰতীয় চিকিৎসক সন্থাই চিকিৎসা সেৱা অচল কৰি দিয়াৰ হুংকাৰ দিছিল৷ দাবী তুলিছিল ফাষ্ট ড্রেক আদালতত চিকিৎসক দেৱেন দত্ত হত্যাকাণ্ড বিচাৰৰ৷ ইয়াৰ বিপৰীতে ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিচাৰ প্রক্রিয়া খৰতকীয়া কৰিবলৈ উচ্চ ন্যায়ালয়ক কৰা অনুৰোধৰ ভিত্তিত উচ্চ ন্যায়ালয়ে বিচাৰ প্রক্রিয়া ফাষ্ট ট্ৰেকৰ দৰে খৰতকীয়া কৰিবলৈ নির্দেশ দিছিল৷ আনহাতে, যোৰহাট আৰক্ষীয়ে ঘটনাৰ পাঁচ দিনৰ ভিতৰতে এই ঘটনাৰে জডিত ৩২জনক গ্রেপ্তাৰ কৰিছিল আৰু ঘটনা সংঘটিত হোৱাৰ ২২ দিনৰ ভিতৰত ৬০২ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল৷ ঘটনা সংঘটিত হোৱাৰ তেৰ মাহ সম্পূর্ণ হোৱাৰ পাছত সোমবাৰে উক্ত ঘটনাৰ চূড়ান্ত ৰায়দান কৰাৰ পাছত স্বাভাৱিকতে সন্তুষ্টি প্রকাশ কৰিছে নিহত চিকিৎসকজনৰ পত্নী তথা পৰিয়ালে৷ দোষী অপৰাধীকেইজনক আদালতে দৃষ্টান্তমূলক শাস্তি প্রদান কৰিব বুলি আশাবাদী বুলিও কয়৷ উল্লেখ্য যে ক’ৰোনা মহামাৰীৰ পৰিপ্রেক্ষিতত কিছুদিন আদালতৰ কাম–কাজ বন্ধ আছিল যদিও দেশজুৰি আলোডন সৃষ্টি কৰা এই গোচৰটোৰ বিচাৰ যোৰহাটৰ জিলা আৰু সত্র ন্যায়াধীশৰ আদালতত চলি আছিল৷ এতিয়া সমগ্র ৰাজ্যবাসীয়ে অপেক্ষা কৰিছে ১৯ অক্টোবৰৰ দিনটোলৈ৷
দহ দিনত তদন্ত সম্পূর্ণ কৰি ২১ দিনত দাখিল কৰা হৈছিল ৬০২ পৃষ্ঠাৰ অভিযোগনামা
দেশ কঁপোৱা ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডত জডিতৰ অভিযোগত ৩২জন লোকক গ্রেপ্তাৰ কৰি কাৰাগাৰত ৰখা হৈছিল আৰু এজন কাৰাবন্দীৰ মৃত্যু হৈছিল৷ সোমবাৰে আদালতে বাকী ৩১জন অভিযুক্তৰ ভিতৰত ৬জনক ৰেহাই দিয়াৰ বিপৰীতে ২৫জনক দোষী সাব্যস্ত কৰে৷ সমগ্র ঘটনাৰ তদন্ত প্রক্রিয়া পর্যবেক্ষণ কৰিছিল পূব মণ্ডলৰ আৰক্ষী উপ–মহাপৰিদর্শক ড০ শিৱপ্রসাদ গাঞ্জালাই৷  এই ৰায়দানৰ পাছত এখন সংবাদ মেলত শীর্ষ আৰক্ষী বিষয়াজনে উল্লেখ কৰে কেনেকৈ কৰা হৈছিল ইমান খৰতকীয়া তদন্ত৷ তেওঁ উল্লেখ কৰে যে মাত্র দহ দিনৰ ভিতৰত তদন্ত সম্পূর্ণ কৰা হৈছিল৷ তদন্ত প্রক্রিয়াত যাতে কোনো সুৰুঙা থাকি যাব নোৱাৰে, সেই ক্ষেত্রত প্রথমৰ পৰাই অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হৈছিল৷ উপযুক্ত সাক্ষীবাদী, ফৰেনছিকৰ প্রতিবেদন, ঘটনাৰ ভিডিঅ’, ফটো আদি সুকলমে সংগ্রহ কৰা হৈছিল৷ আৰক্ষী বিষয়াজনে প্রকাশ কৰা মতে, এই গোচৰৰ তদন্ত আৰু ৰায়দান দেশৰ ভিতৰতে উল্লেখযোগ্য৷ অসমৰ ইতিহাসত ইমানসংখ্যক লোকক একেলগে দোষী সাব্যস্ত কৰা ৰায়দান প্রথম বুলিবই পাৰি৷ মাত্র দহ দিনৰ ভিতৰত এই ঘটনাৰ তদন্ত সম্পূর্ণ কৰি ২১ দিনৰ ভিতৰত ৬০২ পৃষ্ঠাৰ অভিযোগনামা আদালতত দাখিল কৰা হৈছিল৷ অসম চৰকাৰে ঘটনাৰ তদন্ত খৰতকীয়া আৰু নিখুঁত হোৱাৰ বাবে চৰকাৰী অধিবক্তা হিচাপে দুর্গাপ্রসাদ জয়ছোৱালক নিযুক্তি দিছিল৷ তেওঁ ঘটনাৰ বিচাৰ অতি খৰতকীয়া কৰাত যথেষ্ট গুৰুত্ব দিয়া বুলি উল্লেখ কৰে আৰক্ষী বিষয়াজনে৷ দেশৰ ইতিহাসত প্রথমবাৰৰ বাবে এই ঘটনাৰ তদন্তত যিসকল লোকক সাক্ষী কৰা হৈছিল, তেওঁলোকৰ আচল নাম আৰু পৰিচয় গোপনে ৰখা হৈছিল৷ ব্যৱহাৰ কৰা হৈছিল বেলেগ নাম আৰু ঠিকনা৷ যাৰ বাবে সাক্ষীসকলে নির্ভয়ে সকলো কথা আদালতত কৈছিল বুলিও তেওঁ উল্লেখ কৰে৷ অভিযুক্তসকলক ৩০২/৩৪২/৩৫৩/ ১৩৭/১৩৮ ধাৰাত দোষী সাব্যস্ত কৰা হৈছিল আৰু ইয়াৰ পৰা এটা স্পষ্ট যে ২৫জন অভিযুক্তৰ যাৱজ্জীৱন কাৰাদণ্ড একপ্রকাৰ নিশ্চিত৷ কিন্তু শাস্তি কি ঘোষণা হয়, সেই কথা জানিবলৈ অহা ১৯ অক্টোবৰলৈ ৰ’ব লাগিব বুলি আৰক্ষী বিষয়াজনে উল্লেখ কৰে৷

You might also like