ছেনছাছৰ ২০১৮ চনত প্রকাশিত ভাষাভিত্তিকReportত,– দেশ, ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ লোকৰ ভাষাভিত্তিক তথ্য দাঙি ধৰে৷ এই তথ্য অনুসৰি অসমত অসমীয়াভাষীৰ সংখ্যা ১৫১ লাখ আৰু বাংলাভাষী, হিন্দীভাষী,বডো ভাষা কোৱা মানুহৰ লগতে সংবিধানৰ অনুসূচীত অন্তর্ভুক্ত হোৱা আৰু নোহোৱা ভাষা কোৱা লোকক লৈ ২০১১ চনত অসমৰ ভাষাভিত্তিক জনসংখ্যা আছিল ৩০৭ লাখ৷ এই সংখ্যা ২০১৫ চনত ৩৩৪ লাখ মান হয়৷ তেওঁলোকক ৰাষ্ট্রীয় নাগৰিকপঞ্জী, চমুকৈ এন আৰ চিত অন্তর্ভুক্ত হোৱাৰ বাবে যোগ্য বুলিব পাৰি৷ কিন্তু ১৯৫১ চনৰে পৰা এটা ভাষিক গোষ্ঠীৰ জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধিয়ে তাত ১৯৭১ চনৰ পাছৰ কিছু বাংলাদেশী অনুপ্রৱেশকাৰীৰ উপস্থিতিৰ উমান দিয়ে৷ চূডান্ত এন আৰ চিত তেনে ১৭.৫ লাখমান লোকৰ নাম ধৰা পেলোৱা হয় যদিও মুঠ ১৯ লাখ লোক এন আৰ চিৰ পৰা বাদ পৰিছিল তাৰে ১.৫ লাখমান খিলঞ্জীয়া লোক৷ গতিকে ২০১৫ চনৰ হিচাপত ভাষাৰ ভিত্তিত এন আৰ চিত অন্তর্ভুক্ত হ’ব পৰাকৈ যোগ্য জনসংখ্যা হৈছে ৩৩৪–১৭.৫= ৩১৬.৫, ধৰা ৩১৭ লাখ৷ ২০১৯ চনৰ চূডান্ত এন আৰ চিত ৩১১ লাখ লোক অন্তর্ভুক্ত হয় তাৰ মানে ৬ লাখমান ভাৰতীয় আৰু খিলঞ্জীয়ালোক বাদ পৰিছে, – সোমাব লাগে৷
অসমত লোকপিয়ল
আমাৰ লোকপিয়লত ঘৰে ঘৰে গৈ তথ্য সংগ্রহ কৰা হয় যদিও মানুহৰ নাগৰিকত্ব সন্দর্ভত প্রশ্ণ কৰা নহয়৷ নাগৰিকত্বৰ প্রশ্ণটো ১৮৭২, ১৯৫১ আৰু ১৯৬১ চনৰ লোকপিয়লত আছিল যদিও ১৯৭১ চনৰ পৰা এই প্রশ্ণটোক লোকপিয়লৰ পৰা আঁতৰাই দিয়া হয়৷ গতিকে ইয়াৰ পৰা ক’ব পাৰি যে লোকপিয়লত প্রকাশিত আমাৰ দেশৰ জনসংখ্যাত বিদেশীও সোমাই থাকে৷ ২০১১ চনৰ লোকপিয়লত অসমৰ জনসংখ্যা ৩১২ লাখ পোৱা গৈছিল যিটো ১৯৭১ চনৰ পৰা জনসংখ্যা বৃদ্ধিৰ ধাৰা বা আন কেতবোৰ আনুষংগিক বিষয় পৰীক্ষা কৰাৰ পিছত ক’ব পাৰি যে এই জনসংখ্যা যুক্তিযুক্ত নহয়৷
অসমৰ ভাষাভিত্তিক জনসংখ্যা
কিন্তু ২০১১ চনৰ পিয়লৰ জনসংখ্যাৰ সঠিক তথ্য অবিহনেও অবৈধ বাংলাদেশীৰ সংখ্যাৰ বিভিন্ন তথ্যৰে আমি ২০১৫ চনৰ অসমৰ সঠিক জনসংখ্যা নির্ধাৰণ কৰিব পাৰোঁ৷
(ক) যদি আমি ২০১৫ চনত অসমত বিদেশীৰ সংখ্যা ৬৫ লাখ বুলি গ্রহণ কৰোঁ (২০০৪ চনত সংসদত প্রকাশিত তথ্য অনুসৰি ৫০ লাখ), তেন্তে অসমৰ ভাষাভিত্তিক ৩১৭ লাখ জনসংখ্যা আৰু ৬৫ লাখ লোক মিলি ২০১৫ চনত অসমত বসবাস কৰা লোকৰ সংখ্যা হ’ব ৩৮২ লাখ৷
এন আৰ চিত অসমৰ এই ৩৮২ লাখ লোকৰ অৱস্থিতি এনেধৰণৰ–
৩১১ লাখ এন আৰ চিৰ বাবে যোগ্য বিবেচিত হয়৷
১.৫ লাখ খিলঞ্জীয়া লোক বাদ পৰে৷
১৭.৫ লাখ লোকক অবৈধ বুলি চিনাক্ত৷
৪৭.৫ লাখ অবৈধ বিদেশীয়ে আবেদন কৰা নাছিল৷
৪.৫ লাখ খিলঞ্জীয়া লোকক এন আৰ চিত অন্তর্ভুক্ত কৰিব লগা হৈ আছে৷
যিহেতু ৪৭.৫ লাখ বিদেশীয়ে আবেদন কৰা নাছিল, গতিকে তেওঁলোকৰ নামবোৰ নিজে নিজেই এন আৰ চিৰ পৰাবাদ পৰিছে আৰু ১৭.৫ লাখ অবৈধ বুলি চিনাক্ত হৈছে৷ ৪৭ লাখমান বিদেশীয়ে এন আৰ চিত যোগদানৰ বাবে আবেদন নকৰাৰ বাবে এখন শুদ্ধ এন আৰ চিৰ বাট প্রশস্ত হৈছে৷
(খ) যদিহে ২০১৫ চনত অসমত মুঠ বাংলাদেশীৰ সংখ্যা ৮০ লাখ বুলি ধৰা হয়, তেন্তে উক্ত সময়ত ৰাজ্যখনত বসবাস কৰা লোকৰ সংখ্যা হ’ব ৩১৭ লাখ+ ৮০ লাখ= ৩৯৭ লাখ৷
তেতিয়া এন আৰ চিত তেওঁলোকৰ অৱস্থিতি এনেধৰণৰ হ’ব –
৩১১ লাখ লোকক যোগ্য বুলি বিবেচিত৷
১.৫ লাখ খিলঞ্জীয়া লোক বাদ পৰে৷
১৭.৫ লাখক অবৈধ বুলি চিনাক্ত৷
৬২.৫ লাখ বিদেশীয়ে আবেদন কৰা নাছিল৷
৪.৫ লাখ খিলঞ্জীয়া লোকে আবেদন কৰা নাছিল৷
যিহেতু ৬২.৫ লাখ লোকে আবেদন কৰা নাছিল, তেওঁলোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰে৷ ইয়াৰ পৰা ক’ব পাৰি যে মুঠ ৮০ লাখ (১৭.+৬২.৫ লাখ) বাংলাদেশী ২০১৯ চনৰ চূডান্ত এন আৰ চিৰ পৰা বাদ পৰিছে, যদি অসমত বসবাস কৰা বিদেশী সংখ্যা ৮০ লাখ হয়৷
প্রকৃততে অবৈধ বিদেশীৰ সংখ্যা ৬৫, ৮০ বা ১০০ লাখ যিয়েই নহওক, তেওঁলোক সকলোৱে এন আৰ চিৰ পৰা বাহিৰত ৰৈ গৈছে কিয়নো তেওঁলোকৰ ১৭.৫ লাখৰ বাহিৰে কোনেও এন আৰ চিত নামভর্তিৰ বাবে আবেদন কৰা নাছিল৷ ২০১৮ চনৰ ২৬ জুলাইত টাইমছ অৱ ইণ্ডিয়া কাকতত প্রকাশিত বাতৰি অনুসৰি ২০১৯ চনৰ এন আৰ চিত নাম সুমোৱাবৰ বাবে ১০০ লাখ লোকে আবেদন কৰা নাই বুলি কেন্দ্রীয় চৰকাৰৰ সংস্থাসমূহে ধাৰণা কৰিছে৷
সামৰণি
বিদেশীৰ অন্তর্ভুক্তি অবিহনে এখন এন আৰ চিৰ চূডান্ত ৰূপত লাভ কৰাৰ মূলতে হ’ল যে বেছিভাগ অবৈধ বাংলাদেশী অনুপ্রৱেশকাৰীয়ে তেওঁলোকৰ নেতাসকলৰ নির্দেশ মতে, বিদেশী হিচাপে চিনাক্ত হোৱাৰ ভয়ত, আবেদন নকৰাৰ কাৰণে আৰু তাৰে ফলপ্রসূ হিচাপে আমি এখন শুদ্ধ ২০১৯ এন আৰ চি পাইছেছা৷
২০১১ চনৰ লোকপিয়লৰ অসমৰ জনসংখ্যাৰ তথ্যক কিয় গ্রহণ কৰিব নোৱাৰি?
২০১১ চনৰ লোকপিয়লত প্রকাশিত ৩১২ লাখ জনসংখ্যা, ১৯৭১ চনৰ পৰা জনসংখ্যা বৃদ্ধিৰ ওপৰত প্রতিষ্ঠিত৷ এই পিয়লৰ মতে ১৯৭১ চনৰ পৰা ২০১১ চনলৈকে অসমত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ২০.৭৬ শতাংশ৷ ৰাষ্ট্রীয় পর্যায়ত এই হাৰ ২২ শতাংশ৷ এই সময়ছোৱাত লাখ লাখ অবৈধ বাংলাদেশী অনুপ্রৱেশকাৰীৰে অসমখন ভৰি পৰাৰ পৰিপ্রেক্ষিতত তেনে মন্থৰ হাৰৰ জনসংখ্যা বৃদ্ধিৰ তথ্য গ্রহণযোগ্য হ’ব নোৱাৰে৷ ১৯৫১–৭১ৰ সময়ছোৱাত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল প্রায় ৩৫ শতাংশ (৩৪.৯৯৬ শতাংশ)৷ ১৯৭১–৮১ৰ সময়ছোৱাত এই হাৰ হঠাতে ২৩.৩৬ শতাংশলৈ হ্রাস পায়৷ আনহাতে ১৯৭১–২০১১ৰ ভিতৰত ভোটাৰৰ সংখ্যা বৃদ্ধিৰ হাৰ ৩৫ শতাংশৰো অধিক৷ ভোটাৰ আৰু জনসংখ্যা বৃদ্ধিৰ মাজত যি সমানুপাতিক সম্পর্ক থাকিব লাগে সেয়া ইয়াত দেখা নাযায়৷ ইয়াৰ পৰা ক’ব পাৰি যে ২০১১ চনৰ লোকপিয়লত প্রকাশিত অসমৰ ৩১২ লাখ জনসংখ্যাৰ তথ্য আসোঁৱাহপূর্ণ আৰু গ্রহণযোগ্য হ’ব নোৱাৰে৷ ভাৰতৰ লোকপিয়ল প্রক্রিয়াৰ প্রতি সন্মান প্রদর্শন কৰিও ক’ব পাৰি যে অসমৰ জনসংখ্যা নির্ধাৰণ কৰাত এই প্রক্রিয়াই সমস্যাৰ সন্মুখীন হৈছে৷
কিন্তু ভাষাৰ ভিত্তিত নির্ধাৰিত অসমৰ জনসংখ্যা নাগৰিকত্বৰ ওপৰত প্রতিষ্ঠিত আৰু তাৰে দুটা মূল ভাষিক গোষ্ঠীৰ শিপা ১৯৫১ আৰু ১৯৬১ চনৰ লোকপিয়লৰ লগত সংলগ্ণ হৈ আছে৷ ভাষাৰ ভিত্তিত অসমৰ জনসংখ্যা বিদেশী অনুপ্রৱেশকাৰীৰ বেলেগ বেলেগ প্রেক্ষাপট হিচাপে উলিয়াব পাৰি৷
উপৰিউক্ত দিশবোৰ স্পষ্ট কৰে যে এন আৰ চি অসমৰ বাবে এখন গ্রহণযোগ্য গুৰুত্বপূর্ণ দলিল৷ যদি পুনৰীক্ষণ ইত্যাদি কৰা হয় তেতিয়া এই প্রক্রিয়াই মাত্র ৩২৯ লাখ আবেদনকাৰীকহে স্পর্শ কৰিব কিন্তু এন আৰ চিৰ বাবে আবেদন নকৰা ভালেসংখ্যক অবৈধ জনসংখ্যাৰ কোনো শুংসূত্র দিব নোৱাৰিব৷ আনহাতে এন আৰ চিত আবেদন নকৰা ৪.৫ লাখমান ভাৰতীয় আৰু খিলঞ্জীয়া লোকৰ বিষয়েও একো জানিব পৰা নাযাব৷
আমি যদি এন আৰ চিৰ সামগ্রিক ছবিখন চাওঁ, তেন্তে পুনৰীক্ষণৰ যুক্তি দেখা নাযায়৷ ইয়াৰ ফলত খেলিমেলিৰহে সৃষ্টি হ’ব৷ আনহাতে, এন আৰ চিৰ সামগ্রিক ছবিখনৰ বর্ণনা দিবলৈ আগ্রহ নথকা ন্যস্ত স্বার্থ মহলে ইয়াৰ সুযোগ গ্রহণ কৰিব৷
২০১৯ চনৰ এন আৰ চিক তথ্যৰ ভিত্তিত সম্পূর্ণভাৱে গ্রহণ কৰিব লাগে: যিসকল খিলঞ্জীয়া লোকক এন আৰ চিৰ পৰা কর্তন কৰা হৈছে বা যিসকলে আবেদন কৰা নাই তেওঁলোকক সহজ উপায়েৰে আবেদন কৰি এন আৰ চিত অন্তর্ভুক্ত হোৱাৰ সুযোগ প্রদান কৰিব লাগে৷ এন আৰ চিত থকা কমসংখ্যক বাংলাদেশীৰ বিৰুদ্ধে অভিযোগৰ ভিত্তিত অনুসন্ধান চলাব লাগে৷ ভোটাৰ তালিকাৰ দৰে এন আৰ চি–২০১৯ এক অবিৰত প্রক্রিয়া হোৱা উচিত আৰু সময়ে সময়ে সালসলনি কৰিব লাগে৷ উদাহৰণস্বৰূপে, মৃত্যু হোৱাসকলৰ নাম কর্তন কৰাৰ লগতে নৱজাতকৰ নাম অন্তর্ভুক্ত কৰাৰ উপৰি অভিযোগবোৰ পৰীক্ষা আৰু শুদ্ধ কৰাৰ ব্যৱস্থা গ্রহণ কৰাটো প্রয়োজন৷
১৯৭১ চনৰ পাছত অহা সকলো বাংলাদেশীৰ পৰা আমাৰ ভোটাৰ তালিকা মুক্ত কৰাৰ বাবে এন আৰ চিয়ে পথ মোকলাই দিছে৷ এইটো ধ্রুৱ সত্য যে অসমত থকা ভোটদানৰ বয়স হোৱা সকলো অবৈধ বাংলাদেশীৰেই অসমৰ ভোটাৰ তালিকাত নাম আছে৷ দূৰদর্শিতাৰ অভাৱ বা আন যিকোনো কাৰণতে যদি আমি এন আৰ চিৰ জৰিয়তে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কর্তন কৰাৰ সুবর্ণ সুযোগ ব্যৱহাৰ নকৰোঁ, ইতিহাসেও আমাক কেতিয়াও ক্ষমা নকৰিব৷