নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলাৰুছৰ ৰাষ্ট্রপতি লুকাছেনক’ৰ বিৰুদ্ধে নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ ৰাজনৈতিক অচলাৱস্থা অব্যাহত থকা পূর্বৰ ছোভিয়েট সদস্য ৰাষ্ট্র বেলাৰুছৰ ৰাষ্ট্রপতি আলেকজেণ্ডাৰ লুকাছেনক’ৰ বিৰুদ্ধে ইউৰোপীয় সংঘ (ইইউ)ই নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে৷  ই ইউৰ বিদেশমন্ত্রীসকলৰ বৈঠকত এই গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা বুলি সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰিছে৷

লক্ষণীয়ভাৱে প্রতিবাদী জনতাৰ বিৰুদ্ধে লুকাছেনক’ প্রশাসনে গ্রহণ কৰা দমনমূলক ব্যৱস্থাৰ বাবেই ক্ষুব্ধ হৈছে ইউৰোপৰ কেইবাখনো ৰাষ্ট্র৷ লাক্সেমবুর্গত ইউৰোপীয় সংঘৰ ২৭গৰাকী বিদেশমন্ত্রী মিলিত হৈ এই সিদ্ধান্ত গ্রহণ কৰিছে৷ লুকাছেনক’ৰ উপৰি নেতাগৰাকীৰ প্রশাসনৰ অন্য ৪০গৰাকী বিষয়ববীয়াৰ বিৰুদ্ধেও ইউৰোপীয় সংঘই শীঘ্রে আৰোপ কৰিব নিষেধাজ্ঞা৷

You might also like