খ্রীষ্টানবস্তিৰ আইডিএফচি বেংকত উত্তপ্ত পৰিস্থিতি, ইএমআই নিদিয়া গ্রাহকক অশ্লীল গালি
নিয়মীয়া বার্তা, ১৩ অক্টোবৰঃ মহানগৰীৰ খ্রীষ্টানবস্তিৰ আদিত্য প্লাজাত থকা আই ডি এফ চি বেংকত কালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বেংকৰ কর্মচাৰীয়ে গ্রাহকক ই এম আই আদায় নিদিয়াৰ বাবে ফোনযোগে অশ্লীল গালি–গালাজ কৰাৰ উপৰি বেংকত উপস্থিত হোৱা গ্রাহকসকলক দুর্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷
প্রাপ্ত অভিযোগ অনুসৰি বেংকত কর্মৰত দীপজ্যোতি নামৰ এজন কর্মচাৰীয়ে বেংকৰ গ্রাহকে ই এম আই আদায় নিদিয়াৰ বাবে ফোনযোগে গ্রাহকক অশ্লীল গালি–গালাজ কৰে৷ এই লৈ বেংক চৌহদত উপস্থিত হৈ ভুক্তভোগী গ্রাহকজনৰ লগতে আনকেইবাগৰাকীও গ্রাহকে বেংক কর্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন হাৰাশাস্তিৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷
উল্লেখ্য যে পুৱাৰে পৰা সন্ধিয়ালৈ বেংক চৌহদত শ শ গ্রাহক উপস্থিত হৈ শাৰী পাতি অপেক্ষা কৰে যদিও বেংক কর্তৃপক্ষই ই এম আই সংগ্রহ কৰিবলৈ সক্ষম নহ’ল৷ উল্লেখ্য যে ক’ভিড–১৯ৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি বেংক কর্মচাৰীয়ে একাংশ গ্রাহকক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়৷ সামাজিক দূৰত্বক ভেঙুচালি কৰি বেংক চৌহদত বহু গ্রাহক উপস্থিত হোৱা বুলিও বেংক কর্তৃপক্ষই অভিযোগ তুলিছে৷
অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷ ইপিনে, বেংক চৌহদত আধাৰকার্ড বনোৱাৰ বাবে সকলোৱে শাৰী পাতি থকাৰ বাবে বেংকৰ গ্রাহকসকল বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷ উল্লেখ্য যে বেংক চৌহদত আধাৰ কার্ডৰ কাম চলি থকাৰ বাবে গ্রাহকসকলে ঋণৰ কিস্তি আদায় দিবলৈ বিগত এসপ্তাহ ধৰি বেংকলৈ অহা–যোৱা কৰি আহিছে যদিও বহু গ্রাহকে ই এম আই আদায় দিবলৈ সক্ষম হোৱা নাই৷
কিন্তু বেংকৰ কর্মচাৰীয়ে ই এম আই আদায় নিদিয়াৰ বাবে গ্রাহকসকলক অশ্লীল ব্যৱহাৰ কৰা বুলি কেইবাগৰাকীও ভুক্তভোগী গ্রাহকে অভিযোগ কৰে৷