গুৱাহাটী ষ্টেচনত ১২ কেজি গাঞ্জাসহ দুই মহিলাক গ্রেপ্তাৰ
নিয়মীয়া বার্তা, ১২ অক্টোবৰঃ গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা দেওবাৰে নিশা চৰকাৰী ৰে’ল আৰক্ষীৰ এটা দলে অভিযান চলাই নামনিমুৱা অবধ আসাম এক্সপ্রেছৰ পৰা ১২ কেজি গাঞ্জা জব্দ কৰাৰ লগতে দুগৰাকী গাঞ্জা সৰবৰাহকাৰী মহিলাক গ্রেপ্তাৰ কৰে৷
ধৃত গাঞ্জা সৰবৰাহকাৰী মহিলা দুগৰাকী ক্রমে পশ্চিমবংগৰ মুর্শিদাবাদ জিলাৰ কৃষ্ণপুৰ গাঁৱৰ সাধনা হালদাৰ আৰু হোজাইৰ স্বপ্ণা বণিক বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রে জনোৱা মতে, গাঞ্জা সৰবৰাহকাৰী মহিলা দুগৰাকীয়ে গাঞ্জাখিনি নামনিমুৱা অবধ আসাম এক্সপ্রেছযোগে দিল্লীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল৷
ৰে’লখন গুৱাহাটী ষ্টেচনৰ ২নং প্লেটফর্মত উপস্থিত হোৱাত জি আৰ পিৰ অভিযানকাৰী দলটোৱে গাঞ্জাখিনি জব্দ কৰাৰ লগতে মহিলা দুগৰাকীক গ্রেপ্তাৰ কৰে৷ ঘটনা সন্দর্ভত কালি আৰক্ষীয়ে জি আৰ পি থানাত এটা গোচৰ ৰুজু কৰি মহিলা দুগৰাকীক আদালতত হাজিৰ কৰোৱাত কামৰূপ (ম) জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালতে মহিলা দুগৰাকীক জে’ল-হাজোতলৈ প্রেৰণ কৰে৷