অৰুণোদয়ৰ দুর্নীতিক লৈ নগাঁৱত ক্ষোভৰ জুই
পঞ্চায়ত সভাপতি–সচিবে দালালেৰে মিলি প্রস্তুত কৰিছে হিতাধিকাৰীৰ তালিকা
নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ ৰাজ্য চৰকাৰে দৰিদ্র লোকসকলক সকাহ দিয়াৰ লক্ষ্যৰে প্রৱর্তন কৰিছে অৰুণোদয় নামৰ এক জনকল্যাণমূলক আঁচনি৷ এই আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ দাৰিদ্র্য সীমাৰেখাৰ তলৰ বিধৱা, বিবাহ বিচ্ছেদিত মহিলা আৰু দিব্যাংগ লোকক সকাহ দিবৰ বাবে এই আঁচনিত অন্তর্ভুক্ত কৰিছে৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰৰ এই উত্তম আঁচনিখন ৰূপায়ণৰ বাবে ৰাজ্যখনৰ পঞ্চায়তসমূহক দায়িত্ব অর্পণ কৰা হৈছে৷ কিন্তু একাংশ পঞ্চায়তৰ সভাপতি নির্বাচিত প্রতিনিধি আৰু সচিবে মিলি একাংশ দালালৰ সহযোগত চৰকাৰৰ এই আঁচনিখন ৰূপায়ণ কৰাত ব্যাপক অনিয়ম আৰু দুর্নীতি সংঘটিত কৰিছে৷ ৰাজ্যখনৰ আন জিলাৰ লগতে নগাঁও জিলাতো এই আঁচনি ৰূপায়ণৰ ক্ষেত্রত ব্যাপক কেলেংকাৰি সংঘটিত হৈছে৷ জিলাখনৰ পঞ্চায়তে পঞ্চায়তে অৰুণোদয় আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুর্নীতি আৰু অনিয়ম সংঘটিত হৈছে৷ জিলা গ্রামোন্নয়ন বিভাগৰ এটা সূত্রইজনোৱা মতে জনসংখ্যাভিত্তিক হিতাধিকাৰী নির্বাচনৰ বাবে তালিকা প্রস্তুত কৰাৰ ব্যৱস্থা আছে৷ সেই অনুসৰি প্রতিটো বিধানসভা সমষ্টিত ১৫,০০০ পৰা ১৭,০০০লৈকে জনসংখ্যা অনুসৰি হিতাধিকাৰী নির্বাচনৰ নির্দেশনা আছে৷ তদুপৰি পঞ্চায়তৰ এটা ৱার্ডত নূ্যনতম ৮০জন হিতাধিকাৰী নির্বাচন কৰিব পাৰে৷ নগাঁও জিলাত ১৭২খন গাঁও পঞ্চায়ত আছে৷ এই গাঁও পঞ্চায়তৰ হিতাধিকাৰী নির্বাচনৰ ক্ষেত্রত অনিয়ম সংঘটিত হৈছে৷ ইয়াক কেন্দ্র কৰি এতিয়া গাঁওসমূহত চলিছে ব্যাপক চর্চা৷ চৰকাৰী নির্দেশনা অনুসৰি দাৰিদ্র্য সীমাৰেখাৰ তলৰ বিধৱা, বিবাহ বিচ্ছেদিত মহিলা, দিব্যাংগ আদিক হিতাধিকাৰীৰ তালিকাত সন্নিৱিষ্ট কৰিব লাগে৷ জিলাখনৰ একাংশ পঞ্চায়তৰ সভাপতি, সচিব আৰু নির্বাচিত প্রতিনিধিয়ে মিলি প্রকৃত হিতাধিকাৰীক বঞ্চিত কৰি বিত্তৱান, চৰকাৰী চাকৰিয়াল, ব্যৱসায়ী আদিৰ নাম হিতাধিকাৰীৰ তালিকাত সন্নিৱিষ্ট কৰাৰ অভিযোগ উঠিছে৷ একাংশ পঞ্চায়তত ভুৱা নথি–পত্রৰে হিতাধিকাৰীৰ তালিকা প্রস্তুত কৰাৰ অভিযোগ উঠিছে৷বহুতো পঞ্চায়তত একাংশ পঞ্চায়ত সভাপতি, সচিব, পঞ্চায়ত প্রতিনিধি আদিয়ে ধনৰ বিনিময়ত হিতাধিকাৰী তালিকা প্রস্তুত কৰাৰো অভিযোগ উঠিছে৷ ইয়াক কেন্দ্র কৰি জিলাখনৰ বিভিন্ন পঞ্চায়তত ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ ঠায়ে ঠায়ে পঞ্চায়তৰ সভাপতি, সচিব আদিক ৰাইজে ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ একাংশ দৰিদ্র মহিলাকে ধৰি বহু বঞ্চিত হিতাধিকাৰী, বিভিন্ন সংগঠনে এইক্ষেত্রত নগাঁও জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰি স্মাৰক–পত্র প্রদান কৰিছে৷ এইক্ষেত্রত উপায়ুক্তই কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷ প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিত সংঘটিত ব্যাপক কেলেংকাৰিৰ দৰে অৰুণোদয় আঁচনিতো কেলেংকাৰি হোৱাৰ সন্দেহ কৰা হৈছে৷ উল্লেখ্য যে নগাঁও জিলাত প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিত ব্যাপক দুর্নীতি সংঘটিত হৈছিল৷
কলিয়াবৰত বঞ্চিত হিতাধিকাৰীয়ে ক্ষোভ উজাৰিছে পঞ্চায়তে পঞ্চায়তে
ৰাজ্য চৰকাৰে ঘোষণা কৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিক লৈ কলিয়াবৰ বিধানসভা সমষ্টিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ এই অৰুণোদয় আঁচনিক কেন্দ্র কৰি এতিয়া ক্ষোভৰ উদ্গীৰণ ঘটে নিজ বৰভগীয়া গাঁও পঞ্চায়তত৷ ক্ষুব্ধ একাংশ মহিলাই পঞ্চায়ত কার্যালয়টোৰ আচবাব ভাঙি লণ্ডভণ্ড কৰে৷ তেওঁলোকৰ অভিযোগ যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত প্রকৃত হিতাধিকাৰীক বঞ্চিত কৰি ধনৱান লোকৰ লগতে পঞ্চায়ত প্রতিনিধিৰ পৰিয়াল, আত্মীয়ৰ নাম অন্তর্ভুক্ত কৰিছে পঞ্চায়ত প্রতিনিধিয়ে৷ সোমবাৰে একাংশ মহিলাই নিজ বৰভগীয়া গাঁও পঞ্চায়তলৈ আহি কার্যালয়ত কোনো লোককে নাপাই পঞ্চায়তৰ ভিতৰত প্রৱেশ কৰি সকলো আচবাব ভাঙি লণ্ডভণ্ড কৰে৷ ঘটনাস্থলীত মিছা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ আনহাতে কলিয়াবৰ সমষ্টিৰ লখনাবন্ধা গাঁও পঞ্চায়তৰ শতাধিক মহিলাই পঞ্চায়ত সভানেত্রী আৰু ৱার্ড মেম্বাৰৰ ঘৰ ঘেৰাও কৰি পৰিস্থিতি উত্তাল কৰি তোলে৷ লক্ষনাবন্ধা পঞ্চায়তটোতো হিতাধিকাৰীৰ তালিকাত ধনৱান লোকৰ লগতে পঞ্চায়ত প্রতিনিধিৰ পৰিয়াল তথা আত্মীয়ৰ নাম অন্তর্ভুক্ত হোৱাত ক্ষোভৰ বহির্প্রকাশ ঘটে৷ চৰকাৰী নীত– নির্দেশনা অনুযায়ী পাব লগা হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কর্তন কৰিছে৷ উত্তৰ পশ্চিম পূবথৰীয়া গাঁও পঞ্চায়ততো আজিৰ দিনটোত প্রতিবাদ সাব্যস্ত কৰে একাংশ বঞ্চিত মহিলাই৷ ৰাজ্যৰ বিত্ত বিভাগৰ প্রধান সচিবে নগাঁও জিলাৰ বাবে গঠন কৰি দিয়া অৰুণোদয় হিতাধিকাৰী বাছনি প্রক্রিয়াত অন্তর্ভুক্ত সদস্যসকলৰ পৃষ্ঠপোষকতাত অৰুণোদয় আঁচনি হিতাধিকাৰী তালিকা চূডান্ত কৰাৰ পৰিণাম এতিয়া ভোগ কৰিছে সর্বসাধাৰণ যোগ্য হিতাধিকাৰীয়ে৷
কঠীয়াতলী উন্নয়ন খণ্ডৰ বকুলগুৰি পঞ্চায়তত তলা ওলমাই প্রতিবাদঃ কার্যালয়লৈ শিলগুটি নিক্ষেপ
সোমবাৰে বকুলগুৰি গাঁও পঞ্চায়তত অৰুণোদয় আঁচনি ৰূপায়ণৰ বাবে ৰাইজে বাছনি কৰি দিয়া প্রকৃত হিতাধিকাৰীৰ পৰিৱর্তে তালিকাত অন্য লোকৰ নাম অহাত পৰিস্থিতি উত্তাল হৈ পৰে৷ আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত একাংশ লোকে আজি পঞ্চায়তত তলা ওলমাই প্রতিবাদমুখৰ হৈ পৰে৷ স্থানীয় ৰাইজে পঞ্চায়তৰ সচিবজনক অনিয়ম সন্দর্ভত বাৰম্বাৰ জনোৱাৰ পিছতো তেওঁ কাণসাৰ নিদিয়াৰ অভিযোগত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি পঞ্চায়তখনৰ সচিবক পঞ্চায়তৰ ভিতৰতে তলাই লগাই আবদ্ধ কৰি ৰাখে৷ ইফালে একাংশ উত্তেজিত লোকে পঞ্চায়ত কার্যালয়লৈ শিলগুটিও নিক্ষেপ কৰে৷ পঞ্চায়তৰ প্রতিটো আঁচনিতে পঞ্চায়তখনৰ সচিবজনে দুর্নীতিৰ আশ্রয় গ্রহণ কৰি আহিছে বুলি আজি ৰাইজে অভিযোগ কৰে৷