নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাৰ নতুন দলঙৰ তলত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ আজি পুৱাই মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নৈৰ নতুন দলঙৰ তলত এগৰাকী মহিলাৰ মৃতদেহক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়ীদিহিং নতুন দলঙৰ খুঁটাৰ তলত গেৰুৱা ৰঙৰ শাৰী পৰিহিতা এগৰাকী মহিলাৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

পানীত উটি আহি বুঢ়ীদিহিং নৈৰ দলঙৰ খুঁটাত লাগি ধৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। প্ৰায় ৫০-৫৫ বছৰ বয়সৰ অচিনাক্ত মহিলাগৰাকীৰ কি পৰিস্থিতিত মৃত্যু হ’ল সেয়া বাতৰি লিখা সময়লৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি সমগ্ৰ বিষয়টো অনুসন্ধান কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

আজি পুৱাই এইদৰে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনা বিয়পি পৰাৰ পাছতেই বহু লোকে নতুন দলঙৰ ওপৰত ভিৰ কৰা পৰিলক্ষিত হয়। স্থানীয় এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, কালি নিশা প্ৰায় ১১ বজাতেই মহিলাগৰাকী নদীত উটি আহি উক্ত স্থানত আবদ্ধ হৈ পৰিছিল।

You might also like