নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ অহা বছৰৰ জানুৱাৰী মাহৰ পৰা জুলাই মাহৰ ভিতৰত দেশত ক’ৰোনা ভাইৰাছৰ ভেকচিন উপলব্ধ হোৱাৰ সম্ভাৱনা আছে৷ মঙলবাৰে জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা ব্যক্ত কৰে৷ সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে ভাৰত চৰকাৰে ইতিমধ্যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগক এইক্ষেত্রত সাজু হ’বলৈ নির্দেশ দিছে৷ অহা জানুৱাৰী মাহৰ পৰা জুলাই মাহৰ ভিতৰত যিকোনো সময়তে ক’ৰোনাৰ ভেকচিন উপলব্ধ হ’ব৷ প্রথম অৱস্থাত ক’ৰোনা যোদ্ধাসকলক আৰু ৬০ বছৰৰ ঊর্ধ্বৰ ব্যক্তিক এই ভেকচিন প্রদান কৰা হ’ব৷ তেওঁ আৰু জানিবলৈ দিয়া মতে, এই ভেকচিন এটা ব্রেণ্ডৰ নহ’ব৷ ৬–৭ স্থানৰ পৰা এই ভেকচিন লাভ কৰাৰ আশা কৰা হৈছে৷ ইপিনে, ৰাজ্যখনত ক্রমশঃ ক’ৰোনাজনিত পৰিস্থিতিৰ উন্নতি ঘটাৰ বিষয়ে উল্লেখ কৰি সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে যোৱা ১ মার্চৰ পৰাই ৰাজ্যখনে ক’ৰোনা সংক্রমণৰ বিৰুদ্ধে সংগ্রাম কৰি আছে৷ শেহতীয়াকৈ যোৱা ১৫ দিনৰ ভিতৰত পৰিস্থিতিৰ উন্নতি হৈছে৷ কিছুদিন আগলৈকে ৰাজ্যখনত ক’ৰোনা আক্রান্তৰ হাৰ ৯ শতাংশ পর্যন্ত হৈছিল যদিও যোৱা ৪ অক্টোবৰত এই হাৰ ৫.৮ শতাংশলৈ হ্রাস পায়৷ ৬ অক্টোবৰত এই হাৰ ৫ শতাংশৰ তললৈ নামে৷ কালি এই হাৰ ১.৪ শতাংশলৈ নিম্নগামী হয়৷ যোৱা জুলাই–আগষ্ট মাহৰ তুলনাত আক্রান্তৰ হাৰ এতিয়া নিম্নগামী হৈছে৷ দৈনিক ৩০ হাজাৰ নমুনা পৰীক্ষা কৰোঁতেও আক্রান্তৰ হাৰ ৪ শতাংশৰ তললৈ নমা দেখা গৈছে৷ একেদৰে ডাব্লিং ৰেটো এতিয়া ৪৬ দিনলৈ বৃদ্ধি পাইছে৷ অসমত ইতিমধ্যে ৪০ লাখ লোকৰ নমুনা পৰীক্ষা কৰাৰ বিষয়ে উল্লেখ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়ে কয় যে প্রতি ১০ লাখ লোকৰ বিপৰীতে ১ লাখ ১৪ হাজাৰ লোকৰ নমুনা পৰীক্ষা সম্পন্ন হৈছে৷ মুঠ জনসংখ্যাৰ ১০ শতাংশ নমুনা পৰীক্ষা হৈছে৷ গুৱাহাটী মহানগৰীতো ১০ লাখ নাগৰিকৰ ভিতৰত ৬ লাখৰ নমুনা পৰীক্ষা সম্পূর্ণ হৈছে৷ অৱশ্যে একে সময়তে গুৰুতৰভাৱে অসুস্থ লোকৰ সংখ্যা কমা নাই বুলি জানিবলৈ দি তেওঁ কয় যে আইচিএমআৰে কৰা ছেৰ’ ছার্ভেত গুৱাহাটীত ২০ৰ পৰা ২২ শতাংশ লোক ক’ৰোনাত আক্রান্ত হোৱা বুলি প্রকাশ কৰিছে৷ সেইদৰে মেডিকেল ব’ৰ্ডৰ ৰিপ’ট অনুসৰি এতিয়ালৈ অসমত ৮২৬গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈ মৃত্যুবৰণ কৰাৰ কথা উল্লেখ কৰি তেওঁ আৰু কয় যে ক’ৰোনাত আক্রান্ত হ’লেও আন ৰোগত মৃত্যুবৰণ কৰা লোকৰ সংখ্যা আৰু এহাজাৰ ধৰিলেও ৰাজ্যখনত মৃত্যুৰ হাৰ এতিয়াও ১ শতাংশৰ তলত আছে৷ অহা কিছুদিনলৈ জনসাধাৰণ অলপ সাৱধানে থাকিলে ক’ভিড যুঁজত অসমে ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হ’ব৷ চৰকাৰৰ লগতে জনসাধাৰণেও সম্প্রতি আইছ’লেচনত থকাৰ দিশটোত গুৰুত্ব দিয়াৰ বাবেই পৰিৱেশ উন্নত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ আনহাতে শীতকালত অসমত ক’ৰোনাৰ দ্বিতীয় ঢ়ৌ আহিব বুলি একাংশই সন্দেহ ব্যক্ত কৰাৰ বিষয়ে উনুকিয়াই মন্ত্রী ড০ শর্মাই কয় যে বর্তমান দেওবাৰৰ দিনটো বাদ দি দৈনিক ৩০ হাজাৰ লোকৰ নমুনা পৰীক্ষা কৰি আছে৷ যোৱা ২৭, ২৮, ২৯ ছেপ্ঢেম্বৰত দৈনিক এক লাখকৈ লোকৰ নমুনা পৰীক্ষাৰ পিছত কালিৰে পৰা পুনৰ তিনি দিনৰ বাবে দৈনিক এক লাখকৈ লোকৰ নমুনা পৰীক্ষা কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ আক্রান্তৰ হাৰ আৰু সংখ্যা নিম্নগামী হ’লেও স্বাস্থ্য বিভাগে অনাগত দিনতো দৈনিক ৩০ হাজাৰ লোকৰ নমুনা পৰীক্ষা কৰি যাব৷ এইক্ষেত্রত জনসাধাৰণৰ মাজতো সজাগতা আৰু সচেতনতা লাগিব৷ তেতিয়া হ’লে অসমত শীতকালত ক’ৰোনাৰ দ্বিতীয় ঢ়ৌ আহিব বুলি যি শংকা কৰা হৈছে, সেয়া প্রতিহত কৰিব পৰা যাব৷
আক্রান্তৰ হাৰ ১.১৭ শতাংশলৈ হ্রাসঃ ক’ভিডত আক্রান্ত হৈ ৪জনৰ মৃত্যু
শাৰদীয়া দুর্গা পূজাৰ প্রাক্ক্ষণত ৰাজ্যবাসীলৈ কিছু সকাহ কঢ়িয়াই আনি ক্রমাৎ নিম্নগামী হ’বলৈ লৈছে ক’ৰোনাৰ সংক্রমণ৷ কালি ১ লাখ ৭৯ হাজাৰ লোকক পৰীক্ষা কৰাৰ অন্তত আক্রান্ত চিনাক্ত হৈছিল ১,৫২১গৰাকী লোক৷ আজি পুনৰ ১,২৬,২৭৯গৰাকী লোকক ক’ভিড পৰীক্ষা কৰোৱাৰ অন্তত পজিটিভ ৰূপে চিনাক্ত হ’ল ১,৪৮২গৰাকী৷ মঙলবাৰে আক্রান্তৰ হাৰ হ’ল ১.১৭ শতাংশ৷ ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য সদৰী কৰিছে৷ উল্লেখ্য যে কালিৰে পৰা তিনি দিন ধৰি স্বাস্থ্য বিভাগে এক লাখকৈ লোকক ক’ভিড পৰীক্ষাৰ লক্ষ্য বান্ধি লৈছে৷ সেই অনুসৰি কালি আৰু আজি ৩,০৫,২৭৯গৰাকী লোকক ক’ভিড পৰীক্ষা কৰা হৈছে আৰু এইসংখ্যক লোকৰ পৰা যোৱা দুটা দিনত ৩,০০৩গৰাকী লোক পজিটিভ চিনাক্ত হৈছে৷ ৰাজ্যত ক’ৰোনাৰ সংক্রমণ নিম্নগামী হ’লেও এতিয়াও এই ৰোগত আক্রান্ত হৈ বহু লোকৰ মৃত্যু হৈ আছে৷ আজি পুনৰ ৪গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ প্রকাশ কৰা তথ্য অনুসৰি আজি মৃত্যু হোৱা লোককেইগৰাকী হ’ল– ডিব্রুগড়ৰ ৰাতুল বৰা (৫০), শিৱসাগৰৰ সৰুমাই বেগম (৫৫), কামৰূপ মেট্র’ৰ বিনোদ কুমাৰ আগৰৱালা (৬১) আৰু যোৰহাটৰ হীৰেন লেখাৰু (৬৯)৷ ৰাজ্যত এতিয়ালৈ ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৩০গৰাকীলৈ বৃদ্ধি পালে৷ আনহাতে আক্রান্তৰ সংখ্যা ১,৯৬,৭৮৬গৰাকীলৈ বৃদ্ধি পালে৷ ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা ইতিমধ্যে ক’ৰোনামুক্ত হৈ ঘৰলৈ উভতিছে ১,৬৬,০৩৬গৰাকী লোক৷ অৱশ্যে এতিয়াও ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ২৯,৯১৭গৰাকী লোক৷