নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতে ২০২১ বর্ষৰ আৰম্ভণিতে পাব ভেকচিন

আৰোগ্য সেতু এপক প্রশংসা ‘হু’ৰ

নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ  ক’ভিড–১৯ ক্লাষ্টাৰ চিনাক্তকৰণক লৈ দেশৰ স্বাস্থ্য বিভাগে মুকলি কৰা আৰোগ্য সেতু এপক ভূয়সী প্রশংসা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ ৰাষ্ট্রসংঘৰ পঞ্জীভুক্ত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্রছ আধানম ঘেব্রেয়েছাছে ভাৰতৰ আৰোগ্য সেতুক ভূয়সী প্রশংসা কৰি কয়– ভাৰতত ১৫০ নিযুত লোকে আৰোগ্য সেতু এপ ডাউনলোড কৰিছে৷ ইয়ে চহৰসমূহৰ জনস্বাস্থ্য বিভাগক অঞ্চলসমূহত ক’ভিড–১৯ ক্লাষ্টাৰ চিনাক্তকৰণত সহায় কৰিছে আৰু ইয়াৰ জৰিয়তে ক’ভিড–১৯ পৰীক্ষণৰ লক্ষ্য প্রসাৰিত কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱাৰ পিছতে নাগৰিকৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আৰোগ্য সেতু মুকলি কৰিছিল৷ এই সেতুৰ জৰিয়তে এপ ডাউনলোডকাৰীয়ে অঞ্চলটোত ক’ভিড–১৯ত আক্রান্ত লোকৰ তথ্য জানিবলৈ সক্ষম হোৱাৰ লগতে নিজকে সুৰক্ষিত ৰখাত সহায়ক হৈছে৷ ভাৰত চৰকাৰৰ এই এপক বিশ্ব স্বাস্থ্য সংস্থাই ভূয়সী প্রশংসা কৰাৰ পূর্বে ক’ভিড–১৯ক লৈ দেশে গ্রহণ কৰা পদক্ষেপক প্রশংসা কৰিছে৷
২০২১ৰ আৰম্ভণিতে ভাৰতত একাধিক ক’ৰোনা ভাইৰাছৰ ভেকচিনঃ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধন
ঘাতক ক’ভিড–১৯ৰ ভেকচিন কেতিয়া উপলব্ধ হ’ব তাক লৈ দেশবাসী উদ্বিগ্ণ হৈ থকাৰ সময়তে মঙলবাৰে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে ২০২১ৰ আৰম্ভণিতে ভাৰতত একাধিক ক’ৰোনা ভাইৰাছৰ ভেকচিন উপলব্ধ হ’ব বুলি মন্তব্য কৰিছে৷ দেশবাসীৰ বাবে আশাব্যঞ্জক খবৰ এটা ঘোষণা কৰি স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে কয় যে দেশজুৰি ক’ৰোনা ভাইৰাছৰ ভেকচিন বিতৰণক লৈ বিশেষজ্ঞৰ দল এটাই কৌশল পৰিকল্পনা কৰি আছে৷ পৰৱর্তী বর্ষৰ আৰম্ভণিতে দেশত এটা কিম্বা তাতকৈও অধিক উৎসৰ পৰা ভেকচিন উপলব্ধ হ’ব৷ আজি মন্ত্রীগোটৰ বৈঠকত স্বাস্থ্যমন্ত্রীগৰাকীয়্ এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে৷ উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাই বছৰটোৰ শেষৰ ফালে কিম্বা ২০২১ৰ প্রাৰম্ভতে ভেকচিন প্রয়োগৰ কাৰণে পঞ্জীয়ন আশা কৰা বুলি ঘোষণা কৰাৰ এদিন পিছতে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে ভেকচিনক লৈ এই মন্তব্য আগবঢ়াইছে৷ তাৎপর্যপূর্ণ যে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথনে ৪০তকৈও অধিক ক’ভিড–১৯ ভেকচিনৰ পৰীক্ষণ চলি থকা বুলি উল্লেখ কৰি ইয়াৰে ১০টাৰ তৃতীয় পর্যায় তথা অন্তিম পর্যায়ৰ পৰীক্ষণ চলি থকা বুলি ঘোষণা কৰিছিল৷ পৰীক্ষণৰ ফলাফলৰ আধাৰতেই ২০২০ৰ ডিচেম্বৰ অথবা ২০২১ৰ প্রাৰম্ভতে ভেকচিন উপলব্ধ হ’ব বুলি প্রকাশ কৰিছিল৷

You might also like