নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজানবজাৰৰ বালিচৰত পুতি থোৱা অৱস্থাত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বার্তা, ১৪ অক্টোবৰঃ ভূলুণ্ঠিত মানৱতা৷ মুখলজ্জাৰ ভয়ত উজানবজাৰৰ ব্রহ্মপুত্রৰ বালিচৰত পুতি থ’লে নৱজাতকৰ মৃতদেহ৷ কালি বালিচৰত নৱজাতকৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷

স্থানীয় লোকে বালিচৰত এটা ভৰি ওলাই থকা অৱস্থাত নৱজাতকৰ মৃতদেহটো প্রত্যক্ষ কৰি লতাশিল আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত লতাশিল আৰক্ষী উপস্থিত হৈ নৱজাতকৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্রেৰণ কৰে৷

মুখলজ্জাৰ ভয়তে কোনো পাষাণ হূদয়ৰ মাতৃয়ে নৱজাতক কন্যাটিক বালিচৰত পুতি থোৱা বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like