নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ SI কেলেংকাৰিৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে কমল হাজৰিকা নামৰ এজন লোকক। নলবাৰীৰ পৰা আটক হোৱা লোকজন বিজেপি কৰ্মী তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অতি ঘনিষ্ঠ বুলি চৰ্চা হৈছিল। শেষত আৰক্ষীয়ে সোধা-পোছা কৰি যাবলৈ দিয়ে কমল হাজৰিকাক ভুলবশতঃ কমল হাজৰিকাক আৰক্ষীয়ে আটক কৰাৰ অভিযাগ তুলিছে।
এই সন্দৰ্ভত কমল হাজৰিকাই কয় যে নামৰ ভুলৰ বাবেহে মোক আটক কৰা হৈছিল। এই কেলেংকাৰীত মই কোনোপধ্যেই জড়িত নহয়। নিশাই আটক কৰা লোকজনক পুৱা যাবলৈ দিয়ে আৰক্ষীয়ে।