সমুজ্জ্বলক নিমন্ত্রণ জনোৱা জিলা সভাপতি–সম্পাদকসহ দুই কেন্দ্রীয় প্রতিনিধিক নিলম্বন
আভ্যন্তৰীণ কন্দলত বিধ্বস্ত নগাঁও ছাত্র সন্থা
নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ সমগ্র দেশ কঁপোৱা বিগত অস্তিত্ব ৰক্ষাৰ আন্দোলন তথা অসম আন্দোলনৰ মুখ্য নেতৃত্বত গ্রহণ কৰা সর্ববৃহৎ ছাত্র সংগঠন সদৌ অসম ছাত্র সন্থাৰ নগাঁও জিলা সমিতিখন তীব্র আভ্যন্তৰীণ কন্দলত বিধ্বস্ত হৈ পৰা পৰিলক্ষিত হৈছে৷ একাংশ ছাত্র নেতাৰ পথভ্রষ্টতা আৰু লবীকেন্দ্রিক মইমতালিৰ বাবে সদৌ অসম ছাত্র সন্থাৰ সভাপতি/সম্পাদক ক্রমে দীপাংক নাথ আৰু লুৰিণজ্যোতি গগৈয়ে নগাঁও জিলা ছাত্র সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়া আৰু সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনৰ লগতে নগাঁও জিলাৰ পৰা কেন্দ্রীয় সমিতিত প্রতিনিধিত্ব কৰা মৃদুল হাজৰিকা আৰু ৰণ্টু শর্মা (কেন্দ্রীয় সাংগঠনিক সম্পাদক)ক নিলম্বন কৰা ঘটনাই জিলাখনত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, জিলাখনৰ সভাপতি/সম্পাদকক ১৫ দিনৰ বাবে নিলম্বন কৰাৰ উপৰি কেন্দ্রীয় সদস্য দুজনক ৩০ দিনৰ বাবে নিলম্বন কৰিছে৷ ঘটনা সন্দর্ভত নগাঁও জিলাৰ সমিতিৰ নেতৃত্বক যোগাযোগ কৰাৰ পিছতো কোনো সদুত্তৰ পোৱা নগ’ল যদিও বিগত সময়খিনিত নগাঁও আঞ্চলিক ছাত্র সন্থাৰ একাংশ নেতাৰ কর্মকাণ্ডই মূল কাৰণ হিচাপে বিবেচিত হৈছে৷ ফলত এগৰাকী ছাত্র সন্থাৰ নেত্রীৰ কু–বুদ্ধিৰ বাবেই জিলা সমিতিখন নিলম্বনৰ সন্মুখীন হ’ব লগা হ’ল৷ প্রাপ্ত অভিযোগ মর্মে, যোৱা ৮ ছেপ্টেম্বৰৰ নিশা প্রায় ১০.৩০ বজাত নগাঁও জিলা ছাত্র সন্থাৰ মুখ্য কার্যালয়ৰ সমীপত থকা থলুৱা বজাৰখনত এখন কাজিয়াৰ সূত্রপাত ঘটে৷ নগাঁও মহাবিদ্যালয়ৰ আছু গোটৰ উপ–সভাপতি জনৈক বাৰিক আৰু এজন পথচাৰীৰ মাজত কাজিয়াৰ সূত্রপাত ঘটে৷ সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা নগাঁও আঞ্চলিক ছাত্র সন্থাৰ সদস্য জনৈক শর্মাই সভাপতি জনৈক কাকতি আৰু উপ–সভাপতি জনৈক বৰাক ফোনযোগে মাতি আনে৷ খবৰ পাই আছুৰ এই আঞ্চলিক পর্যায়ৰ নেতা দুগৰাকী সুৰাসক্ত অৱস্থাত আহি ঘটনাস্থলীত উপস্থিত হৈ উক্ত ব্যক্তিগৰাকীক ৰাজপথত বেয়াকৈ মাৰপিট কৰে৷ ঘটনাৰ পিছদিনা বাৰিক উপাধিৰ ছাত্রজনে জিলা সমিতিক আঞ্চলিক ছাত্র সন্থাৰ নেতাকেইগৰাকীৰ আগদিনা নিশা ঘটনা সন্দর্ভত অৱগত কৰে৷ বাৰিক উপাধিৰ ছাত্রজনে সমগ্র ঘটনাৱলী জিলা নেতৃত্বক অৱগত কৰাৰ কথা জানিব পাৰি কাকতি আৰু বৰা উপাধিৰ নেতা দুগৰাকী আহি জিলা কার্যালয়ৰ সন্মুখতে বাৰিকক প্রাণে মৰাৰ ভাবুকি দিয়ে৷ নিজৰ প্রাণৰ মমতাত বাৰিকে লগে লগে জিলা সমিতিক সমগ্র ঘটনা সন্দর্ভত লিখিত অভিযোগ দাখিল কৰে আৰু ইয়াৰ প্রতিলিপি একোখনকৈ জিলাখনৰ পৰা কেন্দ্রীয় সমিতিত প্রতিনিধিত্ব কৰা ৰণ্টু শর্মা আৰু মৃদুল হাজৰিকালৈ প্রেৰণ কৰে৷ ইয়াৰ পিছতে জিলা সমিতিৰ কার্যনির্বাহক সভাৰ সিদ্ধান্তমর্মে চাৰিওজন ছাত্র নেতাকে তিনি মাহৰ বাবে নিলম্বন কৰে৷
ইপিনে, আন এক গোপন ঘটনাই বিষয়টো আৰু অধিক চাঞ্চল্য সৃষ্টি কৰে৷ জানিব পৰা মতে, যোৱা ৭ অক্টোবৰত ভাষা আন্দোলনৰ শ্বহীদ অনিল বৰাৰ নগাঁও চহৰত থকা সমাধিস্থলীত প্রতিমূর্তি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ বাবে নগাঁও জিলা ছাত্র সন্থাই যুদ্ধকালীনভাৱে কাম আগবঢ়ায়৷ বিগত ৪৭ বছৰে সম্ভৱ হৈ নুঠা এই কার্য সম্পূর্ণ কৰি ৭ অক্টোবৰত প্রতিমূর্তি উন্মোচন কৰাৰ বাবে জিলা সমিতিয়ে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্যক নিমন্ত্রণ কৰাৰ লগতে পিছফালে নির্মাণ কৰা নগাঁও জিলাৰ শ্বহীদসকলৰ নাম লিপিবদ্ধ দেৱালখন উন্মোচন কৰাৰ বাবে কেন্দ্রীয় সমিতিৰ সভাপতি/সম্পাদকক নিমন্ত্রণ কৰে৷ কিন্তু শেহতীয়াকৈ ৰাজনৈতিক দল গঠনক লৈ সমুজ্জ্বল কুমাৰ ভট্টাচার্য আৰু দীপাংক–লুৰিণজ্যোতিৰ্ মাজত সৃষ্টি হোৱা সংঘাতৰ বাবে সম্প্রতি দুটা ভাগত বিভক্ত হোৱা আছুৰ মজিয়াত আকৌ এটা কাৰক হৈ থিয় দিলে নগাঁও জিলা ছাত্র সন্থা৷ সমুজ্জ্বল কুমাৰ ভট্টাচার্যক কিয় নিমন্ত্রণ কৰা হ’ব বুলি মুখ ফুটাই নক’লেও আকাৰে–ইংগিতে নগাঁও জিলা ছাত্র সন্থাৰ সভাপতি, সম্পাদক তথা কেন্দ্রীয় সদস্য দুজনক বিভিন্ন অজুহাত দেখুৱাই ধমক দিয়ে আছুৰ কেন্দ্রীয় নেতৃত্বই৷ যাৰ বাবে শ্বহীদ অনিল বৰাৰ প্রতিমূর্তিটোৰ নির্মাণ কার্য সম্পূর্ণ নোহোৱা বুলি প্রচাৰ চলাই উন্মোচনী কার্য স্থগিত ৰাখিব লগা হ’ল৷ এই সংঘাতৰ মাজতে যোৱা সপ্তাহত নগাঁও জিলাৰ আছু নেতাসকলক দীপাংক–লুৰিণজ্যোতিয়্ মাতি নি বহু সময় ধৰি ধমকি দিয়াৰ লগতে নগাঁও জিলাৰ সভাপতি/সম্পাদক আৰু কেন্দ্রীয় প্রতিনিধি দুজনক কেন্দ্রীয় সমিতিয়ে নিলম্বনৰ মৌখিকভাৱে নির্দেশ জাৰি কৰে৷ ইয়াৰ বিপৰীতে ঘটনাৰ মূল অভিযুক্ত নগাঁও আঞ্চলিক ছাত্র সন্থাৰ চাৰিজনক নগাঁও আছুৱে দিয়া তিনি মাহৰ নিলম্বনৰ নির্দেশক ৰহস্যজনকভাৱে এমাহলৈ দিয়া বুলিহে কেন্দ্রীয় নেতৃত্বই জানিবলৈ দিয়ে৷ কিন্তু কি কাৰণত অভিযুক্ত আঞ্চলিক পর্যায়ৰ নেতাসকলৰ পক্ষ গ্রহণ কৰিলে কেন্দ্রীয় নেতাসকলে ই সম্প্রতি লাখটকীয়া প্রশ্ণ হৈ ঠিয় দিছে৷ আনহাতে, নগাঁও জিলাৰ আছু সভাপতি/সম্পাদকক অপসাৰণ কৰা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে৷ সংবাদ মাধ্যমৰ আগত লুৰিণজ্যোতি গগৈয়ে জানিবলৈ দিয়া মতে, নগাঁও আছুৰ সভাপতি/সম্পাদকে অকর্তৃত্বশীলভাৱে এখন আঞ্চলিকৰ এজন বিষয়ববীয়াক বহিষ্কাৰ কৰিছিল৷ এই বিষয়টো কেন্দ্রীয় নেতৃত্বৰ দৃষ্টিগোচৰ হোৱাত কেন্দ্রীয় নেতৃত্বই ইয়াৰ কৈফিয়ৎ বিচাৰিছিল যদিও কোনো উত্তৰ দিব নোৱাৰিলে৷ লগতে কেন্দ্রীয় নেতৃত্বক এখন সভালৈ নিমন্ত্রণ কৰি হঠাৎ সেই সভা বাতিল কৰাৰ দৰে অদায়িত্বশীল কার্য সংঘটিত কৰিছিল৷ এনেবোৰ কাৰণত ১৫ দিনৰ বাবে তেওঁলোকক নিলম্বন আৰু জিলাখনৰ কেন্দ্রীয় কার্যনির্বাহকৰ ক্ষেত্রতো অনুৰূপ ব্যৱস্থা গ্রহণ কৰা হৈছিল৷ এই সিদ্ধান্তৰ সৈতে সমুজ্জ্বল কুমাৰ ভট্টাচার্যক নিমন্ত্রণ কৰা–নকৰাৰ কোনো সম্পর্ক নাই বুলি উল্লেখ কৰে লুৰিণজ্যোতি গগৈয়ে৷