নৱেম্বৰত অনুষ্ঠিতব্য বিএড পৰীক্ষাৰ বিৰোধিতা
নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ একাংশ বি এড পৰীক্ষাৰ ছাত্র–ছাত্রীয়ে আজি বিশ্ববিদ্যালয় চৌহদত এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ ক’ৰোনা ভাইৰাছৰ প্রতি লক্ষ্য ৰাখি ছাত্র–ছাত্রীসকলে পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিৱর্তে সামগ্রিক আৰু অবিৰত মূল্যায়নৰ ভিত্তিত বি এডৰ প্রথম বর্ষৰ শিক্ষার্থীক উত্তীর্ণ কৰোৱাৰ দাবীৰে এই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ উল্লেখ্য যে যোৱা ১ অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকে বিশ্ববিদ্যালয়ৰ বি এডৰ প্রথম বর্ষৰ পৰীক্ষা নৱেম্বৰৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ’ব বুলি এক জাননী জাৰি কৰে৷ ইয়াৰ পিছতে ছাত্র–ছাত্রীসকলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ ইয়াৰ পিছত ছাত্র–ছাত্রীসকলে বিশ্ববিদ্যালয় কর্তৃপক্ষক পৰীক্ষা বাতিল কৰাৰ বাবে দাবী কৰি প্রতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বি এড প্রথম বর্ষত অধ্যয়নৰত প্রায় ৭,৩০০গৰাকী শিক্ষার্থী আছে৷ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰা একাংশ শিক্ষার্থীয়ে কয় যে মাৰাত্মক ক’ভিড–১৯ৰ ভয়াৱহ সামাজিক সংক্রমণৰ সময়ছোৱাত বহু শিক্ষার্থী পৰীক্ষাৰ বাবে প্রস্তুত হ’বলৈ সক্ষম হোৱা নাই৷ একাংশ ছাত্র–ছাত্রী প্রশিক্ষণৰ পৰা বঞ্চিত হৈছে৷ তেনে ক্ষেত্রত পৰীক্ষা অনুষ্ঠিত কৰাৰ বিপৰীতে প্রদত্ত কর্ম পদ্ধতিৰ ভিত্তিত মূল্যায়ন কৰি দ্বিতীয় বর্ষলৈ শিক্ষার্থীসকলক উন্নীত কৰিবলৈ বিশ্ববিদ্যালয় কর্তৃপক্ষক আহ্বান জনায়৷