আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ট্রাম্প নে বিডেন!
ব্রিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ (অৱসৰপ্রাপ্ত)
এই নিবন্ধটো প্রকাশ হয় মানে আমেৰিকা যুক্তৰাষ্ট্রৰ নির্বাচনৰ দিন একেবাৰে ওচৰ চাপিব৷ গোটেই বিশ্বৰ লগতে আমি ভাৰতীয়ই উৎকণ্ঠাৰে ৩ নৱেম্বৰৰ দিনটোৰ কাৰণে অপেক্ষা কৰিছোঁ৷ আমি জানো যে গোটেই বিশ্বত অর্থনৈতিকভাৱে, সামৰিকভাৱে আমেৰিকা সকলো দেশতকৈ আগত৷ আমেৰিকা যুক্তৰাষ্ট্রৰ নীতিবোৰে প্রত্যক্ষভাৱে আৰু পৰোক্ষভাৱে গোটেই পৃথিৱীতে প্রভাৱ পেলাব৷
সেইবাবে সকলোৰে মাজত আলোচনা– ৰিপাব্লিক দলৰ ড’নাল্ড ট্রাম্প আকৌ নির্বাচনত জিকিব নে ডেম’ক্রেটিক দলৰ আগৰ উপ–ৰাষ্ট্রপতি জ’ বিডেন জিকিব৷ এতিয়ালৈকে সমীক্ষা হোৱা মতে জ’ বিডেন ট্রাম্পতকৈ আগবাঢ়ি আছে৷ নির্বাচনী প্রচাৰৰ মাজতে ট্রাম্প আৰু তেওঁৰ পত্নী ক’ভিডত আক্রান্ত হোৱা বাবে ৰিপাব্লিক দলৰ নির্বাচনী প্রচাৰত যথেষ্ট হেঁচা হৈছে৷ অৱশ্যে বহুতখিনি নির্ভৰ কৰিব দুয়োজনৰ মাজত হৈ থকা প্রেছিডেনচিয়েল ডিবেটৰ Presidential Debate) ওপৰত৷ ইতিমধ্যে প্রথমখনDebate যোৱা ২৯ ছেপ্ঢেম্বৰত হৈ গ’ল৷ এই তর্ক–বিতর্কত বিডেনৰ ফল যথেষ্ট ভাল হোৱা বুলি চর্চা হৈছে৷ বিডেনে বহুকেইটা ইছ্যুক লৈ ট্রাম্পক প্রায় শ’লঠেকত পেলাইছিল৷
এতিয়া কথা হ’ল, ভাৰতৰ বাবে ৰিপাব্লিকান ৰাষ্ট্রপতি ভাল হ’ব নে ডে’মক্রেটিক ৰাষ্ট্রপতি ভাল হ’ব? যদি আমি আগৰ ৰাষ্ট্রপতিসকললৈ চাওঁ, তেন্তে ক’ব পাৰি যে অলপ হ’লেও ডেম’ক্রেটিক পার্টীয়েই ভাৰতৰ প্রতি বেছি ভাল৷ মনত ৰাখিব লাগিব যে দুয়ো দলে আন্তঃৰাষ্ট্রীয় ক্ষেত্রত ভাৰতক সমর্থন দিছে৷ দুয়ো দেশৰ মাজত ৰণনীতি সম্পর্ক যথেষ্ট বাঢ়ি গৈছে, বিশেষকৈ ‘চীন’ৰ প্রভাৱ কমাবলৈ দুয়ো দেশে একেলগে কাম কৰিব লাগিব৷ আমেৰিকাই জানেAsia Pacific ক্ষেত্রত চীন দেশক প্রত্যাহ্বান জনাবলৈ ভাৰতৰ সমর্থনৰ যথেষ্ট প্রয়োজন৷ ৬৩ শতাংশ আমেৰিকাই ভাবে যে ভাৰতৰ লগত ভাল সম্বন্ধ আমেৰিকাৰ বাবে ভাল৷
যদি যোৱা কেইটামান দশকৰ আমেৰিকাৰ ৰাষ্ট্রপতিৰ ভাৰতৰ প্রতি থকা ধাৰণালৈ আমি লক্ষ্য কৰোঁ, ১৯৭১ চনৰ ভাৰত–পাক যুদ্ধৰ সময়ত ৰিপাব্লিকান ৰাষ্ট্রপতি ৰিচার্ড নিক্সনে Richard Nixon) পাকিস্তানক সমর্থন দিছিল৷ তেতিয়া ভাৰতৰ প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ বিপক্ষে তেখেতে বহুতো বিৰূপ মন্তব্য দিছিল৷ ৰিপাব্লিকান প্রেছিডেণ্ট ৰ’নাল্ড ৰেগনে পাকিস্তানৰ চোৰাংচোৱা সংগঠনৰISIক (Inter Service Intelligence) খুব বেছি প্রাধান্য আৰু বহুত ধৰণে সহায় কৰিছিল৷ অৱশ্যে তেওঁৰ উদ্দেশ্য আছিল যে ছোভিয়েত ৰাছিয়াই ১৯৭৮ চনত আফগানিস্তান দখল কৰা বাবে আই এছ আইৰ হতুৱাই পাকিস্তানৰ ভিতৰত গেৰিলা Guerrilla) প্রশিক্ষণ দিয়া উগ্রবাদীয়ে ছোভিয়েট সৈন্যক আফগানিস্তানত আক্রমণ কৰিব লাগে৷ এটা কথা চাবলৈ গ’লে দেখা যায়, এটা সময়ত আমেৰিকাৰ প্রেছিডেণ্ট (যিকোনো পার্টীৰে নহওক) পাকিস্তানক যথেষ্ট সহায় কৰিছিল৷ আমাৰ দুয়ো দেশৰ স্বাধীনতাৰ পিছত (১৯৫০–৬০ৰ দশকত) যেতিয়া আমেৰিকা আৰু ৰাছিয়াৰ মাজত শীতল যুদ্ধ হৈছিল তেতিয়া আমেৰিকাই ৰাছিয়াক হেঁচা দিবলৈ পাকিস্তানক সমর্থন দিছিল৷ ঠিক তেনেকৈ এতিয়া আফগানিস্তানত আমেৰিকাই তালিবানৰ বিৰুদ্ধে যুদ্ধ চলাই থকাৰ বাবে পাকিস্তানৰ সহায়ৰ যথেষ্ট প্রয়োজন৷
বেছিভাগ ডেম’ক্রেটিক ৰাষ্ট্রপটিয়ে ভাৰতক তেওঁলোকৰ শাসনৰ সময়ত যথেষ্ট সমর্থন দি আহিছে৷ প্রেছিডেণ্ট অ’বামাই তেওঁৰ শাসনকালত দুবাৰকৈ ভাৰত ভ্রমণ কৰিছিল৷ অ’বামাই ৰাষ্ট্রসংঘত ভাৰতক স্থায়ী সদস্য পদ দিয়াৰ ক্ষেত্রত যথেষ্ট সমর্থন দি আহিছে৷ বিল ক্লিণ্টনে কার্গিল যুদ্ধত ভাৰতক বহুতো সমর্থন দিছিল৷
সেইবাবে আমি ক’ব পাৰো যে বর্তমান বিশ্বৰGeo Political পৰিস্থিতিত আমেৰিকাৰ যিকোনো ৰাষ্ট্রপতিয়ে ভাৰতক বেছিভাগ ক্ষেত্রত সহায়–সমর্থন দিব৷ ট্রাম্প আৰু মোদীৰ মাজত বন্ধুত্ব যথেষ্ট ভাল৷ আনকি গোটেই বিশ্ব ক’ভিড আক্রান্ত হোৱা সত্ত্বেও এই বছৰৰ ফেব্রুৱাৰী মাহত ট্রাম্পে ভাৰত ভ্রমণ কৰিছিল৷ অৱশ্যে তাৰ বাবে তেওঁৰ লগতে মোদীও যথেষ্ট সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছিল৷
তথাপি ট্রাম্পৰ America First Policy’ৰ বাবে আমেৰিকালৈ যাব বিচৰা বা আমেৰিকাত থাকিব বিচৰা ভাৰতীয় নাগৰিকৰ যথেষ্ট সমস্যা হৈছিল৷ অর্থনৈতিক বা বাণিজ্যিক কাৰণত ট্রাম্পে লোৱা কিছুমান সিদ্ধান্ত আমাৰ বিপক্ষেও গৈছিল৷ ট্রাম্পে ভাৰতকGSP (Generlaized System of Preference)ৰ পৰা উলিয়াই দিছিল, যাৰ বাবে আমেৰিকালৈ ৰপ্তানিৰ ক্ষেত্রত আমাৰ দেশ বহুতো সমস্যাত পৰিছিল৷
মোদী–ট্রাম্পৰ ব্যক্তিগত বন্ধুত্ব সত্ত্বেও আমেৰিকাত থকা ১.২ নিযুত (১২ লাখ ভাৰতীয়) ভোটাৰৰ বেছিভাগে বিডেনক সমর্থন দিব বুলি ভাবিব পাৰি৷ পৰম্পৰাগতভাৱেTraditionaly আমেৰিকাত থকা বেছিভাগ ভাৰতীয় ডেম’ক্রেটিক দলৰ সমর্থক৷
কোনজন ৰাষ্ট্রপতি আমাৰ দেশ বা বিশ্বৰ কাৰণে ভাল হ’ব? প্রথম কথা– বিডেনৰ ৰাজনৈতিক নেতা হিচাপে বা আগতে উপ–ৰাষ্ট্রপতি হোৱা বাবে তেওঁৰ অভিজ্ঞতা বেছি৷ আনহাতে, ট্রাম্পে বহুতখিনি কাম খামখেয়ালি স্বভাৱৰ বা নিজৰ ব্যক্তিগত সিদ্ধান্তৰ ওপৰত কৰে৷ তেওঁ America First’ নীতি, পেৰিছ, ক্লাইমেট নীতিৰ ওপৰত লোৱা সিদ্ধান্ত, ইৰানNuclear Dealৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত আদিৰ বাবে বিশ্বত তেওঁ যথেষ্ট অপ্রিয় হৈছিল৷
ঠিক তেনেকৈ তেওঁNATO ৰাষ্ট্রবোৰক কৰা সমালোচনাৰ বাবে ইউৰোপৰ দেশবোৰে ট্রাম্পক পছন্দ নকৰে৷ বিডেন ৰাষ্ট্রপতি হ’লে ট্রাম্পৰ সময়ৰ কিছুমান নীতি সলনি কৰিবলৈ চেষ্টা কৰিব৷ যেনেClimate Change, Iranৰ লগতNuclear Deal আদি৷ বিডেনে হয়তো চীনৰ লগতো সম্বন্ধ বিশেষকৈ বাণিজ্যিক সম্বন্ধ (এতিয়া যিহেতু খুব বেয়া) ভাল কৰিবলৈ চেষ্টা কৰিব৷
আমাৰ দেশৰ কিছুমান নীতিৰ বিৰুদ্ধে বিডেনে মাত মতাৰ কাৰণ হয়তো মোদীৰ লগত সম্বন্ধ সমিলমিল বনাবলৈ অলপ সময় লাগিব৷ ২০১৮ চনত জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ উঠাই লোৱা বাবে মোদীক তেওঁ তিৰস্কাৰ কৰিছিল৷ ঠিক তেনেকৈ বিডেনেNRC (National Register Of Citizen বাCaa(Citizenship Amendment Actৰ ক্ষেত্রত মোদী চৰকাৰে লোৱা সিদ্ধান্তবোৰক তিৰস্কাৰ কৰিছিল৷ খুব সম্ভৱ বিডেনে এতিয়া হিন্দুত্ব নীতিৰ বিপৰীতে গৈ আমাৰ চৰকাৰক উদাৰ দৃষ্টিভংগী দেখুওৱাটো বিচাৰিব৷
এতিয়া আমি সকলোৱে ৩ নৱেম্বৰত নির্বাচনৰ দিনটোলৈ ৰ’ব লাগিব৷ যিজন ৰাষ্ট্রপতিয়ে ভাৰতক বিশ্বৰ দৰবাৰত সমর্থন কৰিব, যিজন ৰাষ্ট্রপতিয়ে ভাৰতৰ লগত বাণিজ্যিক ব্যৱস্থাত সহায় কৰিব, যিজনে ভাৰতক সন্মান দিব, তেৱেঁই আমাৰ কাৰণে ভাল হ’ব৷