আজি বিশ্ব খাদ্য দিৱস, কেতিয়া আৰম্ভ হৈছিল, কিয় পালন কৰা হয় এই দিৱস?
নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ আজি বিশ্ব খাদ্য দিৱস। প্ৰতিবছৰে ১৬ অক্টোবৰত বিশ্ব খাদ্য দিৱস উদযাপন কৰা হয়। বহুতে এই দিৱসটো খোৱা-লোৱাক লৈ সমৰ্পিত এটা দিন বুলি ভুলকৈ ধাৰণা কৰে যদিও তেনে নহয়। বিশ্ব খাদ্য দিৱস কিয় উদযাপন কৰা হয় আৰু ইয়াৰ উদ্দেশ্য কি জানি লোৱাটো দৰকাৰ।
বিশ্ব খাদ্য দিৱস কিয় পালন কৰা হয়?
ক্ষুধাত ভুগি থকা লোকসকলৰ বাবে সজাগতা বিয়পোৱাৰ উদ্দেশ্যে আচলতে বিশ্ব খাদ্য দিৱস পালন কৰা হয়। এই দিনটোত স্থানীয় পৰ্যায়ত সকলোকে পুষ্টিহীনতাৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ আহ্বান জনোৱা হয়। বিশ্ব খাদ্য দিৱসত ক্ষুধাতুৰসকলৰ বিষয়ে সংবেদনশীল কৰাৰ বাবে নাৰ্ছ, প্ৰচাৰ মাধ্যম, সাধাৰণ জনসাধাৰণ আৰু চৰকাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে।
আৰম্ভণি কেতিয়া আৰম্ভ হৈছিল?
১৯৪৫ চনৰ ১৬ অক্টোবৰত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (এফএও) স্থাপন কৰা হয়। এই সংগঠনৰ সদস্য দেশসমূহে ১৯৮১ চনৰ ১৬ অক্টোবৰত বিশ্ব খাদ্য দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰা বিশ্ব খাদ্য দিৱস আজিৰ দিনটোত পালন কৰা হৈ আছে। এই বছৰ বিশ্ব খাদ্য দিৱসৰ মূল বিষয় হৈছে ‘বৃদ্ধি, পুষ্টিসাধন, নিৰ্বাহ। একেলগে। আমাৰ পদক্ষেপেই আমাৰ ভৱিষ্যৎ।’ (Grow, Nourish, Sustain. Together. Our actions are our future.)
ক’ৰোনা সংক্ৰমিতলৈ উৎসৰ্গিত
এফ এ ওৰ ৱেবছাইট অনুসৰি, এই বছৰৰ বিশ্ব খাদ্য দিৱস ক’ৰোনা ভাইৰাছৰ ভুক্তভোগীসকলৰ বাবে উৎসৰ্গিত। এই বছৰ কোনো মহামাৰীৰ সৈতে যুঁজ দিবলৈ খাদ্য আৰু কৃষি কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে লোকসকলক সজাগ কৰা হৈছে। খাদ্য আৰু কৃষি সংস্থাই দুৰ্বল শ্ৰেণীৰ বাবে বিশ্বব্যাপী সহযোগিতা আৰু একগোট হোৱাৰ বাবে আহ্বান জনই বিশ্ববাসীক।