খড়গ ব্যৱসায়ৰে জড়িত ৫জন হাতী মাউতক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ কাজিৰঙাত এতিয়া ৰক্ষকেই ভক্ষক হৈ পৰিছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বন বিভাগৰ কর্মীয়েই এতিয়া নামি পৰিছে খডগৰ ব্যৱসায়ত৷ বৃহস্পতিবাৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত কর্মৰত বন বিভাগৰ তিনিজন কর্মীক গঁডৰ খড়গ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত গ্রেপ্তাৰ কৰা হয়৷ জানিব পৰা মতে, ৰাষ্ট্রীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ অধীনত হাতী মাউতৰ কাম কৰা অশোক ভূঞা আৰু হবিবুৰ ৰহমানক গঁডৰ খড়গ ব্যৱসায়ৰ সৈতে জডিত থকাৰ অপৰাধত বন বিভাগৰ লোকে গ্রেপ্তাৰ কৰিছিল৷ ইয়াৰ পৰৱর্তী সময়ত কাজিৰঙাৰ বগৰীজুৰিত অৱস্থিত এটা ব্যক্তিগত পর্যটন নিৱাসৰ কর্মী কাজিৰঙাৰ লোখোৰাখনীয়া (দ) গাঁও নিৱাসী লোকনাথ গগৈক বন বিভাগৰ লোকে গ্রেপ্তাৰ কৰি কালি কাৰাগাৰলৈ প্রেৰণ কৰে৷ ইয়াৰ পাছতে এই ঘটনাটোৰ সৈতে জড়িত থকাৰ অপৰাধত কালি নিশা ৰাষ্ট্রীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ অধীনত হাতী মাউতৰ কাম কৰা অস্থায়ী কর্মী তথা কঁহৰাৰ পিলখানা নিৱাসী দিলীপ কর্মকাৰ, ৰবীন বাউৰী আৰু ৰাজীৱ কর্মকাৰক আটক কৰে৷ বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ মাৰাথন জেৰাত উক্ত ঘটনাৰ সৈতে জডিত থকাটো নিশ্চিত হোৱাত বৃহস্পতিবাৰে গ্রেপ্তাৰ কৰে৷ ইফালে ৰাষ্ট্রীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়াই জানিবলৈ দিয়া মতে, ৰাষ্ট্রীয় উদ্যানখনৰ ভিতৰত কর্তব্য কৰি থকা অৱস্থাত মাজেমধ্যে হাতী মাউতসকলে বিভিন্ন কাৰণত সুলকি পৰা গঁডৰ খড়গ বিচাৰি পায়৷ অৰণ্যৰ মাজত বিচাৰি পোৱা গঁড়ৰ খড়গ বিভাগীয় কার্যালয়ত জমা দিয়াৰ পৰিৱর্তে চোৰাং ব্যৱসায়ীক বিক্রী কৰে৷ উল্লেখ্য যে ধৃত বন বিভাগৰ অস্থায়ী হাতী মাউত দিলীপ কর্মকাৰে ইতিমধ্যে তিনিটা গঁডৰ খডগ চোৰাং ব্যৱসায়ীক বিক্রী কৰিছিল বুলি স্বীকাৰ কৰিছে৷ আনহাতে, এই গঁড়ৰ খড়গ বিক্রী কৰাৰ ক্ষেত্রত হাতী মাউত ৰবীন আৰু ৰাজীৱ কর্মকাৰে সহযোগ আগবঢ়াইছিল বুলি বন সংমণ্ডল বিষয়া ৰমেশ গগৈয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান সুৰক্ষাত নিয়োজিত বিভাগীয় কর্মী গঁডৰ খড়গ ব্যৱসায়ত নামি পৰা ঘটনাটো অতি স্পর্শকাতৰ হৈ পৰিছে৷ ইতিমধ্যে কাজিৰঙাত বন বিভাগৰ ৫জনকৈ হাতী মাউত গঁডৰ খড়গ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত এতিয়া বিভাগীয় আন সুৰক্ষা কর্মীকো সাধাৰণ ৰাইজে সন্দেহৰ দৃষ্টিৰে চাবলৈ বাধ্য হৈছে৷