ছেপ্টেম্বৰত যাত্রীবাহী বাহনৰ বিক্রী ২৬.৫ শতাংশ বৃদ্ধিঃ এছআইএএম
নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ আনলক–৪.০ৰ সময়ছোৱাত অর্থাৎ ছেপ্টেম্বৰ মাহত যাত্রীবাহী বাহনৰ বিক্রী ২৬.৪৫ শতাংশ বৃদ্ধি পাইছে৷ ছ’চাইটী অৱ ইণ্ডিয়ান অটোম’বাইল মেনুফেকচার্ছ (এছআইএএম)ৰ প্রতিবেদনৰ তথ্য মতে ছেপ্টেম্বৰত ২,৭২,০২৭ ইউনিট বিক্রী হৈছে৷
বিগত বর্ষত এই সময়ছোৱাত বিক্রী হৈছিল ২,১৫,১২৪ ইউনিট৷ ইপিনে, দেশত যাত্রীবাহী বাহনৰ বিক্রী বৃদ্ধি পালেও ছেপ্টেম্বৰ মাহটোত এই বাহনৰ ৰপ্তানি ৩৫.৮৯ শতাংশ হ্রাস পাইছে৷
আনহাতে, দেশত দুচকীয়া বাহনৰ বিক্রী বিগত বর্ষৰ ছেপ্টেম্বৰ মাহৰ তুলনাত ১১.৬৪ শতাংশ বৃদ্ধি পাইছে৷ বিগত বর্ষৰ ১৬,৫৬,৬৫৮ ইউনিট বিক্রী হোৱাৰ পৰিৱর্তে চলিত বর্ষৰ ছেপ্ঢেম্বৰত বিক্রী হৈছে ১৮,৪৯,৫৪৬ ইউনিট৷ দেশত বিক্রীৰ লগতে ৰপ্তানিও মাহটোত ৯.১৭ শতাংশ বৃদ্ধি পাইছে৷
এছ আই এ এমৰ অধ্যক্ষ কেনিছি আয়ুকাৱাই প্রকাশ কৰা মতে যাত্রীবাহী বাহন আৰু দুচকীয়া বাহনৰ বিক্রী ইতিবাচক৷ উৎসৱৰ বতৰত এই বাহনৰ বিক্রী আৰু বৃদ্ধি পাব৷ ঋণৰ সুদৰ হাৰ কেন্দ্রীয় চৰকাৰে ৮ শতাংশৰ অধীনলৈ অনাৰ বাবে এই বিক্রী ইতিবাচক হৈছে বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷