নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰক বিশ্বৰ পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু ৰূপে গঢ়াৰ সংকল্প

১১টা পথ–দুখন দলঙৰ আধাৰশিলা স্থাপন ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ  ‘সম্ভাৱনাৰ ফচলেৰে পৰিপূর্ণ হৈ আছে ঐতিহাসিক শিৱসাগৰ৷ স্বর্গদেউ চাওলুং চুকাফাই প্রতিষ্ঠা কৰি থৈ যোৱা শিৱসাগৰৰ পৰাই অৰুনোদয়ৰ জন্মৰ লগে লগে অসমীয়া জাতি গঠন প্রক্রিয়াই এক নতুন গতি লোৱাৰ লগতে ভাষা, কৃষ্টি, সংসৃকতি আৰু সাহিত্যৰ ক্ষেত্রত এক অভাৱনীয় পৰিৱর্তন আহিছিল৷’ –এই মন্তব্য লোকনির্মাণ, স্বাস্থ্য, বিত্ত, শিক্ষা আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ উন্নয়নৰ বতৰা লৈ আজি শিৱসাগত উপস্থিত হোৱা মন্ত্রী ড০ শর্মাই ১১টাকৈ পথ আৰু দুখন দলঙৰ আধাৰশিলা স্থাপন কৰে৷ শিৱসাগৰ চহৰৰ দৰিকাপাৰত ১১টা পথৰ আধাৰশিলা স্থাপন কৰি ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মন্ত্রী ড০ শর্মাই কয় যে ঐতিহাসিক শিৱসাগৰৰ প্রতিটো প্রান্ততেই অভাৱনীয় হাৰত লুকাই আছে ইতিহাসৰ সমল৷ পর্যটন মানচিত্রত এক সুকীয়া স্থান লাভ কৰা শিৱসাগৰক বিশ্বৰ পর্যটকৰ মাজত অধিক আকর্ষণীয় ৰূপত গঢ়ি তুলিবলৈ বর্তমানৰ ৰাজ্য চৰকাৰখন বদ্ধপৰিকৰ৷ শিৱসাগৰক অধিক আকর্ষণীয়ভাৱে পর্যটকৰ উপযোগী হোৱাকৈ সজাই–পৰাই তুলিবৰ বাবে চলিত বছৰটোৰ ভিতৰতেই লোৱা হ’ব এক বৃহৎ প্রকল্প৷ যি প্রকল্পই সমগ্র শিৱসাগৰৰ ছবিয়েই সলনি কৰি দিব বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ পুনৰ কয় যে আজিৰ পৰা ডেৰ বছৰ পূর্বে লোকসভা নির্বাচনৰ প্রচাৰৰ বাবে শিৱসাগৰৰ মূল পথেৰে পদযাত্রা কৰাৰ সময়তে পৰিলক্ষিত হৈছিল শিৱসাগৰৰ বাট–পথৰ দুৰৱস্থাৰ প্রকৃত ছবিখন৷ ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত এই দুৰৱস্থাৰ সমাধানৰ বাবে কিছু পলম হ’ল৷ ক’ভিড–১৯ৰ শেহতীয়া ছবিখন কিছু ভাললৈ অহা বাবেই শিৱসাগৰৰ সামূহিক উন্নয়নৰ বাবে নিজেই শিৱসাগৰলৈ অহা বুলি তেওঁ উল্লেখ কৰে৷ শিৱসাগৰবাসীয়ে বিজেপি মনোনীত প্রাথ্ক সমষ্টিটোৰ পৰা বিজয় কৰিবলৈ সক্ষম নোহোৱা বাবেই সমষ্টিটোৰ উন্নয়ন বহু পৰিমাণে পিছপৰি আছে বুলি মন্তব্য কৰি তেওঁ আগন্তুক দিনত শিৱসাগৰ সমষ্টিৰ সর্বাংগীণ উন্নয়নৰ বাবে বিজেপি প্রার্থী বিধায়ক অথবা বিধায়িকা হিচাপে নির্বাচিত কৰিবলৈ আহ্বান জনায়৷ শিৱসাগৰৰ আৱর্ত ভৱনত চলিত বর্ষটোত কেইবাবাৰো নৈশ যাপন কৰি পুৱা ঐতিহাসিক বৰপুখুৰীৰ পাৰত প্রাতঃভ্রমণ কৰাৰ সময়তেই মন্ত্রী ড০ শর্মাৰ দৃষ্টিগোচৰ হৈছিল ছশ বছৰীয়া আহোম ৰাজত্বকালৰ সোণালী ইতিহাসৰ স্বর্ণিল অধ্যায় লিপিবদ্ধ হৈ থকা বৰপুখুৰীৰ দুৰৱস্থাৰ ছবি৷ এই কথা উল্লেখ কৰি তেওঁ কয় যে বৰপুখুৰীটোৰ চৌপাশে বিভিন্ন চৰকাৰী বিভাগৰ কার্যালয়ৰ লগতে ব্রিটিছ আমোলত নির্মিত কাৰাগাৰখনৰ বাবেই বৰপুখুৰীটোৰ সৌন্দর্য বহু পৰিমাণে লাঘৱ হৈছে৷ আগন্তুক দিনত বৰপুখুৰীৰ পাৰৰ পৰা কার্যালয়সমূহ স্থানান্তৰিত কৰি বিশ্বৰ পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু কৰি গঢ়ি তোলাৰ পৰিকল্পনাৰ বিষয়েও ড০ শর্মাই সদৰী কৰে৷

প্রায় ৭৭ কোটি টকা ব্যয়সাপেক্ষ শুকুৰবাৰে আধাৰশিলা স্থাপন কৰা ১১টা পথৰ নির্মাণ সম্পূর্ণ হৈ উঠিলেই শিৱসাগৰ ৰাজ্যখনৰ ভিতৰতেই যোগাযোগৰ ক্ষেত্রত এক নতুন গতি লাভ কৰিব৷ লোকনির্মাণ বিভাগৰ বিভিন্ন আঁচনিৰ অধীনত শিৱসাগৰৰ পুৰণি অসম ট্ৰাংক ৰোডৰ ১১.২০ কিলোমিটাৰ দৈর্ঘ্যৰ নির্মাণৰ বাবে ১৫ কোটি ৪৮ লাখ, ঐতিহাসিক ধাইআলিৰ ৭ কিলোমিটাৰ পথ নির্মাণৰ বাবে ৮ কোটি ২৩ লাখ ৫৪ হাজাৰ, ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা দিচাংমুখলৈকে ১১.৭ কিলোমিটাৰ দৈর্ঘ্যৰ বাবে ৪ কোটি ৪৮ লাখ ৮৬ হাজাৰ, ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা চেনিমৰালৈকে ১২ কিলোমিটাৰ দৈর্ঘ্য পথৰ বাবে ৬ কোটি ১৬ লাখ ৬৮ হাজাৰ, ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা আৱর্ত ভৱনলৈকে ২.৮ কিলোমিটাৰ দৈর্ঘ্যৰ ভি আই পি ৰোডৰ বাবে ২ কোটি ৮৩ লাখ ৩৬ হাজাৰ, দাউকি আলিৰ ৬.৮০ কিলোমিটাৰ পথৰ বাবে ২ কোটি ৬২ লাখ ৫৪ হাজাৰ টকা, টেক্সী আলিৰ ৩.৫ কিলোমিটাৰৰ বাবে ১ কোটি ৭১ লাখ টকা, মানকটা পথৰ ২.২০ কিলোমিটাৰ পথৰ বাবে ৯৯ লাখ ৯৭ হাজাৰ টকা, দুৱৰণি আলিৰ ২.২০ কিলোমিটাৰৰ বাবে ১ কোটি ৯ লাখ ৭৪ হাজাৰ টকা, নাজিৰা আলিৰ পৰা টাইমুৰা আলি সংযোগী ২ কিলোমিটাৰৰ বাবে ১ কোটি ৩ লাখ ৫ হাজাৰ টকা আৰু দিচাংমুখ আলিৰ ১ কিলোমিটাৰ দৈর্ঘ্যৰ বাবে ৬৫ লাখ ৯৬ হাজাৰ টকা ধার্য কৰা হৈছে৷ ইয়াৰ উপৰি নির্মীয়মাণ অৱস্থাত শিৱসাগৰৰ ৮টা পথৰ বিপৰীতে ৪৪ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষে নির্মাণকার্য অন্তিম পর্যায়ত আছে বুলি তেওঁ ব্যক্ত কৰে৷ আনহাতে, শিৱসাগৰৰ সামগ্রিক পৰিৱেশ অচিৰেই পৰিৱর্তন কৰাৰ লক্ষ্য হাতত লোৱা বুলি উল্লেখ কৰা মন্ত্রী ড০ শর্মাই অহা নৱেম্বৰ মাহৰ পৰাই উন্নয়ন আৰু পৰিৱর্তনৰ গতি শিৱসাগৰত অধিক ত্বৰান্বিত ৰূপত প্রাণ পাই উঠিব বুলিও মন্তব্য কৰে৷ একে সময়তে মন্ত্রী ড০ শর্মাই চলিত বর্ষটোৰ পৰাই যোৰহাট–মাজুলী সংযোগী দলঙৰ নির্মাণকার্যও আৰম্ভ হ’ব বুলি সদৰী কৰে৷ ইফালে কোঁৱৰপুৰ মৌজাৰ শান্তিপুৰ গাঁও পঞ্চায়তৰ অন্তর্গত চিৰিপুৰীয়া পাৰঘাটত দিখৌ নৈৰ বুকুত উত্তৰ–পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত ১৮ কোটি টকা ব্যয়সাপেক্ষ চিৰিপুৰীয়া–দিখৌমুখ আৰু ১০ কোটি টকা ব্যয়সাপেক্ষ হাৰমতীগড়–৩৭নং ৰাষ্ট্রীয় ঘাইপথ সংযোগী দুখন পকী দলঙৰ আধাৰশিলাও স্থাপন কৰে মন্ত্রী ড০ শর্মাই৷ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত মন্ত্রী ড০ শর্মাই অহা দুবছৰৰ ভিতৰত দলঙৰ নির্মাণকার্য সম্পূর্ণ হ’ব বুলি সদৰী কৰে৷ আধাৰশিলাস্থলীলৈ মন্ত্রী ড০ শর্মাক গায়ন–বায়নৰ দলে আদৰি নিয়াৰ লগতে স্থানীয় বিভিন্ন দল–সংগঠনে বিপুল আদৰণি জনায়৷ আধাৰশিলা অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছা, মন্ত্রী যোগেন মহন, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, সোণাৰি সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, শিৱসাগৰ জিলাৰ উপয়ুক্ত লক্ষীনন্দন গগৈ আদি উপস্থিত আছিল৷

You might also like