নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্রী ড০ শর্মাৰ আকস্মিক পৰিদর্শনত উন্মোচিত হ’ল তাই যাদুঘৰৰ পুতৌজনক অৱস্থা

নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ  শুকুৰবাৰে শিৱসাগৰৰ যুৱদ’লত শিক্ষক সমাজৰ কৃতজ্ঞতা অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্রী ড০ শর্মাই হঠাতে যুৱদ’লৰ কাষতে থকা অসম তাই যাদুঘৰ পৰিদর্শন কৰাৰ ইচ্ছা প্রকাশ কৰে৷ জিলা প্রশাসনে মন্ত্রীগৰাকীৰ ইচ্ছানুযায়ী যাদুঘৰ পৰিদর্শনৰ ব্যৱস্থা কৰিবলৈ গৈ বিমোৰত পৰে৷ কিয়নো তেতিয়ালৈকে যাদুঘৰটোত উপস্থিত হোৱা নাছিল অসম চৰকাৰৰ সাংসৃকতিক বিভাগৰ কোনো কর্মচাৰী৷ পুৱা ১০.৩০ বাজি যোৱাৰ পাছতো কোনো কর্মচাৰী যাদুঘৰত উপস্থিত নোহোৱাত অৱশেষত জিলা উপায়ুক্তৰ নির্দেশত যাদুঘৰৰ গেটৰ তলাৰ লগতে মূল প্রৱেশদ্বাৰৰ তলা ভাঙি পেলোৱা হয়৷ মন্ত্রীগৰাকী যাদুঘৰত উপস্থিত হোৱাৰ পাছত আন এক সমস্যাই বিমোৰত পেলায় জিলা প্রশাসনক৷ কিয়নো সেই সময়ত বিজুলী সংযোগ বিচ্ছিন্ন হৈ আছিল যাদুঘৰৰ৷ বিগত প্রায় পাঁচ দিনৰ পৰা তলৰ মহলাৰ বিজুলী সংযোগ বিচ্ছিন্ন হৈ থকাৰ পাছতো মেৰামতি নকৰা বাবে মন্ত্রীগৰাকীয়ে চার্জিং লাইট আৰু ম’বাইল ফোনৰ পোহৰত আহোম যুগৰ বিভিন্ন ঐতিহাসিক সমল পৰিদর্শন কৰে৷ উক্ত সময়ত যাদুঘৰত উপস্থিত থকা ৰাজ্যিক মন্ত্রী যোগেন মহন, অসম শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ আদিকে ধৰি শীর্ষ বিষয়াসকল বিব্রত হৈ পৰে৷ অৱশ্যে মন্ত্রী ড০ শর্মাই চার্জিং লাইট আৰু ম’বাইল ফোনৰ পোহৰতে অতি মনোযোগেৰে আহোম যুগৰ বিভিন্ন সম্পদ, যেনে– পোছাক, দোলা, হেংদাং, বলিকটা দা, দৈনন্দিন ব্যৱহাৰৰ আচবাব আদি বিভিন্ন সামগ্রী পৰিদর্শন কৰি সেইসমূহৰ ব্যৱহাৰ সম্পর্কে জনাৰ উৎসুকতা প্রকাশ কৰে৷ উল্লেখ্য যে ১৯৭২ চনত স্থাপন হোৱা অসম তাই যাদুঘৰ বর্তমান অসম চৰকাৰৰ সাংসৃকতিক সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত৷ বহুকেইজন বিষয়া–কর্মচাৰীৰে পৰিপূর্ণ এই যাদুঘৰটোলৈ স্থাপনৰ পাছৰে পৰা শিৱসাগৰ জিলাকে ধৰি বিভিন্ন অঞ্চলৰ লোকে তেওঁলোকৰ হাতত সংগৃহীত হৈ থকা আহোম যুগৰ সম্পদসমূহ ৰাইজৰ পৰিদর্শনৰ বাবে দান কৰিছিল৷ কিন্তু পৰৰ্ৱতী সময়ত এই সম্পদসমূহৰ উচিত সংৰক্ষণ আৰু উপযুক্ত তদাৰক নোহোৱা বাবে বিভিন্ন দাতা পৰিয়ালে বহু সম্পদ ঘূৰাই লৈ যায়৷ শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা এই যাদুঘৰটোৰ বহু পর্যটকৰ আকর্ষণৰ কেন্দ্র যদিও ইয়াৰ তথৈবচ অৱস্থাই পর্যটকসকলক নিৰাশ কৰে৷  মন্ত্রী ড০ শর্মাৰ আকস্মিক পৰিদর্শনত এই যাদুঘৰৰ পুতৌলগা অৱস্থা পুনৰ উন্মোচিত হ’ল৷

You might also like