নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত ১২ নির্বাচনী সভাত অংশ ল’ব প্রধানমন্ত্রী মোদীয়ে

নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ বিহাৰ বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এৰ মুখ্যমন্ত্রী প্রার্থী হিচাপে নীতিশ কুমাৰৰ পক্ষত ৰাজ্যখনত ১২খন নির্বাচনী সমাৱেশত অংশ ল’ব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ অহা ২৩ অক্টোবৰত ছাছাৰামত প্রথমখন নির্বাচনী সমাৱেশত অংশ লোৱাৰ পিছত একেদিনাই গয়া আৰু ভাগলপুৰত নির্বাচনী সভাত অংশ ল’ব প্রধানমন্ত্রী মোদীয়ে৷

বিজেপিৰ সূত্রই প্রকাশ কৰা মতে ৩ নৱেম্বৰত আৰাৰিয়াত অন্তিমখন নির্বাচনী সমাৱেশত অংশগ্রহণ কৰিব প্রধানমন্ত্রী মোদীয়ে৷ তাৎপর্যপূর্ণ যে প্রধানমন্ত্রী মোদীয়ে এদিনত তিনিখনকৈ নির্বাচনী সমাৱেশত অংশ ল’ব আৰু ইয়াৰে এখন সমাৱেশত জে ডি(ইউ)ৰ মুৰব্বী তথা বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰো প্রধানমন্ত্রীৰ সৈতে মঞ্চত উপস্থিত থাকিব৷

উল্লেখ্য যে ২০১৩ চনত নৰেন্দ্র মোদীক প্রধানমন্ত্রীৰ প্রার্থী হিচাপে প্রক্ষেপ কৰাৰ পিছতেই নীতিশ কুমাৰে বিজেপি নেতৃত্বাধীন এন ডি এ ত্যাগ কৰিছিল৷ পিছলৈ কুমাৰে পুনৰ এন ডি এত অংশগ্রহণ কৰে৷ প্রথমবাৰৰ বাবে কুমাৰৰ হৈ নির্বাচনী সভাত অংশ ল’ব প্রধানমন্ত্রী মোদীয়ে৷

You might also like