নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ কালি ধুবুৰীৰ ঐতিহ্যমণ্ডিত হৰিসভা প্রাংগণত ধুবুৰী আঞ্চলিক ব্রাহ্মণ সমাজৰ উদ্যোগত এখন বৈঠক অনুষ্ঠিত হয়৷ উক্ত বৈঠকত পঞ্চমীৰ দিনা ক’ভিড টেষ্ট নকৰাৰ সমান্তৰালকৈ পূজা নকৰাৰো সিদ্ধান্ত গ্রহণ কৰা বুলি জানিব পৰা গৈছে৷ ধুবুৰী আঞ্চলিক ব্রাহ্মণ সমাজৰ সম্পাদক দীপ ভট্টাচার্যই সদৰী কৰা অনুসৰি ইতিমধ্যে ধুবুৰীৰ বিভিন্ন পূজা কমিটীক তেওঁলোকৰ সিদ্ধান্তৰ কথা অৱগত কৰোৱা হৈছে৷ অৱশ্যে পূজা কমিটীকে ধৰি স্থানীয় অন্যান্য ব্যক্তিয়ে বিষয়টো লৈ ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীক অৱগত কৰাৰ পাছত আলোচনাৰ মাজেৰে এক সমাধান সূত্র ওলাব পাৰে বুলিও মত প্রকাশ কৰিছে ধুবুৰী আঞ্চলিক ব্রাহ্মণ সমাজৰ সম্পাদকগৰাকীয়ে৷
হোজাইত ৰেপিড এণ্টিজেন পৰীক্ষাৰ পৰা আঁতৰি থাকিব বহু দুর্গাপূজা উদ্যাপন সমিতিৰ কর্মী
হোজাইৰ অধিকাংশ পূজা কমিটীয়ে চৰকাৰে দিয়া অধিনিয়ম অমান্য কৰি সমাগত শাৰদীয় দুর্গাপূজাৰ পঞ্চমীত ক’ভিড পৰীক্ষা কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ প্রাপ্ত তথ্য অনুসৰি, হোজাই জিলাৰ সদৰ থানা হোজাইৰ প্রায় সত্তৰখন পূজা সমিতিৰ অধিকাংশ বিষয়ববীয়াই আগন্তুক শাৰদীয় দুর্গাপূজাৰ পঞ্চমীত ক’ভিড পৰীক্ষা কৰাৰ চৰকাৰী নিয়ম মানিবলৈ অস্বীকাৰ কৰিছে৷ ৰাজদ্রোহৰ ভয়ত মুকলিভাৱে চৰকাৰৰ এই সিদ্ধান্তত বিৰোধিতা নকৰিলেও পঞ্চমীৰ দিনা ক’ভিড পৰীক্ষা কৰিবলৈ অহা চিকিৎসা কর্মীৰ চকুত ধূলি দিয়াৰ বাবে এতিয়াই পূর্বপ্রস্তুতি চলাইছে অধিকাংশ পূজা কমিটীৰ বিষয়ববীয়াই৷ তেওঁলোকৰ মন্তব্য যে বছৰেকীয়া এই আনন্দৰ সময়ত তেওঁলোকে ক’ভিডত আক্রান্ত হৈ বছৰৰ আনন্দ উপভোগৰ পৰা বিৰত থাকিব বিচৰা নাই৷ কাৰণ অসমৰ বহু লোক কোনো ক’ভিডৰ কোনো লক্ষণ নথকাকৈ পৰীক্ষাত ক’ভিড ৰোগী হিচাপে চিহ্ণিত হৈছিল৷ সেয়ে হোজাইৰ অধিকাংশ পূজা কমিটীৰ বিষয়ববীয়াৰ লগতে পূজাৰীসকলেও এই পৰীক্ষা কৰাৰ বাবে আগ্রহ প্রকাশ কৰা নাই৷ ইয়াৰ বিপৰীতে হোজাইৰ বহুসংখ্যক পূজা কমিটীৰ বিষয়ববীয়া তথা পূজাৰীয়ে আগতীয়াকৈ ক’ভিড পৰীক্ষা কৰি প্রমাণ–পত্র সংগ্রহ কৰিছে৷ ইফালে, ক’ভিড পৰীক্ষা কৰাৰ অন্তত প্রমাণ–পত্র প্রদান কৰাত হোজাইৰ স্বাস্থ্য বিভাগৰ একাংশ কর্মচাৰীয়ে এনে লোকক ধৰাশাস্তি কৰাৰ অভিযোগ উঠিছে৷
ক’ভিড–১৯ টেষ্ট, দুর্গাপূজা বয়কট কৰিব হাইলাকান্দিৰ পুৰোহিতে
হাইলাকান্দি জিলাৰ পুৰোহিতে পূজা বয়কট কৰাৰ সিদ্ধান্ত লৈছে৷ ৰাজ্য চৰকাৰে জাৰি কৰা বিধি মতে দুর্গাপূজাৰ পঞ্চমীৰ দিনা পুৰোহিতৰ ক’ভিড–১৯ পৰীক্ষা বাধ্যতামূলক৷ আৰু পূজাৰ শেষত ক’ভিড –১৯ পৰীক্ষা বাধ্যতামূলক কৰা হৈছে৷ কিন্তু উক্ত নির্দেশ পৰিৱর্তন কৰা নহ’লে হাইলাকান্দি জিলাৰ পুৰোহিতে এইবাৰ দুর্গাপূজাৰ মন্ত্র উচ্চাৰণ নকৰিব বুলি কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ কালি হাইলাকান্দিৰ ভৈৰৱ মন্দিৰ প্রাংগণত হাইলাকান্দি জিলা পুৰোহিত মণ্ডলীৰ উদ্যোগত এখন প্রতিবাদী সভা অনুষ্ঠিত হয়৷ সভাখনত চৰকাৰৰ দুর্গাপূজা উপলক্ষে যি নতুন ষ্টেণ্ডার্ড অপাৰেটিং প্রট’কল (এছ’পি) বা নীতি–নির্দেশিকা জাৰি কৰিছে ইয়াৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰে হাইলাকান্দি জিলাৰ পুৰোহিত সমাজে৷ তদুপৰি উক্ত এছ অ’ পি পৰিৱর্তন নকৰিলে তেওঁলোকে পূজা বয়কট কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ জিলাৰ পুৰোহিত মণ্ডলীৰ সভাপতি শম্ভু ভট্টাচার্য, উপ–সভাপতি ৰঞ্জিত কুমাৰ চৌধুৰী, সম্পাদক ৰঞ্জন ভট্টাচার্য, মিণ্ঢু গোস্বামী, শুভময় ভট্টাচার্য, সুদীপ গোস্বামী, শান্তনু বেনার্জী, ধ্রুৱজ্যোতি আচার্য, যজ্ঞেশ্বৰ ভট্টাচার্য, মহিতোষ চৌধুৰীসহ আন পুৰোহিতে প্রতিবাদ জনায়৷