বাঘজানত অ’এনজিচিৰ চিএমডি–গেছ মন্ত্রালয়ৰ যুটীয়া সচিব
নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ শুকুৰবাৰে অইল ইণ্ডিয়াৰ বাঘজান বি জি এন ৫ পৰিদর্শন কৰি সামগ্রিক পৰিস্থিতিৰ বুজ ল’লে অ’ এন জি ছিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শশীশংকৰৰ সৈতে ডাইৰেক্টৰ জেনেৰেল অৱ হাইড্র’কার্বনৰ DGH) ডাইৰেক্টৰ জেনেৰেল এছ চি এল দাস আৰু পেড্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ অন্বেষণৰ যুটীয়া সচিব অমৰ নাথে৷ কেন্দ্রীয় পেড্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ে বাঘজান ব্ল’–আউট ঘটনাৱলী নিয়ন্ত্রণ কৰিবৰ বাবে অ’ এন জি চিৰ চি এম ডিৰ নেতৃত্বত গঠন কৰি দিয়া এই তিনিজনীয়া কমিটীখনে শুকুৰবাৰে দুপৰীয়া দিল্লীৰ পৰা বিমানযোগে ডিব্রুগডলৈ আহি পোনে পোনেই বাঘজান ক্ষেত্রলৈ যায়৷ সম্পূর্ণ এবেলা বাঘজান ক্ষেত্র নিৰীক্ষণ আৰু অধ্যয়ন কৰি সন্ধিয়ালৈ দুলীয়াজানস্থিত অইলৰ অতিথিশালা এফ–১৪ত অনুষ্ঠিত বৈঠকত অংশগ্রহণ কৰে উক্ত তিনিজনীয়া দলটোৱে৷ এই বৈঠকত উপস্থিত থাকে অইল ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল চন্দ্র মিশ্রসহ সঞ্চালক মণ্ডলী আৰু অইলৰ মুখ্য আৱাসিক বিষয়া দিলীপ দাস৷ এই বৈঠকখনতে তিনিজনীয়া কমিটীখনে বাঘজান সম্পর্কীয় গুৰুত্বপূর্ণ বিষয় আলোচনা আৰু সিদ্ধান্ত গ্রহণ কৰা সম্ভাৱনা আছে বুলি এক সূত্রই সদৰী কৰিছে৷ আনহাতে বাঘজান ক্ষেত্রৰ পৰিদর্শনৰ সময়ছোৱাত তিনিজনীয়া উচ্চস্তৰীয় কমিটীখনক সংগ দিয়ে অইলৰ চি এম ডি গৰাকীয়ে৷ এই উদ্দেশ্যে আজি দিনটোতে অইল চি এম ডি গৰাকীও নয়ডাস্থিত কার্যালয়ৰ পৰা দুলীয়াজানত উপস্থিত হয়হি৷ লক্ষণীয় যে পেড্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ হেঁচাতে অইল মেনেজমেণ্টে যোৱা ২৭ মে’ত সংঘটিত বাঘজান ব্লু–আউট আৰু পৰৱর্তি সময়ত অগ্ণিকাণ্ডৰ ঘটনাক লৈ ইতিমধ্যে ৩০ৰো অধিক বিভাগীয় বিষয়ালৈ কাৰণ দর্শোৱা জাননী প্রেৰণ কৰিবলৈ বাধ্য বুলি অইলৰ এক সূত্রই জানিবলৈ দিছে৷ সম্প্রতি বাঘজানত তিনিজনীয়া কমিটীখনৰ উপস্থিতিৰ পাছত অইল ইণ্ডিয়াৰ বিভাগীয় বিষয়াগণৰ কর্মতৎপৰতা উল্লেখনীয় হ’ব৷