নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ ব্রহ্মপুত্র উপত্যকা তথা ভাৰতবর্ষৰ প্রথম কৃষক বিদ্রোহ ‘ ‘ফুলগুৰি ধেৱা’ই দেওবাৰে সম্পূর্ণ কৰিলে ১৫৯ বছৰ৷ ১৮৬১ চনৰ আজিৰ দিনটোতেই ৰহাৰ সমীপৱর্তী ফুলগুৰিত ফুলগুৰি তথা দাঁতিকাষৰীয়া অঞ্চলৰ কৃষক ৰাইজে ব্রিটিছ পুলিচ বাহিনীৰ বিৰুদ্ধে ৰাইজ মেল পাতি ঘোষণা কৰিছিল বিদ্রোহ৷ বিৰোধিতা কৰিছিল কৃষকসকলে মূৰৰ ঘাম মাটিত পেলাই কৰা আফু খেতিৰ ওপৰত ব্রিটিছে আৰোপ কৰা অযুক্তিকৰ কৰৰ ৷ কিন্তু কৃষক মেলৰ খবৰ পাই সেই সময়ৰ নগাঁৱৰ ব্রিটিছ পুলিচৰ মুৰব্বী চিংগাৰ চাহাবে লগত এক বিশাল পুলিচ বাহিনী লৈ উপস্থিত হৈছিল ফুলগুৰিৰ ৰাইজ মেলত৷ উদ্দেশ্য আছিল সভাভংগ কৰি ৰাইজক ভীতি প্রদর্শন কৰি সভাস্থলী ত্যাগ কৰোৱা৷ কিন্তু চিংগাৰ চাহাবৰ ধমকিক ভয় নকৰি ৰাইজে সভাস্থলী ত্যাগ নকৰি চলাই গৈছিল সভাৰ কাম–কাজ৷ ইয়াতেই ক্ষুণ্ণ হৈ চিংগাৰ চাহাব আৰু চিপাহীবোৰে সভাত উপস্থিত থকা ৰাইজৰ ওপৰত আৰম্ভ কৰিছিল সামৰিক অত্যাচাৰ আৰম্ভ কৰি কৃষকৰ হাতৰ লাঠীবোৰ কাঢ়ি নিবলৈ চেষ্টা কৰিলে৷ সেই সময়খিনিলৈকে ঠিকে আছিল যদিও ইংৰাজ চিপাহীৰ উপদ্রৱ বাঢ়িব ধৰাত কৃষক ৰাইজৰ খঙৰ জ্বালামুখী যেন উদ্গীৰণ হ’ল৷ হাতে হাতে টাঙোন লৈ ইংৰাজ চাহাব আৰু চিপাহীৰ ওপৰত জঁপিয়াই পৰিলত আৰু টঙনিয়াই চিংগাৰ চাহাবক সিপুৰীলৈ পঠিয়ালে৷ কৃষকসকলৰ সেনাপতি লক্ষ্মণ সিংহ, বাহু ডোম, বনমালী কৈৱর্ত, চাংবৰ লালুং, হেবেৰা লালুং আদিয়ে বাঁহৰ লাখুটিৰে কোবাই তিনিটাকৈ চিপাহীক চোঁচৰাই কলং নৈত উটুৱাই দিছিল৷
আনহাতে ইয়াৰ প্রতিশোধকল্পে ব্রিটিছ আৰক্ষীয়ে চলোৱা নির্বিচাৰ গুলীবর্ষণত থিতাতে নিহত হৈছিল ৩৯জনকৈ লোক৷ সভাত গোট খোৱা বহু কৃষকৰ জীৱনলৈ ঘুণীয়া হৈছিল৷ তিনিজনক নগাঁও জে’লতে ফাঁচি দিয়া হ’ল৷ ছজনক কলিয়াপানীলৈ দেশান্তৰিত কৰিলে৷ পাছলৈ অতি চতুৰালিভাৱে বুধিয়ক ইংৰাজে ফুলগুৰিৰ কৃষক বিদ্রোহক ‘কানি খোৱা লোকৰ বিদ্রোহ বুলিহে প্রচাৰ কৰি অতি কঠোৰ হাতেৰে কৃষকসকলক দমন কৰিলে৷ কিন্তু এইখন কৃষক বিদ্রোহ চৰকাৰৰ দৃষ্টিত আজিও যেন উপেক্ষিত হৈ ৰ’ল৷ বিগত ২০০৩ চনতে কংগ্রেছ চৰকাৰে এখন স্মৃতি তোৰণ আৰু বৰআঁহত তলত এটা স্মৃতিসৌধ নির্মাণ কৰিলে যদিও আজিও সংৰক্ষিত নহ’ল ঐতিহাসিক ফুলগুৰি ধেৱাৰ ইতিহাস৷ অসমৰ ব্রহ্মপুত্র উপত্যকাৰ প্রথমখন কৃষক বিদ্রোহৰ শ্বহীদসকলক আজি যিধৰণে সোঁৱৰণ কৰিব লাগিছিল তেনে দেখা নগ’ল৷ মাথোঁ ফুলগুৰি ধেৱা স্মৃতিৰক্ষা সমিতিয়ে দিনজোৰা কার্যসূচীৰে স্মৃতি ৰোমন্থন কৰে৷ কার্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে ধেৱা স্মৃতিৰক্ষা সমিতিৰ সভাপতি প্রবীণ হাজৰিকাই৷বন্তি প্রজ্বলন কৰে কার্যকৰী সভাপতি নিত্যানন্দ নাথ চন্দনগিৰিয়ে৷ দিনৰ এঘাৰ বজাত ডাঃ দেৱ কুমাৰ বৰদলৈয়ে ফুলগুৰি ধেৱা শীর্ষক এক গীতো পৰিৱেশন কৰে৷ ইয়াৰ পাছতে অনুষ্ঠিত হয় ‘ফুলগুৰি ধেৱাক ৰাষ্ট্রীয় পর্যায়লৈ আগবঢ়াই নিয়াৰ লক্ষ্যৰে ভৱিষ্যতৰ পদক্ষেপ’’ শীর্ষক এক প্রতিনিধিমূলক আলোচনা সভা৷ ধেৱা স্মৃতিৰক্ষা সমিতিৰ সভাপতি প্রবীণ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি নগাঁও লোকসভাৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে ফুলগুৰি ধেৱাৰ ইতিহাস আৰু সমল সংগ্রহ কৰিবলৈ এক উচ্চস্তৰীয় গৱেষণা সমিতিৰ প্রয়োজন বুলি কয়৷ তেওঁ ভাষণত আক্ষেপেৰে কয় যে ভাৰতবর্ষৰ ভিতৰতে প্রথম কৃষক বিদ্রোহ হিচাপে ফুলগুৰি ধেৱাৰ স্থান আৰু মানচিত্র দেশৰ ভিতৰতে শীর্ষ স্থান লাভ কৰিব লাগিছিল যদিও বর্তমানেও ইয়াৰ প্রচাৰ আৰু প্রসাৰ অতি সীমিতভাৱে থাকিব লগা হোৱাতো দুর্ভাগ্যজনক৷
তদুপৰি এতিয়াৰ পৰা ধেৱাৰ স্মৃতি বিজড়িত সকলোবোৰ তথ্যৰ এক উচ্চ পর্যায়ৰ গৱেষণাৰ দ্বাৰা সকলোবোৰ সমল উদ্ধাৰ কৰিবলৈ এক সমিতি গঠনৰ পোষকতা কৰি সকলো প্রকাৰৰ সহায়–সহযোগিতা আগবঢ়াব বুলিও মন্তব্য কৰে৷ইয়াৰ লগতে বিশিষ্ট সাহিত্যিক শিৱানন্দ কাকতিয়েও ধেৱাৰ ইতিহাসসমূহ সংৰক্ষণ কৰাত পোষকতা কৰি ইংৰাজ বাহিনীয়ে বিদ্রোহৰ দমনৰ নামত কৰা অত্যাচাৰত মৃত্যুক সাবটি লোৱা লোকসকলক সৎকাৰ কৰা দক্ষিণ জাগিয়াল পঞ্চায়তৰ ‘মানুহ পোৰা বিল’ খনৰো সংৰক্ষণ কৰি পর্যটকস্থলী হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়৷ ইয়াৰ লগতে ‘আধুনিক বিজ্ঞানভিত্তিক কৃষিকর্মত কেনেকৈ আত্মনিয়োগ কৰিম’ শীর্ষক এক কৃষক কর্মশালাও অনুষ্ঠিত হয়৷ নগাঁও কৃষি বিজ্ঞান কেন্দ্রৰ প্রধান বিজ্ঞানী ড০ নিৰঞ্জন ডেকা আৰু ৰহাৰ সহকাৰী কৃষি অভিযন্তা (কাৰিকৰী) শৰত দত্তই উক্ত কর্মশালাত উপস্থিত থাকি কৃষিপথাৰ প্রস্তুত আৰু কৃষি বীজ চিনাক্ত কৰি কিদৰে কৃষি কৰিব পৰা যায় আৰু চৰকাৰীভাৱে কৃষকসকলে কি কি সা–সঁজুলি বা আঁচনি লাভ কৰিব পাৰে ইয়াৰ সন্দর্ভত ভাষণ দিয়ে৷ উক্ত কৃষক কর্মশালাত সূর্য বৰা, নাৰায়ণ বৰুৱা, খগেন বৰা, প্রমেশ মজুমদাৰ, প্রতাপ নাথ, দুলু বৰদলৈ, মণি ডেকাদলৈ, ধনেশ্বৰ শইকীয়া, যদু বৰদলৈ, বিজয় বৰুৱা আৰু পৱিত্র শইকীয়াসহ মুঠ এঘাৰজন কৃষকক সম্বর্ধনা–পত্র আৰু গামোচাৰে আদৰণি জনায়৷