নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সচিবালয়ৰ সন্মুখত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্রতিমূর্তি স্থাপনৰ প্রস্তাৱ

মঙলদৈত অনুসূচিত জাতি মর্চাৰ প্রথম কার্যনির্বাহক সভাৰ সামৰণি

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ  অসম আন্দোলনত তেজ দিম, তেল নিদিম বুলি আন্দোলন হৈছিল৷ দুলীয়াজানত কেইবাজনো শ্বহীদ হৈছিল৷ কিন্তু তেনে আৱেগ জড়িত পৰিস্থিতিৰ পাছতো কিন্তু ১৯৮৫ চনৰ নির্বাচনত দুলীয়াজানত অগপ জিকিব পৰা নাছিল৷ শুনিছো অসম জাতীয় পৰিষদৰ পৰা লুৰিণজ্যোতি গগৈয়ে ২০২১ চনত দুলীয়াজানৰ পৰা নির্বাচন খেলিব৷ কিন্তু জিকিব নোৱাৰিব৷ দেওবাৰে মঙলদৈত এই ভাষ্য দিলে কেন্দ্রীয় খাদ্য সংশোধন বিভাগৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীয়ে৷ মঙলদৈৰ সনাতন ধর্মসভা প্রাংগণত অনুষ্ঠিত অনুসূচিত জাতি মর্চাৰ প্রথমখন কার্যনির্বাহকত ভাগ লৈ আৱর্ত ভৱনত অনুষ্ঠিত সংবাদ মেলত মন্ত্রীগৰাকীয়ে এনে মন্তব্য কৰে৷ মন্ত্রী তেলীয়ে নির্বাচন সন্দর্ভত আৰু কয় যে অসমৰ বহু মানুহে ভাবি আছে যে উজনিত বিজেপিৰ বহু ক্ষতি হ’ব৷ কেইবাটাও ছীটত হাৰিব৷ কিন্তু সেয়া ভুল৷ চাহবাগিচা এলেকাত ৰাজ্যৰ বিজেপি চৰকাৰে বহুত কাম কৰিছে৷ শেহতীয়াকৈ আমি বিচাৰিছিলো এম ই স্কুল, পিছে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আমাক এক কোটি টকীয়া হাইস্কুল দিছে৷ গতিকে চাওক, আমি চাহ জনজাতিৰ মানুহে বিজেপিক নিবিচাৰিম নেকি? সংবাদ মেলত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, জিলা বিজেপিৰ সভাপতি অমৰেন্দ্র শর্মাও উপস্থিত থাকে৷ ইপিনে, মঙলদৈ সনাতন ধর্মসভা প্রাংগণত অনুষ্ঠিত অনুসূচিত জাতি মর্চাৰ কার্যনির্বাহকত অন্তিম দিনা কেইবাটাও গুৰুত্বপূর্ণ প্রস্তাৱ গ্রহণেৰে সামৰণি পৰে৷ সেই অনুসৰি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এক আবক্ষ মূর্তি অসম সচিবালয়ৰ সন্মুখত স্থাপনৰ বাবে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে সমর্থন কৰা প্রস্তাৱৰ উপৰি অনুসূচিত জাতিৰ উন্নয়নৰ বাবে বছৰি এশ কোটি টকা উন্নয়ন সমিতিক প্রদান কৰা অন্যতম৷ ইয়াত বাদেও ৩৯খন অনুসূচিত জাতি মর্চাৰ জিলাসমূহে জাতিটোৰ সর্বতো প্রকাৰ কল্যাণৰ বাবে চৰকাৰে অধিক আঁচনি আৰু সুবিধা প্রদান, ৰাজ্যিক সমিতিৰ প্রতিনিধি কেন্দ্রীয় অনুসূচিত জাতি কল্যাণ সমিতিলৈ বাছনি কৰা ইত্যাদি অন্যতম৷ মর্চাৰ সভাপতি নবাৰুণ মেধিয়ে দাবী কৰে যে অনুসূচিত জাতিৰ নাম লৈ যিয়ে ভুৱা প্রমাণ–পত্র দেখুৱাই সুবিধা লৈ আছে সেই সন্দর্ভত কঠোৰ শাস্তিমূলক ব্যৱস্থা চৰকাৰে গ্রহণ কৰা সমীচীন৷ মঙলদৈতে এনে কেইবাটাও জালিয়াতিৰ ঘটনা সংঘটিত হোৱাই নহয় দণ্ডাধীশ পর্যায়ৰ তদন্তও চলাই প্রতিবেদন দাখিল নকৰাৰ দৰে দুর্ভাগ্যজনক পৰিস্থিতি উদ্ভৱ হোৱাক লৈ দুখ প্রকাশ কৰে৷ অনুসূচিত জাতিৰ ভুৱা প্রমাণ–পত্র জাৰি প্রক্রিয়া কংগ্রেছৰ দিনৰে পৰা চলি আহিছে আৰু বিজেপিৰ কার্যকালত কিছু শাম কটা বুলি তেওঁ দাবী কৰে৷

You might also like