নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদী–শ্বাহৰে মুখ্যমন্ত্রীৰ বার্তালাপ, সহযোগিতাৰ আশ্বাস কেন্দ্রৰ

মোদী–শ্বাহৰে মুখ্যমন্ত্রীৰ বার্তালাপ, সহযোগিতাৰ আশ্বাস কেন্দ্রৰ

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ  কাছাৰ জিলাৰ অসম–মিজোৰাম সীমান্তত উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতি সন্দর্ভত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সোমবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীক টেলিফোনযোগে সবিশেষ অৱগত কৰে৷ মুখ্যমন্ত্রী সোণোৱালে  এই সম্পর্কত মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাৰ সৈতে কথা পতাৰ লগতে সীমান্তত উদ্ভৱ হোৱা আইন–শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা ব্যৱস্থাৱলীৰ বিষয়েও প্রধানমন্ত্রী মোদীক জনায়৷ বার্তালাপৰ সময়ত প্রধানমন্ত্রী মোদীয়ে দুয়োখন ৰাজ্যৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতি প্রশমনৰ বাবে কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা যথোচিত পদক্ষেপ লোৱা হ’ব বুলি মুখ্যমন্ত্রী সোণোৱালক আশ্বাস দিয়ে৷

উল্লেখ্য যে প্রধানমন্ত্রী মোদীলৈ টেলিফোন কৰাৰ পূর্বে  মুখ্যমন্ত্রী সোণোৱালে অসম–মিজোৰাম সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি সম্পর্কত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতেও টেলিফোনযোগে বার্তালাপ কৰি সবিশেষ অৱগত কৰে৷ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহেও দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত উদ্ভৱ হোৱা এনে পৰিস্থিতি প্রশমনৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে যাৱতীয় সহায়–সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্রী সোণোৱালক আশ্বাস দিয়ে৷ আনহাতে, মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগায়ো এক টুইটযোগে দুয়োখন ৰাজ্যৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতি প্রশমনৰ দিশত মুখ্যমন্ত্রী সোণোৱালে লোৱা ইতিবাচক পদক্ষেপক আদৰণি জনাইছে৷ মুখ্যমন্ত্রী সোণোৱালৰ এই ইতিবাচক দৃষ্টিভংগীয়ে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত থকা ভাতৃত্ববোধৰ এনাজৰী তথা সু–সম্পর্ক অধিক সুদৃঢ় কৰিব বুলি তেওঁ মত প্রকাশ কৰে৷
লাইলাপুৰত যুদ্ধসদৃশ পৰিৱেশঃ বাহৰ পাতিছে এ ডি জি পি মুকেশ আগৰৱালাই
কাছাৰ জিলাৰ অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰত সম্প্রতি যুদ্ধসদৃশ পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ কেউফালে থমথমীয়া পৰিৱেশ৷ দুয়োখন ৰাজ্যৰ নিৰাপত্তাৰক্ষীৰ ব্যাপক তৎপৰতাই লাইলাপুৰ এলেকাৰ সর্বত্র কার্যতঃ ৰুদ্ধশ্বাস পৰিৱেশ সৃষ্টি কৰিছে৷ ইতিমধ্যে উভয় ৰাজ্যৰ জিলা প্রশাসন পর্যায়ত আলোচনা অনুষ্ঠিত হৈছে যদিও লাইলাপুৰৰ সীমান্তত উত্তেজনা প্রশমিত হোৱা নাই৷ হাৱাইথাং বনাঞ্চলৰ টিকৰিসহ প্রায় চাৰি কিলোমিটাৰ অঞ্চল মিজোৰাম আই আৰ বেটেলিয়নসহ মিজো লোকৰ দখলত আছে৷ অঞ্চলটোত যোৱা ৪০ বছৰ ধৰি বসবাস কৰা দুটা পৰিয়ালৰ বাসগৃহ জ্বলাই দিয়ে মিজো দুষৃকতিকাৰীয়ে৷ শনিবাৰে নিশা মিজোৰ আগ্রাসনত ক্ষতিগ্রস্ত হৈছিল দহখন দোকান আৰু সাতটা ঘৰ৷ ক্ষতিগ্রস্ত হোৱা পৰিয়ালসমূহ হ’ল– কালামিয়া লস্কৰ (দোকান), জলি বেগম (গৃহ), মৰিয়ম নেছা (গৃহ–দোকান), আজাৰউদ্দিন (গৃহ–বাগান), ছুমাৰুন নেছা (গৃহ), মজিবুৰ ৰহমান (দোকান), আব্দুৰ হোছেন (চুপাৰি বাগান), ছইফুৰ ৰহমান (দোকান), নজৰুল ইছলাম (গৃহ), মতিবুৰ ৰহমান (চুপাৰি বাগান), ছফিকউদ্দিন (দোকান–বাগান), আব্দুল মান্নান (চুপাৰি বাগান), নজিৰউদ্দিন লস্কৰ (চুপাৰি বাগান), নিভাষ ৰায় (দোকান), আৰু মায়াৰাম নেছাৰ (দোকান)৷ জানিব পৰা মতে, আজি অসম আৰক্ষীৰ সীমান্ত শাখাৰ অতিৰিক্ত সঞ্চালকপ্রধান (এ ডি জি পি) মুকেশ আগৰৱালাই প্রশাসনিক বিষয়া লৈ ঘটনাস্থলী পৰিদর্শন কৰে৷ লাইলাপুৰত এ ডি জি পি মুকেশ আগৰৱালাই বাহৰ পাতি থকাৰ সময়তে অসম–মিজোৰাম সীমান্তৰ অটো ষ্টেণ্ডৰ ওচৰত মিজোৰামৰ কলাছি জিলা প্রশাসনৰ বিষয়া আৰু আৰক্ষী অধীক্ষকৰ সৈতে কাছাৰৰ আৰক্ষী অধীক্ষক বি এল মীনাৰ বৈঠক অনুষ্ঠিত হয় যদিও সমস্যাৰ সমাধান সূত্র ওলোৱা নাই৷ ইফালে, শিলচৰ–আইজল ১৫৪নং ৰাষ্ট্রীয় ঘাইপথত চলাচল কৰা নাই কোনো যান–বাহন৷

You might also like